ইউক্রেইনত ‘ডাব্ল টেপ’ ড্রোন আক্ৰমণ ৰাছিয়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৪ বছৰৰধৰি চলি থকা ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধখনে শেহতীয়াকৈ নতুন ৰূপ ধাৰণ কৰিছে। দুয়োখন দেশে পৰস্পৰৰ মাজত আক্রমণ-প্রত্যাক্ৰমণৰ প্ৰকোপ বৃদ্ধি পাইছে। ইয়াৰ মাজতে ৰুছ বাহিনীৰ ড্রোন আক্ৰমণৰ চিকাৰ হ’ল মধ্য ইউক্রেইনৰ চহৰ ক্ৰিভি ৰিহ। চহৰখনৰ এটা শ্বপিং মলত ৰুছ বাহিনীয়ে ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে নিশা এক ‘ডাব্ল টেপ’ ড্রোন আক্রমণ চলায়। এই আক্ৰমণত মহিলা আৰু শিশুসহ কমেও ১৬জন লোক নিহত হয় বুলি জানিব পৰা গৈছে। আহতৰ সংখ্যা ১৩০ৰো অধিক বুলি কোৱা হৈছে। আহতসকলৰ ভিতৰত ২৩টা শিশুও আছে। ডিনিপ্রোপেত্রোভস্ক অঞ্চলৰ প্ৰশাসনিক মুৰব্বী আলেকজেণ্ডাৰ হানঝাই শনিবাৰে জনোৱা মতে এই আক্ৰমণৰ সময়ত শ্বপিং মলটোত থকা ৯জন লোক এতিয়াও সন্ধানহীন হৈ আছে। সম্ভৱতঃ তেওঁলোক ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ আছে। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে এই সন্দর্ভত কয়- ‘দিনৰ ভাগতে জনাকীর্ণ চহৰখনত চলোৱা এই আক্রমণ নিন্দনীয় আৰু জঘন্য।’ তেওঁ দাবী কৰে যে প্রথম আক্ৰমণটোৰ পিছতে যেতিয়া অগ্নিনির্বাপণ বাহিনী আৰু জৰুৰী সেৱা প্রদানকাৰী কৰ্মীসকল ঘটনাস্থলীত উদ্ধাৰকাৰ্য আৰম্ভ কৰে, সেই সময়তে দ্বিতীয়তো আক্রমণ চলোৱা হয়। সংবাদ মাধ্যমত প্রকাশিত এটা ভিডিঅ’ত দেখা গৈছে যে জুই জ্বলি থকা শ্বপিং মলটোত দ্বিতীয়তো ড্রোন আক্রমণ চলোৱা হয়। শুকুৰবাৰে দক্ষিণ ইউক্রেইনৰ মাইক’লিভঅঞ্চলত ৰুছ সেনাৰ দুটা পৃথক আক্ৰমণত চাৰিজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। নিহতসকলৰ ভিতৰত ৩টা শিশুও আছে।
