‘আমাৰ গাঁৱত আমিয়েই যুঁজিম; আমিয়েই কোভিড জিনিম’’ – গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

‘‘আমাৰ গাঁৱত আমিয়েই যুঁজিম : আমিয়েই কোভিড জিনিম’’-গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বাৰ্ত্তাসেৱা- ‘‘কোভিড মুক্ত গাঁৱৰ লক্ষ্য আগত ৰাখি আমি নিষ্ঠাৰে সেৱা আগবঢ়াব লাগিব৷ নিৰাপদভাৱে থাকিবলৈ আমি সামাজিক-শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব যদিও মনৰ দূৰত্ব কমাব লাগিব৷ তেতিয়াহে আমি এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ আন্তৰিকতাৰে সেৱা আগবঢ়াবলৈ সক্ষম হ’ম৷ ’’–গ্ৰামাঞ্চলত কোভিড-১৯ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সম্পৰ্কত আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্তালয়ৰ পৰা ৱেৱিনাৰ যোগে গাঁও পঞ্চায়তৰ সভাপতি-সচিব তথা বিভাগৰ ক্ষেত্ৰীয় বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এইদৰে কয়৷
কোভিড-১৯ নিয়ন্ত্ৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই লোৱা সক্ৰিয় ভূমিকাৰ শলাগ লৈ তেওঁ লগতে কয় যে প্ৰথম অৱস্থাত চহৰাঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল যদিও জনসাধাৰণৰ আদান-প্ৰদানৰ ফলত গাঁৱতো এতিয়া এই ৰোগে প্ৰভাৱ বিস্তাৰ কৰিছে৷ গতিকে গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত আগশাৰীৰ কৰ্মী হিচাপে থকা গাঁও পঞ্চায়তসমূহৰ এই ক্ষেত্ৰত দায়িত্ব অপৰিসীম৷
কোভিড-১৯ বিৰোধী যুঁজখনক গণ আন্দোলনৰ ৰূপ দিব লাগিব৷ এই ক্ষেত্ৰত গাঁও পঞ্চায়তসমূহৰ দায়িত্ব গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে গাঁৱৰ সকলো লোকৰে কোভিড-১৯ পৰীক্ষাকৰণ, এই ৰোগ সংক্ৰমণৰ সম্ভাৱনা থকা কাৰকসমূহ চিনাক্ত কৰি প্ৰতিৰোধমূলক ব্যৱস্থা লোৱা, এই ৰোগত আক্ৰান্ত সকলো ৰোগীকে প্ৰয়োজনীয় সহায় আগবঢ়োৱা, চেনিটাইজ কৰা, গাঁৱলৈ উভতি অহা প্ৰবাসী লোকসকলৰ তথ্য সংগ্ৰহ কৰি¸ প্ৰত্যেকৰে কোভিড পৰীক্ষা কৰোৱা আৰু প্ৰয়োজন সাপেক্ষে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা আদি কাম কৰিবলৈ পঞ্চায়তে পঞ্চায়তে সুপৰিকল্পিত ৰূপত পৰিকল্পনা যুগুতাই ল’ব লাগিব৷ এই প্ৰতিৰোধী অভিযানৰ ব্যয় বহন কৰিবৰ বাবে ইতিমধ্যে গাঁও পঞ্চায়তসমূহলৈ মুকলি কৰি দিয়া পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰথম কিস্তিৰ ধনৰ আছুতীয়া পুঁজি অংশৰ পৰা দহ শতাংশ ব্যয় কৰিবলৈ অনুমোদন দিয়াৰ বিষয়ে উল্লেখ কৰি এই পুঁজিৰ এশ শতাংশই সদ ব্যৱহাৰ কৰিবলৈও তেওঁ সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷
প্ৰতিখন গাঁও পঞ্চায়ততে একোটিকৈ ‘যুদ্ধ কক্ষ’ স্থাপনৰ পোষকতা কৰি মন্ত্ৰী দাসে কয় যে মুখত মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা, সঘনাই হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আদি কোভিড-১৯ প্ৰতিৰোধী নীতি-নিৰ্দেশনাসমূহ সম্পৰ্কত গাঁও পঞ্চায়তসমূহে প্ৰচাৰ পত্ৰ বিতৰণ, মাইকৰ যোগেদি ঘোষণা কৰাৰ উপৰি মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলক সংগঠিত কৰি এই প্ৰতিৰোধী অভিযান আৰু ফলপ্ৰসূ কৰিব লাগিব৷ আনহাতে
পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডতে একোটাকৈ ৱাৰ্ড পৰ্যায়ৰ কাৰ্য দল [Task Force] গঠন কৰি গাঁৱৰক্ষী বাহিনী [VDP]ৰ লগত সহযোগিতাৰে আগ বাঢ়িলে ভাল ফল লাভ কৰিব বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়৷ এনেদৰে সকলোৱে মিলি কোভিডৰ নীতি-নিৰ্দেশনা মানি চলি এই মহামাৰীক প্ৰতিহত কৰাৰ যঁুজত অৱতীৰ্ণ হ’লে নি(য়কৈ চকুৰে নমনা কোভিডৰ শৃংখল ছিঙিবলৈ আমি সক্ষম হম বুলি মন্ত্ৰীগৰাকীয়ে কয়৷
আজিৰ ৱেৱিনাৰত মন্ত্ৰীগৰাকীয়ে মহাত্মা গান্ধী এনৰেগা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ৰূপায়ণ সম্পৰ্কতো পৰ্যালোচনা কৰে৷ আঁচনি দুখনৰ সফল ৰূপায়ণে এফালে গ্ৰাম্য জনসাধাৰণক এই দুৰ্যোগৰ সময়ত আৰ্থিক সকাহ দিয়াৰ লগে লগে আৰ্থিকভাৱে অতিকৈ পিছপৰা লোকসকলক বুনিয়াদী সুবিধা ‘বাসস্থান’ প্ৰদান কৰিব বুলি তেওঁ সংশ্লিষ্ট সকলোকে নিষ্ঠা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়৷ কোনো ক্ষেত্ৰতে গাফিলতি সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি সঠিকভাৱে কাৰ্য সম্পাদন নকৰিলে স্বেচ্চাই নিজ কৰ্মৰ পৰা অব্যাহতি ল’বলৈও তেওঁ সকিয়াই দিয়ে৷
আজিৰ বেৱিনাৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এ আৰু আয়ুক্ত হেমেন দাসকে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থকাৰ লগতে ক্ষেত্ৰীয় পৰ্যায়ত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, প্ৰকল্প সঞ্চালক, খণ্ড উন্নয়ন বিষয়া, গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবকে ধৰি অন্যান্য কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত তৃণমূল পৰ্যায়ৰ পঞ্চায়ত প্ৰতিনিধি আৰু বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত আজি পোন প্ৰথমবাৰৰ বাবে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল বৈঠকৰ যোগেদি মিলিত হয়৷