উকীল সন্থাৰ ‘সজাগ’ উন্মোচন

উকীল সন্থাৰ ‘সজাগ’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- উকীল সন্থা,গুৱাহাটী সন্থাৰ বাৰ্ষিক আলোচনী ‘সজাগ’ সন্থাৰ সভাগৃহত উন্মোচন কৰা হয়৷সন্থাৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ কলিতাই আঁত ধৰা সভাত সঞ্চালনা কৰে সভাপতি বিৰাজ কুমাৰ চৌধুৰীয়ে৷সভাত অধিবক্তা সৈতেন্দ্ৰ প্ৰসাদ ডেকা,শৈলেন্দ্ৰ দাস,পুলিন গোস্বামী,বলো হাজৰিকা,পজিৰুদ্দিন আহমেদ,গিৰীন্দ্ৰ কুমাৰ ঠাকুৰীয়া,দীপক কুমাৰ দাস আদি কেইবাজনো জ্যেষ্ঠ সদস্য,অধিবক্তা উপস্হিত থাকে৷উল্লেখ্য,আলোচনী সম্পাদক ড° নীলোৎপল ডেকাৰ সম্পাদনাত প্ৰকাশ হোৱা ’সজাগ’ৰ দশম সংস্কৰণে সন্থাৰ সদস্য সকলৰ গঠনমূলক লিখনিয়ে সন্থাৰ সদস্যসকলৰ প্ৰতিভাৰ বৰ্হিপ্ৰকাশ কৰি সন্হাৰ মান মৰ্যদা বৃদ্ধি কৰে৷