অসমত সাময়িকভাৱেহে বৃদ্ধি হ’ব বিদ্যুৎ মাচুল: মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- মধ্য প্ৰাচ্যত চলি থকা সংকটৰ বাবে বিশ্ব বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত অসমতো সাময়িকভাৱে বিদ্যুতৰ মাচুল বৃদ্ধি হ’ব । ইফালে বিদ্যুতৰ মাচুল বৃদ্ধি হ’ব বুলি চলি থকা চর্চা সন্দর্ভতো মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ দিয়ে। তেওঁ কয় যে বিদ্যুতৰ মাচুলত কোনো বৃহৎ বা স্থায়ী বৃদ্ধি কৰা হোৱা নাই। বৰঞ্চ সাময়িকভাবে প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে সর্বাধিক চাৰি-পাঁচ পইচা বৃদ্ধিৰহে সম্ভাৱনা আছে আৰু এই বৃদ্ধি তিনিমাহৰ বাবেহে প্রযোজ্য হ’ব । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, বিদ্যুতৰ মাচুল বৃহৎ পৰিমাণে বৃদ্ধি কৰা নহয় । যেতিয়া ইন্ধনৰ মূল্য বৃদ্ধি পায়, তেতিয়া বিদ্যুতৰ দৰো বৃদ্ধি পায় । আমি বৰ্তমান বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বিদ্যুৎ ক্ৰয় কৰি আছোঁ । বিশ্বজনীন পৰিস্থিতিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয়, মধ্য প্ৰাচ্যৰ সংঘাতৰ বাবে বিশ্ব বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ বাবে প্রতি ইউনিটত মাত্ৰ ৪ ৰ পৰা ৫ পইচাৰ এক নূন্যতম আৰু সাময়িক সালসলনি প্ৰযোজ্য হ’ব, যিটো কেৱল অহা প্ৰায় তিনি মাহৰ বাবেহে থাকিব । মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ ব্যাখ্যা কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত বিদ্যুৎ উৎপাদন আৰু ক্ৰয়ৰ ব্যয় বৃদ্ধি পাইছে। অসমেও প্রয়োজন অনুসৰি বাহিৰৰ পৰা বিদ্যুৎ ক্রয় কৰিবলগীয়া হয়। পূর্বে যি বিদ্যুৎ এক টকাত ক্রয় কৰিব পৰা গৈছিল, বর্তমান সেই বিদ্যুতৰ বাবে এক টকা বিশ পইচা পর্যন্ত ব্যয় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁ উল্লেখ কৰে। তেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ বিদ্যুৎ ক্ৰয়ৰ ব্যয়তো পৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই অতিৰিক্ত ব্যয়ৰ এটা অংশ গ্ৰাহকৰ পৰা সাময়িকভাৱে সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে এই বৃদ্ধি স্থায়ী নহয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্রাস পালে অথবা বিদ্যুৎ ক্রয়ৰ ব্যয় স্বাভাবিক অবস্থালৈ ঘুৰি আহিলে অতিৰিক্ত মাচুলো উঠাই লোৱা হ’ব। মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, বিদ্যুতৰ মাচুলৰ ক্ষেত্ৰত প্রতি ইউনিটত পাঁচ পইচাতকৈ অধিক বৃদ্ধি যাতে নহয়, তাৰ প্ৰতিও চৰকাৰে লক্ষ্য ৰাখিছে। সেয়েহে বিদ্যুতৰ মাচুলত বৃহৎ পৰিমাণৰ বৃদ্ধি হ’ব বুলি প্ৰচাৰিত কথাত গ্রাহকসকলে উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই বুলি তেওঁ আশ্বাস দিয়ে।
