*আপোনাৰ সপোনৰ ঘৰটো*- কৌশিক চক্ৰৱৰ্ত্তী , শ্বিলং

pc-PRINTEREST

*আপোনাৰ সপোনৰ ঘৰটো*
অসমীয়া মধ্যবিত্ত পৰিয়াল বোৰে এখন গাড়ী আৰু এটা আটকধুনীয়া ঘৰৰ সপোন সদায় দেখে। সাধাৰণ এটা আয়ৰ পথ পোৱাৰ লগে লগে, দুচকীয়াই হওক বা চাৰিচকীয়াই হওক, গাড়ী এখনৰ চিন্তাই মূৰত বাহ লয়। বেংকত নিজৰ পইচা নাথাকিলেও কথা নাই, ঋণ দিবলৈ বিত্তীয় প্ৰতিষ্ঠান বিলাকে বাট চাই আছে। কৰবাৰ পৰা ঋণ এটা লৈ গাড়ী এখন ললেই হ’ল। কিন্তু গাড়ী কিনাৰ পাছতে প্ৰতি মাহৰ শেষত ঋণৰ কিস্তিলৈ চিন্তা । কেতিয়াবা ঋণৰ কিস্তি দিব নোৱাৰিলে বেংকৰ মানুহ আহি গাড়ী খন লৈ যোৱাৰ ভয়। তথাপি আমাৰ মনলৈ কেতিয়াবা নাহে – গাড়ী খন লৈ কিবা ভুল কৰিলোঁ নেকি ? কিছুদিন যোৱাৰ পাছত এটা ডাঙৰ ঘৰৰ সপোন। ঘৰৰ বেলিকাও একে কথা । আগ পিচ নাভাবি দেখাক দেখি এটা ডাঙৰ ঘৰ নিৰ্মাণত হাত দিও। ঘৰ নিৰ্মাণৰ কামত হাত দিয়া সময়ত ঘৰটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ পৰা শেষ হোৱালৈকে কিমান টকা লাগিব আৰু সেই টকা ক’ৰ পৰা আহিব আমি বৰকৈ হিচাব কৰি নাচাও। আমি engineer ৰ পৰা নক্সা আনি মিস্ত্ৰী বা ঠিকাদাৰক সোধো – ঘৰটো সাজোতে কিমান খৰছ হ’ব ? ইফালে তেওঁলোকে নিজে খৰছ কৰি কেতিয়াও ঘৰ সাজি পোৱা নাই। তথাপি মালিকক আশ্বস্ত কৰাৰ বাবে তেওঁলোকে এটা হিচাব দিয়ে , যিটো হিচাব প্ৰকৃততে হবলগীয়া খৰছতকৈ বহুত কম। তথাপি তাকেই আমি বেদবাক্য হিচাবে গ্ৰহণ কৰো। একেধৰণে বেলেগ কোনোবা লোকে বান্ধি থকা ঘৰটো দেখি আমি উৎসাহবোধ কৰো। ফলত বেছিভাগ অসমীয়া মধ্যবিত্ত ব্যক্তিয়ে নিজৰ ঘৰটো নিৰ্মাণৰ বাবে সৰ্বস্বান্ত হবলগীয়া হয় বা বহুলোকে ভবা মতে ঘৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰে ।
ওপৰৰ কথা খিনিৰ পৰা আমি এইটো কথা প্ৰতিষ্ঠা কৰিব খোজা নাই যে গাড়ী আৰু ঘৰ দুয়োটাই অপ্ৰয়োজনীয় । বৰ্তমান কালৰ জীৱন যাত্ৰাত ঘৰ আৰু গাড়ী দুয়োটাই গুৰুত্বপূৰ্ণ সম্পদ। কিন্তু আমি কোন খন গাড়ী লম বা কিমান ডাঙৰ ঘৰ সাজিম সেইটো আমাৰ আয় আৰু আমাৰ সামগ্ৰিক আৰ্থিক স্থিতিৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ এটা ঘৰ নিৰ্মাণ কৰিবলৈ যাওতে কেবাটাও দিশ বিবেচনা কৰি আগবাঢ়িব লাগে, নহলে আমাৰ গোটেই আৰ্থিক জীৱন থৰকবৰক হৈ যাব পাৰে আৰু পৰিয়ালটোৱে ইয়াৰ ফল দীৰ্ঘ কালৰ বাবে ভূগিবলগীয়া হব পাৰে। আমি ঘৰ এটা সাজিবলৈ যাওতে তলত দিয়া কথা কেইটা বিবেচনা কৰা উচিত।
১) আপুনি ঘৰ সাজিব খোজা ঠাই খিনিত কমেও দহ বছৰলৈ থাকিব নে ? – বৰ্ত্তমান সময়ত জীৱিকাৰ তাড়নাত মানুহে সঘনে থকা ঠাই সলনি কৰে । গতিকে ঘৰ সাজিব খোজা ঠাই খিনিত আপুনি দীঘলীয়া সময়ৰ বাবে থাকিবলৈ সক্ষম হব নে নহয় , সেই কথাটো আগতীয়াকৈ বিচাৰ কৰি লব লাগে। এই ক্ষেত্ৰত নিজৰ সন্তানে ভৱিষ্যতে সেই ঠাইত থাকিব নে নাই সেই কথাটোও বিবেচনা কৰা উচিত।তদুপৰি নিজৰ কাৰ্যালয়ৰ পৰা দৈনিক নিজৰ ঘৰৰ দুৰত্ব বেছি হলে আমি গম নোপোৱাকৈ গোটেই কৰ্মজীৱনত কাৰ্যালয়লৈ অহা যোৱাৰ নামত যাতায়তৰ শিতানত এটা ডাঙৰ খৰছ বহন কৰিবলগীয়া হয়। গতিকে কৰ্মস্থানৰ পৰা দূৰৈত নিজা ঘৰ বান্ধি থকাতকৈ কৰ্মস্থানৰ কাষত ভাড়া ঘৰত থকাই ভাল।
২) কিমান ডাঙৰ ঘৰ সাজিব ? – পকী ঘৰত প্ৰতি বৰ্গ ফুট হিচাবত নিৰ্মাণৰ খৰছ বাঢ়ি যায়। ফ্লেট কিনিবলৈ যাওতে আমি ১৩০০ বৰ্গফূট বা ১৪০০ বৰ্গফূটৰ ফ্লেটতে আমি সন্তুষ্ট থাকো কিন্তু নিজাকৈ ঘৰ সাজিবলৈ যাওতে যধে মধে ঘৰটোৰ আকাৰ ডাঙৰ কৰি নিৰ্মাণ খৰছ আমি ভালেখিনি বঢ়াই দিও। গতিকে ঘৰৰ আকাৰ ভাবি চিন্তি নিৰ্দ্ধাৰণ কৰা উচিত। বহুলোকে ঘৰটোৰ একাংশ ভাড়া দিম বুলি ডাঙৰ আকাৰৰ ঘৰ সাজে। কিন্তু নিৰ্মাণ খৰছ আৰু ভৱিষ্যতে পাব পৰা ভাড়াৰ এটা হিচাব আগতীয়াকৈ উলিয়াই লোৱা ভাল। বিশেষজ্ঞ সকলৰ মতে ঘৰ এটাৰ বছৰেকীয়া ভাড়া নিৰ্মাণ খৰছৰ ৪% তকৈ কম হলে ঘৰ বান্ধি ভাড়া দিয়াৰ কোনো অৰ্থ নাই।
৩) গৃহ ঋণ লব নেকি ? – গৃহ ঋণৰ সুতৰ হাৰ বেলেগ যিকোনো ঋণতকৈ কম। তদুপৰি গৃহ ঋণ ললে আয়কৰ নিয়মাৱলী অনুযায়ী শাখা ৮০C আৰু শাখা ২৪ ৰ অধীনত কৰ ৰেহাই পোৱা যায়। গতিকে গৃহ ঋণৰ চাহিদা বজাৰত অতি বেছি। কিন্তু সৰহকৈ ঋণ বেছি দিনলৈ ললে চক্ৰবৃদ্ধি সুতৰ প্ৰভাৱত সুতৰ পৰিমাণ বহুখিনি বাঢ়ি যায়। গতিকে ঘৰ এটাৰ নিৰ্মাণকাৰ্যত যিখিনি পাৰি নিজৰ জমা ধন খৰছ কৰা উচিত। আৰু ঋণ লবলগীয়া হলেও যিমান পাৰি সোনকালে ঋণ পৰিশোধ কৰাৰ কাৰণে চেষ্টা কৰা উচিত।
৪) আপোনাৰ জমা পুঁ‌জি কিমান ?- যিকোনো ব্যক্তিয়ে সকলো সময়তে নিজৰ মাহেকীয়া আয়ৰ কমেও ছয় গুণ আকস্মিক প্ৰয়োজনৰ বাবে সকলো সময়তে নিজৰ হাতত জমা ৰখা প্ৰয়োজন। ঘৰ নিৰ্মাণৰ নামত পৰিয়ালৰ সমস্ত জমা পুঁ‌জি খৰছ কৰা উচিত নহয়। কিন্তু অকল ঋণৰ ওপৰত ভৰষা কৰিও ঘৰ নিৰ্মাণ কামত হাত দিয়া উচিত নহয়। গতিকে নিজে আৰ্থিক ভাবে শক্তিশালী অৱস্থাত উপনীত হৈহে ঘৰ নিৰ্মাণৰ কামত হাত দিয়া উচিত।
ঘৰ সজা কামটোৰ লগত মানুহৰ আবেগ জড়িত হৈ থাকে। গতিকে আমি এই সংক্ৰান্তত সিদ্ধান্ত লওঁতে আমাৰ আবেগে এটা ডাঙৰ ভূমিকা পালন কৰে। তদুপৰি ভাল ঘৰ এটা অসমীয়া সমাজত আভিজাত্যৰ চিন হিচাবে গণ্য কৰা হয়, সেই কাৰণে ভাল দামী ঘৰ এটা সাজিবলৈ আমাৰ ওপৰত পৰোক্ষভাবে সামাজিক হেঁচাও থাকে। এই বিলাক কথাই প্ৰভাৱ পেলালেও আমি ঘৰ এটা সজাৰ ক্ষেত্ৰত যথেষ্ট জুখি মাখি আগবঢ়া ভাল। ঘৰ সাজিবলৈ যাওতে আমি অন্য আৰ্থিক প্ৰয়োজন সমূহৰ বিষয়ে পাহৰি যোৱা উচিত নহয়। আমাৰ সীমিত সম্পদেৰে কিমান ভালদৰে আমাৰ বিভিন্ন প্ৰয়োজন সমূহ পূৰণ কৰিব পাৰো – সেইটোহে আমাৰ লক্ষ্য হোৱা উচিত।