“ইয়াতে পিক পেলালে জিভা কটা হব”- পিংকু ডেকা

Pc- Pratidin times
“ইয়াতে পিক পেলালে জিভা কটা হব”
আমি হয়তো সকলোৱে জানো যে দিছ্পুৰ জনতা ভৱন আৰু ডাউন টাউন সংযোগী নতুন উৰণীয়া সেতু খন জনসাধাৰণৰ বাবে  অতি শীঘ্ৰে মুকলি কৰি দিয়া হব। যিহেতু উৰণীয়া সেতু খনৰ নিৰ্মাণৰ সকলো কাম ইতিমধ্যে শেষ হৈছে। অন্যহাতে সেতু খনৰ দুয়োকাষে থকা বেৰত চিত্ৰ শিল্পী সকলৰ হাতত অসম তথা অন্যান্য ৰাজ্যসমূহৰ নানা তৰহৰ ধুনীয়া ধুনীয়া কলা সংস্কৃতিৰ বিভিন্ন ছবিয়ে প্ৰাণ পাই উঠিছে। আকৌ সেতু খনৰ বিভিন্ন স্থানত দুয়ো কাষৰ বেৰতেই সোণালী অসমৰ বাৰে ৰহনীয়া কলা সংস্কৃতি তথা অসমৰ বিভিন্ন জাতি উপজাতিৰ বিভিন্ন ভাষা ধৰ্মালম্বী লোকৰ থলুৱা কলা সংস্কৃতি তথা পুৰণি অসমৰ ৰজা দিনীয়া চিত্ৰ সমূহ ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে। মুঠতে এই উৰণীয়া সেতু খনত থকা চিত্ৰ সমূহে অসম খনক পূৰ্ণ প্ৰতিফলন ঘটাবলৈ নিশ্চিতভাবে সক্ষম হৈছে বুলি কলেও হয়তো বঢ়াই কোৱা নহব। আকৌ এই উৰণীয়া সেতু খনে নিশ্চিত ভাবে গুৱাহাটীৰ যান-যতৰ কিছু সমস্যা ৰোধ কৰিবলৈ সক্ষম হব।  অন্যহাতে ইয়াৰ বাহিৰেও গুৱাহাটীৰেই আৰু বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈ আছে বা কোনো কোনো ঠাইত  এনে ধৰণৰ সেতু জনসাধৰণৰ বাবে ইতিমধ্যে মুকলি কৰি দিছে। আশা কৰা হৈছে এই উৰণীয়া সেতু সমূহে  অনাগত সময়ত গুৱাহাটীৰ যান যঁতৰ কিছু সমস্যা বাৰুকৈ ৰোধ কৰিবলৈ সক্ষম হব। ইমানলৈ সকলোবোৰ ঠিকেই আছে কিন্তু কথা হল  উৰণীয়া সেতু কেইখনত এতিয়া অন্য এখন ডাঙৰ ফলকৰ প্ৰয়োজন হব নেকি যত ডাঙৰ ডাঙৰ কৈ লিখা থাকিব লাগিব যে “ইয়াত পিক পেলালে জিভা কটা হব”। কিয়নো যিমান আটক ধুনীয়া ৰূপতেই সজাই নোতোলক কিয় গুৱাহাটী মহানগৰীত নিৰ্মাণ কৰা উৰণীয়া সেতুত মানুহে পিক পেলাই জৰা জীৰ্ণ কৰি তোলাতো খাটাং। আমি ইমানেই আধুনিকতা আৰু ডিজিটেলিঙ হৈ গৈ আছো যে আমি হয়তো এতিয়াও অসমৰ  ৰাজহুৱা সম্পদক আমাৰ নিজৰ সম্পদ বুলি ভাবি লব পৰা সাধাৰণ মানসিকতা খিনি আমাৰ মনত আজিও গঢ়ি তুলিব পৰা নাই। আমাৰ ঘৰৰ চৌহদত থকা ফুলনী খন যতনাই ৰাখিবলৈ নতুবা ঘৰৰ চৌহদটো  পৰিষ্কাৰ পৰিচন্ন কৰি ৰাখিব লাগে বুলি আমাক হয়তো কোৱাৰ প্ৰয়োজনীয়তা নাই অকল ৰাজহুৱা  ৰাস্তা ঘাট সমূহ পৰিষ্কাৰ পৰিচন্নতা কৰি ৰখাৰ ক্ষেত্ৰতহে আমাক সজাগতাৰ দৰকাৰ। ৰাজহুৱা ৰাস্তা ঘাট সমূহ পৰিষ্কাৰ পৰিচন্ন কৰি ৰখাৰ দায়িত্ব আমাৰ  হয়তো সকলোৰে থাকে। এই ৰাজহুৱা ৰাস্তা ঘাটসমূহ চাফ চিকুনতা  বৰ্তাই ৰখাৰ ক্ষেতত অতি কমেও আমি সকলোৱে এটা পন লোৱা উচিত যে “ৰাজহুৱা এই ৰাস্তা ঘাট সমূহ আমি নিজে চাফা কৰিব নোৱাৰিলে আমি লেতেৰাও নকৰো” ।  ইয়াৰ ওপৰিও আমি জানো যে গুৱাহাটীত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দেশী বিদেশী লোকৰ আগমন হয়। তেনেক্ষেত্ৰত যদি আমি নিজেই যি সকলে সদায় উৰণীয়া সেতুৰে অহা যোৱা কৰি  সেতুৰ যিকোনো স্থানত পিক পেলাই অৱস্থা নাইকিয়া কৰি জৰা জীৰ্ণ কৰি থওঁ নতুবা সেতুৰ দুয়োকাষত আঁকি থোৱা সেই চিত্ৰ সমূহত পিক পেলাই নষ্ট কৰি পেলাওঁ তেনেহলে সেই উৰণীয়া সেতুৰে অহা-যোৱা দেশী বিদেশী লোক সকলৰ আগত আমি নিজকে অসমৰ প্ৰকৃত অসমীয়া বুলি চিনাকি দিব পাৰিম নে? সেই সকল দেশী বিদেশী ব্যক্তিৰ মনত এই সকলোবোৰ দেখি আমাৰ অসমৰ সভ্যতা সংস্কৃতিৰ ওপৰত কি ধাৰণাৰ জন্ম হব? এই সকলোবোৰ এবাৰ ভাবি চোৱাৰ প্ৰয়োজনীতা হয়তো আমাৰ  সকলোৰে আছে। গতিকে আমি সকলোৱে এই ৰাজহুৱা সম্পদ সমূহক অকল চৰকাৰী সম্পদ বুলি নাভাবি আমাৰ নিজৰ ঘৰৰেই একো একোটা সম্পদ বুলি ভাবি লোৱাৰ প্ৰয়োজনীয়তা আছে। গতিকে শেষত আকৌ আশা  ৰাখিম এনেকুৱা এখন ফলকৰ হয়তো আমাৰ বাবে প্ৰয়োজন নাথাকিব যত লিখা থাকিব “ইয়াতে পিক পেলালে জিভা কটা হব।” আমাৰ সম্পদ পৰাপক্ষত আমিয়েই সদায় চাফ চিকুণ কৰি ৰাখিব লাগিব।
পিংকু ডেকা
8724905528