আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু

Pc The Indian express

আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  গৌৰীসাগৰ আৰক্ষী থানাৰ সমীপত পুতুল দাস নামৰ এজন ব্যক্তিৰ AS 04 H 8430 নম্বৰৰ এখন কলা ৰঙৰ পালচাৰ বাইক চুৰি হৈছিল। গৌৰীসাগৰ আৰক্ষীয়ে চি চি টি ভি ফুটেজৰ আধাৰত বাবু গোৱালা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল। নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বাইক চোৰ বাবু গোৱালাই। পলায়নৰ চেষ্টা কৰোতেই কাষতে অৱস্থিত গৌৰীসাগৰ বৰপুখুৰীত পৰি যোৱাত সংকটজনক অৱস্থাত গৌৰীসাগৰ আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে মৃত ঘোষণা কৰে বাইক চোৰ বাবু গোৱালাক।এই ঘটনাক পুৱা গৌৰীসাগৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিয়ালৰ লোকে বাবু গোৱালাৰ মৃত্যুৰ কাৰণ বিচাৰি গৌৰীসাগৰ আৰক্ষী থানাৰ চৌহদ উত্তপ্ত কৰি তোলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হয় আৰক্ষী। গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া  সত্যজিত বৰঠাকুৰক তৎকালীন ভাবে নিলম্বন ।