অষ্ট্ৰেলিয়াৰ মেলবʼৰ্ণত ডেল্টা সংক্ৰমণৰ বাবে লকডাউন বৃদ্ধি

pc- The Times of India

অষ্ট্ৰেলিয়াৰ মেলবʼৰ্ণত ডেল্টা সংক্ৰমণৰ বাবে লকডাউন বৃদ্ধি

অনলাইন বাৰ্ত্তাসেৱা- অষ্ট্ৰেলিয়াৰ মেলবʼৰ্ণত কৰʼনাৰ ডেল্টা প্ৰকৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাত ষষ্ঠবাৰৰ বাবে লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে। মেলবʼৰ্ণ আৰু ভিক্টোৰিয়াত চাৰি সপ্তাহলৈ লকডাউন বলৱৎ থাকিব। ৯২জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হোৱাৰ পাছতে লকডাউনৰ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়াৰ ছিডনীত ১,২১৮ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হয়। ছিডনীত জুন মাহৰ মাজভাগৰ পৰা কৰʼনাৰ ডেল্টা প্ৰকৰণত ১৯ হেজাৰলোক সংক্ৰমিত হৈছে। নিউ ছাউথ ৱাসছৰ ৭০ শতাংশ প্ৰাপ্তবয়স্ক লোকক কৰʼনা প্ৰতিষেধক প্ৰদানৰ আঁচনি গ্ৰহণ কৰিছে। অষ্ট্ৰেলিয়াত কৰʼনা সংক্ৰমণৰ ফলত ৫১ হেজাৰৰো অধিক লোক সংক্ৰমিত হৈছে।

 

(RT)