আৰোহণ ফাউণ্ডেশনৰ নাৰী দিৱস উদ্‌যাপন

আৰোহণ ফাউণ্ডেশনৰ নাৰী দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰোহণ ফাউণ্ডেশনৰ উদ্যোগত বিষু নিৰ্মলা ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপন কৰা হয়৷কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত অনুষ্ঠিত অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই৷সভাপতি ড° বলেন্দ্ৰ কুমাৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আদৰণি ভাষণ দিয়ে সঞ্চালিকা ড° সীমা বৰাই৷ অনুষ্ঠানত পদ্মশ্ৰী ড° সূৰ্য হাজৰিকাই হেমকান্ত শান্দিল্যৰ নাৰী কেন্দ্ৰিক উপন্যাস ‘চিন্তানায়কৰ চিত্ৰপট’ উন্মোচন কৰে৷উক্ত অনুষ্ঠানত সাংসদ কুইন ওজাক ‘সেৱাশ্ৰী’,অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰানী বৰুৱাক ‘প্ৰান্তশ্ৰী’,লেখিকা ড° ইভা হাজৰিকাক ‘সাহিত্যশ্ৰী’,কবি স্বপ্নালী মহন্তক ‘কাব্যশ্ৰী’,অভিনেত্ৰী মাধুৰিমা চৌধুৰীক ‘কলাশ্ৰী’,আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° মিতালী বৰাক ‘জ্ঞানশ্ৰী’,প্ৰশাসনিক বিষয়া মনিতা বৰগোঁহাইক ‘পূৰ্বাশ্ৰী’,স্কাউট গাইডৰ আয়ুক্ত জুনু ৰাজখোৱাক ‘সাধনাশ্ৰী’,কৃতি শিক্ষয়িত্ৰী মৰমী গোস্বামীক ‘শিক্ষাশ্ৰী’,সমাজকৰ্মী মিনু হাজৰিকাক ‘সংগ্ৰামশ্ৰী’ বঁটা প্ৰদান কৰা হয়৷অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,বিশিষ্ট সাহিত্যিক ড° সূৰ্য হাজৰিকা,নেমকেয়াৰ হাস্পতালৰ সঞ্চালক ডা° হিতেশ বৰুৱা,সংস্কৃতিকৰ্মী ডা° মৃন্ময় কুমাৰ নাথ,সংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা,বিশিষ্ট কবি বিপুল শৰ্মা আদি৷