ইংলেণ্ড অলৰাউণ্ডাৰ ছেম কুৰান পিঠিৰ আঘাত বাবে  আই পি এল আৰু টি-২০ বিশ্বকাপৰ পৰা বাহিৰ 

pc- InsideSports

ইংলেণ্ড অলৰাউণ্ডাৰ ছেম কুৰান পিঠিৰ আঘাত বাবে  আই পি এল আৰু টি-২০ বিশ্বকাপৰ পৰা বাহিৰ 

অনলাইন বাৰ্ত্তাসেৱা-  ইংলেণ্ড আৰু  চেন্নাই চুপাৰ কিংছৰ অলৰাউণ্ডাৰ ছেম কুৰান পিঠিত আঘাত পোৱাৰ বাবে আই পি এল ২০২১ৰ বাকী অংশ আৰু আগন্তুক টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হʼব লগা হয়। যোৱা শনিবাৰে আবু ধাবিত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আই পি এলৰ খেলৰ পিছত ২৩ বছৰীয়া কুৰেনে তেওঁৰ পিঠিত বিষ হোৱাৰ অভিযোগ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত স্কেনত আঘাতৰ প্ৰকৃত কাৰণ ধৰা পৰিছিল।” মই শক্তিশালী হৈ উভতি আহিম” বুলি ছেম কুৰানে কয়। কুৰানে আই পি এলৰ এইটো ছিজনত ৯খন মেচত ৯  টা উইকেট দখল কৰে আৰু  ৪খন ইনিংছৰ পৰা ৫৬ ৰাণ সংগ্ৰহ কৰে।