ইটা ভাতী- জুৰি শইকীয়া

P.c- Max Pixel

ইটা ভাতী

জুৰি শইকীয়া

কচুবিল গাঁৱলৈ এটা ভাল খবৰ আহিছে । গাঁওবাসীৰ মাজলৈ যেন উচ্ছ্বাসৰ ঢল নামিল । আগতে কেতিয়াও নোহোৱা নোপোজা কথা এইটো। ভাল কিবা এটা হ’ব গাঁওখনত । চনাই বনাই ঘূৰি ফুৰা ল’ৰাজাকৰ গতি এটা লাগিব । তাতকৈ সুখৰ খবৰ একো হ’বই নোৱাৰে গাঁৱৰ মানুহৰ বাবে ।

গাঁৱৰ ৰাস্তা পদূলি বনোৱা, সকলো চৰকাৰী ঘৰৰ ঠিকা লোৱা বিৰাজ হাজৰিকা গাঁওখনৰ সকলোৰে চিনাকি নাম । খেতিৰ জহাচাউল, বাৰীৰ প্ৰথম লাও কোমোৰাটো বিৰাজ হাজৰিকালৈ বুলি ৰাখিয়েই থয় গাঁৱৰ মানুহে । তেওঁ অৱশ্যে কাকো বিমুখ নকৰে যেয়ে যেনেকৈ বিচাৰে তেনেকৈয়ে চৰকাৰী ঘৰবোৰ বাজেটৰ ভিতৰত আটোমটোকাৰীকৈয়ে সাজি উলিয়াই দিয়ে । দৰকাৰ হ’লে পঞ্চায়তৰ সভাপতি কাউন্সিলাৰক কৈ হ’লেও চৰকাৰী ঘৰ পাবলগীয়াবোৰক ঘৰ এটা দিবলৈ বিৰাজ হাজৰিকাই খাটনিও ধৰে । একেজন ঠিকাদাৰেই যোৱা দহবছৰে কচুবিল গাঁওখনৰ ঠিকা কামবোৰ কৰি আহিছে । লগতে গাঁৱৰ মাইকী মতা ল’ৰা সকলোৱে বিৰাজ হাজৰিকাৰ লগত কাম কৰিবলৈ সুবিধাও পাইছে ।

: ঐ কদম মই হ’লে ঠিকাদাৰৰ মতি-গতি ভাল দেখা নাই দেই ।

: ৰতন তইনো কি বেয়া দেখিলি ল’ৰাটোক ? তোৰ মনৰ পৰা মানুহৰ প্ৰতি থকা সন্দেহৰ ভাৱটো নগ’ল আৰু ন ? তোৰ তেজতে এই কীটটো আছে যেন লাগে ঔ।

: কদম, তই আওপকীয়াকৈ হ’লেও মোৰ বংশত ধৰিছ । কথা ভাল নহ’ব কিন্তু কৈ দিছোঁ ।

কদমৰ খঙ মূৰৰ ওপৰত উঠা যেন দেখি ৰতনে নিজকে অলপ সংযত কৰিলে । ৰতনে কোৱা কথাখিনি সঁচাও হ’ব পাৰে । যদি সঁচা হয় কথাটো বৰ ভাল নহ’ব । কথাটোৱে গাওঁখনত কালিমা সানিব । ৰজনীকান্ত শৰ্মাৰ নাম গোটেই গাঁৱতে ৰৈ বৈ যোৱা । গাঁওখনৰ প্ৰথম এল পি স্কুলখনৰ প্ৰতিস্থাপক তেখেত । অকল সেয়াই নহয় অৱসৰ লোৱাৰ পিছত গাঁৱৰ পূজা পাতলৰ কামবোৰ তেখেতেই কৰি আহিছে । তেখেতক গাঁৱৰ সকলোৱে মানে, যথাযোগ্য সন্মান দিয়ে । সেইজন শৰ্মা মাষ্টৰৰ জীয়েকৰ যদি পিছপৰা শ্ৰেণীৰ বিৰাজৰ লগত লেটিপেটি আছে তেন্তে কথা বিষমেই হ’ব । মাষ্টৰৰ নাক কাণ কটা যাব । আলেঙে আলেঙে খবৰটো ৰাখিব লাগিব ।

কিন্তু কদমে খাটাংকৈ খবৰটো ল’বলৈ নৌপাওঁতেই ৰূপালী এদিন কলেজৰ পৰাই নোহোৱা হ’ল । সদায় অহাৰ সময়তকৈ পলম হোৱাত ৰজনীকান্ত শৰ্মাৰ ঘৰত হুৱাদুৱা লাগিল । মাষ্টৰৰ ঘৰৰ মানুহে গম পোৱাৰ আগতে গোটেই গাঁৱতে ৰূপালী বিৰাজলৈ পলাই যোৱাৰ খবৰে ৰজনজনাই গ’ল । খবৰ বিলোৱাত ৰতনেই বহুতখিনি আগভাগ ল’লে । শৰ্মা মাষ্টৰ গাঁৱৰ পৰা এঘৰীয়া হ’ল । গাঁৱৰ দুই এজনে কেতিয়াবা তেওঁলোকৰ খবৰ বাতৰি ল’বলৈ ঘৰলৈ গ’লেও লুকাই চুৰকৈহে গৈছিল । দূৰ দূৰণিৰ পৰা পুৰোহিত মাতি গাঁৱৰ মানুহে কাম-সকাম বিয়া-পূজা পতা হ’ল । একমাত্ৰ কন্যাই দিয়া পাৰাপাৰহীন দুখে শৰ্মা শৰ্মানীক বেছি দিন জীয়াই থাকিবলৈ নিদিলে । বুকু ডাঠ দুই এজনে তেওঁলোকৰ মৰা কাম-কাজখিনি যথাসাধ্যে পাতি মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰিলে । শৰ্মা মাষ্টৰৰ ঘৰখন উকা হৈ পৰিল । শৰ্মা শৰ্মানী জীয়াই থাকোঁতে এদিনো ঘৰ সোমাবলৈ নিদিয়া বিৰাজ আৰু ৰূপালী লাহে লাহে ঘৰখনলৈ আহিবলৈ ধৰিলে । প্ৰথমে গাঁৱৰ মানুহে দুই এটা কটু বাক্য সিহঁতে শুনাকৈয়ে কৈছিল যদিও লাহে লাহে পিছলৈ ক’বলৈ বাদ দিলে । শৰ্মাৰ ঘৰখন যে থানথিত লগাইছেহি সেয়াই বহুত বুলি ভাবিলে গাঁৱৰ মানুহে । তাতে বিৰাজ হাজৰিকাই কৰা উপকাৰবোৰো গাঁৱৰ মানুহে পাহৰিব নোৱাৰে । বিৰাজ হাজৰিকা নোহোৱা হোৱাত নতুনকৈ অহা ঠিকাদাৰ জনে বহুত ঘৰ আধা সজাকৈয়ে ৰাখিলে নানানটা অজুহাত দেখুৱাই । কচুবিল গাঁৱকে ধৰি সাতটা চুবুৰীৰ মানুহে চাপৰিলৈ অহা-যোৱা মথাউৰিটোও প্ৰথম বছৰৰ বানপানীতে খণ্ড খণ্ডকৈ উটি গ’ল । গাঁৱৰ মানুহে নতুন ঠিকাদাৰক হাই হাই দি খেদিলে । মিডিয়াৰ মানুহ গোট খালে, পেপাৰত খবৰ ছপালে । তদন্ত হ’ব বুলি গাওঁবাসীক আশ্বাস দিলে যদিও কি হ’লগৈ কথাটো কোনেও গম নাপালে ।

বিৰাজ হাজৰিকা পুনৰ গাওঁখনলৈ আহিবলৈ লোৱাত গাঁৱৰ বহুত মানুহে পেটে পেটে ভালেই পালে । মুখীয়ালকেইজনৰ চকুত নপৰাকৈ মনে মনে মাত এষাৰ লগাবলৈ চুচুক-চামাককৈ বিৰাজ হাজৰিকাৰ কাষ চাপিছিল গাঁৱৰ দুই এজন । সময় গ’ল লাহে লাহে মুখীয়ালসকলেও গাঁৱৰ মানুহৰ স্বাৰ্থত আগৰ কথাবোৰ পাহৰি বিৰাজ হাজৰিকায়েই তেওঁলোকৰ গাঁৱৰ-ৰাস্তা পদূলি আদিৰ কামবোৰ কৰি যোৱাটো বিচাৰিলে । বিৰাজ হাজৰিকা পুনৰ গাওঁবাসীৰ আপোন হৈ গ’ল । তেওঁলোকৰ বাবে ঠিকাদাৰৰ সলনি বিৰাজ হাজৰিকাৰ নাম “জোঁৱাই” হৈ পৰিল । ৰূপালীয়ে দেউতাকৰ স্কুলখনো চোৱা চিতা কৰিবলৈ ল’লে । স্কুললৈ যাবলৈ মন নকৰা গাঁৱৰ ল’ৰা-ছোৱালীবোৰক ঘৰৰ পৰা মাতি মাতি উলিয়াই নিলে ৰূপালীয়ে । দুই একৰ মনত তেতিয়াও সংকীৰ্ণতা থাকিলেও বেমেজালি হোৱা গাওঁখন বিৰাজ হাজৰিকা আৰু ৰূপালীৰ সহযোগত পুনৰ চিজিল হ’বলৈ ধৰিলে ।

: ঐ কদম গাঁৱৰ খবৰ এটা পাইছনে নাই ?

: ৰতন, নামঘৰত থাকোঁতে তোৰ এই তলখুচৰীয়া কথাবোৰ বাদ দে । ভগৱানে দোষ ধৰিব । ভগৱানলৈকে অলপ ভয় কৰিবিচোন তোৰ মংগল হ’ব।

ৰতন চাৎকৈ কদমৰ ওচৰৰ পৰা উঠি আঁতৰি গৈছিল তাৰ কথা শুনা মানুহখিনিৰ ওচৰলৈ । কদমে লক্ষ্য কৰিছিল ৰতনৰ গ্ৰুপটোত গুৰুতৰ কিবা এটা আলোচনা হৈ আছে । নাম-পাঠলৈ বিশেষ মন নিদিয়াকৈ তেওঁলোক কথাত মচগুল হৈ পৰিছিল । পাঠেকীজনে মাজতে এবাৰ তেওঁলোকক মনে মনে থাকিবলৈ সকিয়াইও দিছিল । নাই, তেওঁলোকৰ পাঠেকীৰ কথালৈ কাণষাৰ নাই । নাম ভাগিল, প্ৰসাদ খাই সকলো ঘৰাঘৰি গ’ল যদিও ৰতনে ইঘৰ সিঘৰকৈ সোমাই কথাবোৰ আলোচনা কৰি কৰি ঘৰ সোমাওতে সন্ধিয়া লাগি ভাগিল । মদনে পথাৰৰ পৰা গৰু লৈ ঘূৰি আহোঁতে পুনৰ ৰতনৰ লগত ভেটাভেটি হ’ল ।

: ৰতন, তেতিয়া কিবা এটা ক’ব খুজিছিলি যে । কি হৈছে কচোন এতিয়া ।

: নালাগে দে তই মোৰ কথা শুনিবলৈ । তই বৰভকত মানুহ ভকত হৈয়েই থাক ।

: ৰতন, ভকতক ধৰিলি যে ? সীমা চেৰাই নাজাবি দেই তই ।

: মুঠতে জানি থ গাঁৱলৈ ভাল দিন আহিছে ।

: গাঁৱলৈ ভাল দিন আহিছে ! তেন্তে খবৰ ভালেই দেখোন কচোন ক কি হৈছে ।

: পিছে পৰে নিজেই জানিবি যা । তোক মই নকওঁ ।

কদমৰ গোটেই ৰাতি টোপনি নাহিল । কেৰাচিন তেলৰ চাকিটোৰ তলত পানী দি ওপৰত বটলত থকা শেষ তেলকণ চুছি মাজি দি দিলে । শলিতাডাল বাৰে বাৰে বঢ়াই থাকিল যদিও এসময়ত শলিতাডাল শেষ হৈ গোটেই ঘৰটোত পোৰা পোৰা গোন্ধ ওলোৱাত নৱমীয়ে সিফালৰ পৰা মাত লগালে “আপুনি গোটেই ৰাতিটো ইকাটি সিকাটি কৰিয়েই কটালে হ’ব পায় । আপোনাৰ খচমচনিয়ে মোৰো টোপনি খতি কৰিলে । কি হৈছেনো আপোনাৰ ? গা-চা বেয়া নেকি ?”

: তয়ো সাৰে আছ হ’বলা । এইফালে আহচোন কথা এটা শোধোঁ ।

মাজ ৰাতিখন মানুহটোৰ আজি কি হৈছে বুলি খপজপকৈ উঠি আহিল নৱমী । ঘোপ মৰা আন্ধাৰত খেপিয়াই খেপিয়াই কাষৰ কোঠালিটোলৈ আহি কদমৰ বুকুতে হামখুৰি খাই পৰিল নৱমী । তাতে ৰাতিবোৰ বৰ চঞ্চল । কদমে বহুত দিনৰ পাছত নৱমীক এনেদৰে কাষতে পাই মনটো খন্তেকৰ বাবে ৰোমাঞ্চিত উঠিছিল যদিও নিজকে সম্বৰি ল’লে ।

: দুখ পালে নেকি ? বৰ আন্ধাৰ নহয় মনিবকে নোৱাৰিলোঁ ।

ন কইনাৰ দৰে লাজ এটাই হেঁচা মাৰি ধৰিলে নৱমীক । পলি পাহিয়ে সাৰ পালে নেকি বুলি চিন্তাও লাগিছিল তাইৰ । লৰালৰিকৈ কদমৰ ওচৰৰ পৰা কেতিয়া যাব পাৰি সেইটোহে ভাবিলে নৱমীয়ে ।

: কি ক’বলৈ মাতিছিল কওক সোনকালে ।

: অ’ ৰহ পাহৰিয়েই গৈছিলোঁ তোক কাষতে পাই ।

: কিনো লাজ লগা কথাবোৰ কয় অ’ । সৰু সৰুকৈ কওক ছোৱালী দুজনীয়ে সাৰ পাব ।

: গাঁৱৰ কিবা খবৰ জান নেকি নৱমী । আজি ৰতনে ক’লে গাঁৱৰ বোলে কিবা এটা ভাল খবৰ আছে। গাঁৱলৈ বোলে ভাল দিন আহিব । তই কিবা খবৰ পাৱনে ?

: গোটেই গাঁৱে জানে আপুনিহে খবৰ নাপায় নে । আপুনি গম পাই বুলিহে ভাবিছিলোঁ ।

: তয়ো জান তাৰমানে ? মোৰ বাদে গাঁৱৰ সকলোৱে জানে। মইহে একো গম নাপাওঁ । কি হৈছে ক সোনকালে ।

: গাঁৱত এটা ইটা ভাতী হ’ব ।

: ইটা ভাতী ?

: অ’ বিৰাজ হাজৰিকাই শৰ্মা মাষ্টৰৰ খেতি মাটিখিনিত ইটা ভাতী খুলিব । এই সপ্তাহতে কাম আৰম্ভ কৰিব বুলিয়েই শুনিছোঁ ।

: কথাটো বৰ ভাল নহ’ব নৱমী ।

: গাঁৱৰ সকলোৱে ভাল পাইছে । আপুনি কিয় বেয়া হ’ব বুলি ভাবিছে বুজিব পৰা নাই ।

: বাৰু পুৱা চিন্তা কৰিম এইবোৰ কথা । তয়ো অকণমান শুই লগৈ যা ৰাতি পুৱাবৰে হ’ব ।

নৱমী অকণমান শুলে যদিও কদমৰ তিলমাত্ৰও টোপনি নাহিল । ইটা ভাতীটো গাঁৱতে হ’ব এইটো গাঁওবাসীৰ বাবে ভাল কথা নহয় । এটা এটাকৈ ইটা ভাতীবোৰ গঢ় লৈ উঠাৰ পিছত মানশিৰি গাঁৱৰ মানুহৰ কি দূৰৱস্থা হৈছে সেয়া সি নিজ চকুৰে দেখি আহিছে । পোহৰ হওকচোন কিবা এটা কৰিব লাগিব বুলি কদমে চকুহাল জপাই দিলে জোৰকৈ ।

ৰাতিপুৱা গৰু গাইবোৰ এৰাল দি আজৰি হৈ গাঁৱৰ মুখীয়ালৰ লগত কথাটো আলোচনা কৰোঁ বুলি ওলাই যাবলৈ ধৰোঁতেই মুখীয়াল সহিতে গাঁৱৰ কেইবাজনো মানুহ কদমৰ ঘৰলৈ সোমাই আহিল । কদমে কিবা ক’বলৈ পোৱাৰ আগতেই তেওঁলোকে ক’লে “কদম ইয়াতে চহী এটা কৰ।”

: চহী ! মোৰ চহী আকৌ কিয় লাগে ?

: গাঁৱত যে এটা ইটা ভাতী হ’ব গম নাপাৱ নেকি তই ? প্ৰায় সকলোৱে চহী কৰিলেই । তয়ো চহীটো কৰি দে ইয়াতে ।

গাঁৱৰ সকলোৱে চহী কৰিলে বুলি শুনি কদম কথাখিনি ক’বলৈ লৈ অকণমান দোধোৰমোধোৰত পৰিল । তথাপিও গাঁওখনৰ ভালৰ বাবে ক’বই লাগিব বুলি ভাবিলে । “গাঁওবুঢ়া ককাই আমাৰ গাঁৱত যে ইটা ভাতা এটা হ’ব এইটো গাঁৱৰ বাবে ভাল খবৰ নহয় । মই মানশিৰি গাঁৱৰ মানুহৰ জীৱন আৰু জীৱিকাৰ বিভীষিকা নিজ চকুৰে দেখি আহিছোঁ । গোটেই গাঁৱতে খেতি বাতি নোহোৱা হ’ল, আম-কঁঠাল, তামোল-নাৰিকলবোৰ গছত নলগা হ’ল । মানুহবোৰৰ চলিবলৈ বহুত কষ্ট হৈছে । শস্যে মৎস্যে নদন-বদন গাঁওখনৰ চাৰিওফালে হা-হুতাহ হুমুনিয়াহ এতিয়া । আমাৰ গাঁৱত ইটা ভাতী হ’বলৈ নিদিয়াই ভাল হ’ব । আপোনালোকে কথাটো এবাৰ চিন্তা কৰক ।”

কদমৰ কথাত কোনেও গুৰুত্ব নিদিলে । ৰতনৰ লগতে দুজনমানে দুআষাৰ মান ভালকৈ শুনাই থৈহে গ’ল কদমক । কদমে অকলে সকলোৰে বিপৰীতে গৈ কাগজখনত চহী নকৰা কথাটোত নৱমীও ক্ষুণ্ণ হ’ল । কিন্তু কদম নাছোৰবোন্দা । গাঁৱৰ বেয়া হোৱা কামটো সি কৰিব নোৱাৰে । অৱশ্যে তাৰ নিচিনা এটাই চহী নকৰিলে গাঁৱত ইটা ভাতী নহ’ব নে ? গাঁৱত ইটা ভাতী হ’ল । ল’ৰাবোৰে স্কুললৈ যাবলৈ বাদ দি হ’লেও দুপইচা অৰ্জনৰ আশাত ইটা ভাতীত কাম কৰিবলৈ লাগিল । চকু চৰহা বুলি কদমলৈ চাই ৰতনে কুটিল হাঁহি মাৰিলে নামঘৰৰ সকলোৰে আগত । বিৰাজ হাজৰিকাক লৈ সকলো ব্যস্ত হৈ পৰে নামঘৰত । কদম গাঁৱৰ সকলো কাম কাজৰ পৰা একাষৰীয়া হৈ গ’ল । লাহে লাহে সি নামঘৰলৈ যাবলৈ এৰি দিলে । গাঁৱৰ মানুহৰ সংগৰ পৰা আতঁৰি থাকিবলৈ ল’লে । আনকি নৱমী আৰু ছোৱালী দুজনীৰ লগতো কথা-বতৰা কমকৈ পতা হ’ল । তথাপিও পলি-পাহিক পঢ়ি শুনি ভাল হ’বলৈ সদায়ে কৈছিল । গাঁৱৰ মানুহে কদমৰ স্মৃতি শক্তি লোপ পালে, মানসিক বিকৃতি ঘটিছে আদিবোৰ বাক্যৰে ৰচনা ৰচিবলৈ ল’লে । কিন্তু কোনেও তাৰ মনোবেদনা বুজিবলৈ চেষ্টা নকৰিলে । গাঁৱতে থাকিও কদম গাঁৱৰ পৰা একেবাৰে বিছিন্ন হৈ পৰিল ।

বছৰৰ পিছত বছৰ বাগৰিল । এটা পিছত এটাকৈ কেইবাটাও ইটা ভাতী গঢ় লৈ উঠিল কচুবিল গাঁৱত । লাহে লাহে কচুবিল গাঁৱত ইটা ভাতাই পাৰ্শ্বক্ৰিয়া আৰম্ভ কৰিলে । পকা ধানে জাতিষ্কাৰ হৈ থকা আঘোণৰ পথাৰখনৰ বিৱৰ্ণ অৱস্থা চাই খেতিয়কে চকুৰ পানী টুকিবলৈ ল’লে । ফল-মূলে উভৈনদী বাৰীবোৰ উকা হৈ পৰিল । জন-জীৱনলৈ ভাবিব নোৱাৰা ধৰণে বিপৰ্যয় নামি আহিল । গাওঁবুঢ়াজনৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ হোৱা মৃত্যুৰ আচল গুৰিতো ইটা ভাতীৰ পৰা হোৱা প্ৰদূষণ বুলিয়েই ডাক্তৰে ক’লে । অকল সেয়াই নহয় কদমে কোৱা এটা এটা কথা ফলিয়ালে গাঁৱত। গাঁৱৰ কণ কণ ল’ৰাবোৰে স্কুলৰ মুখ নেদেখাকৈ ডেকা হৈ গ’ল । পঢ়া শুনাৰ পৰিবেশ সমূলি নাই, নাই ভঁৰালত ধান-মাহ-সৰিয়হ । বহুত খেতিয়কৰ মাটিতে ইটা ভাতা গঢ় লৈ উঠিল । মানুহে উশাহ-নিশাহ লোৱাত কষ্ট পায় । চৌদিশে কেৱল হাহাকাৰ । গাঁওখন যেন উছন হৈ যাব ।

উসঃ ৰতনৰো প্ৰাণ বায়ু এতিয়াই যেন ওলাই যাব । কোনেও তেতিয়া কদমৰ কথা নুশুনিলে । বেচেৰাই অকলে এখন গাঁৱৰ বিৰুদ্ধে যুঁজিব নোৱাৰি হাৰ মানি নিজকে মানুহৰ পৰা আঁতৰাই ৰাখিবলৈ ল’লে । নাই, এনেকৈ নহ’ব । আকৌ গাঁৱৰ মানুহ একগোট হ’ব লাগিব । এইবাৰ সকলো কদমৰ পক্ষত থিয় দিব । ৰতনে গাঁৱৰ পঢ়া শুনা কৰা ল’ৰা বিমানৰ হতুৱাই দৰ্খাস্ত এখন লেখালে । সেইখনত প্ৰথম চহীটো কৰাবলৈ সি কদমৰ ওচৰলৈকে কোবাকোবিকৈ আহিল । ৰতনৰ পিছে পিছে বিমানো আহিল । এজন দুজনকৈ গাঁৱৰ প্ৰায়খিনি মানুহ গোট খাই কদমৰ চোতাল ভৰি পৰিল । ৰতনে কদমলৈ কাগজখন আগবঢ়াই দিলে । কদমে কাগজখন পঢ়িয়ে গাঁওখনৰ ভালৰ বাবে লগে-লগে চহীটো কৰি দিলে । নৱমীকো কদমে চিঞৰি ক’লে “নৱমী তয়ো কৰ চহী, কৰ ইয়াতে । সিবাৰ চহী কৰিবলৈ নাপাই দুদিন মোক মতাই নাছিলি নহয় ।” নৱমী আগবাঢ়ি আহি কদমৰ চহীটোৰ তলতে লাজ লাজকৈ টিপ চহীটো মাৰিলে । এজন এজনকৈ গাঁৱৰ সকলোৱে চহী কৰি গ’ল ।

এইবাৰো গাঁৱৰ মানুহ একগোট হৈছে যেতিয়া ইটা ভাতী গাঁৱৰ পৰা উঠাই নিবই লাগিব । কচুবিল গাঁৱলৈ আকৌ ভাল দিন আহিব । ইফালে পলি পাহিয়ে চোতালত গোট খাই থকা ল’ৰা ছোৱালীবোৰক পঢ়া শুনা কৰি ভাল হ’বলৈ বুজালে । আনকি সিহঁতক সেইদিনাই স্কুললৈ আহিবলৈকো সৈমান কৰালে । মানুহখিনি কদমৰ চোতালৰ পৰা ঘৰাঘৰি যোৱালৈ কুঁৱলীয়ে ঢাকি ৰখা বেলিটো পূৱ আকাশ ৰঙা হৈ স্পষ্টকৈ ধৰা দিছিল । পলি পাহিয়ে দেখিছিল হাতে হাতে কিতাপ ফলি লৈ ল’ৰা ছোৱালীবোৰ স্কুলৰ ফালে দৌৰিছে ।