আন্তঃৰাষ্ট্ৰীয় বাওঁহতীয়া দিৱস – বন্দিতা শৰ্মা কন্দলি

আন্তঃৰাষ্ট্ৰীয় বাওঁহতীয়া দিৱস

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

আমি বছৰৰ ভিন ভিন সময়ত একোটা দিন নিৰ্দিষ্ট কৰি ভিন ভিন দিৱস পালন কৰি আহিছোঁ। বিদ্যালয়তো আমি সময়ে সময়ে বিভিন্ন দিৱস পালন কৰোঁ নহয় জানো ! উদাহৰণ স্বৰূপে মাতৃভাষা দিৱস, বিশ্ব হাত ধোৱা দিৱস, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ,ৰাভা দিৱস, পৰিৱেশ দিৱস আদি। এনেদৰে দিৱস সমুহ পালন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে নিৰ্দিষ্ট বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি জনসাধাৰণৰ মাজত সজাগতা অনাৰ। বছৰে বছৰে একেটা দিৱস পালন কৰি থকাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি পায়।তেনে এটা আমি বিদ্যালয়ত পালন নকৰা দিৱস হৈছে বাওঁহতীয়া দিৱস। প্ৰতি বছৰে ১৩ আগষ্টত এই দিৱস পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বাওঁহতীয়া দিৱস ১৯৭৬ চনৰ ১৩ আগষ্টৰ পৰা পালন কৰি অহা হৈছে। বাওঁহতীয়া শব্দৰ অৰ্থ হৈছে যি জন ব্যক্তিয়ে দৈনন্দিন কাম কাজ সমুহ কৰোতে সাধাৰণতে বাওঁহাতখন বেছি ব্যৱহাৰ কৰে তেনে ব্যক্তিক বাওঁহতীয়া লোক বুলি কোৱা হয়। আমাৰ এনে কিছু বন্ধু বান্ধৱ আছে যি সকলে বাওঁহাতেৰে আখৰ লিখে, ক্ৰিকেট খেলে, আহাৰ গ্ৰহণ কৰে অৰ্থাৎ কাম – বনবোৰ বাওঁ হাতেৰে কৰে। আমাৰ সমাজত প্ৰচলিত নিয়ম অনুসৰি যি কোনো কামত সোঁ হাত খনহে আগবঢ়াব লাগে। কোনো এটা বস্তু আগবঢ়াই দিওঁতে বা হাত পাতি লওতে বাওঁ হাত ব্যৱহাৰ কৰিলে অসন্মান কৰা বুলি বহুতে ভাবে। সেয়ে বাওঁ হাতেৰে কাম -বন কৰা মানুহক বহুতে হেয় জ্ঞান কৰে। সমাজত প্ৰচলিত এনে মানসিকতা আঁতৰাবৰ উদ্দেশ্যেৰেই এই দিৱস পালন কৰা হয়। বাওঁহতীয়া বন্ধু বান্ধৱীক কেতিয়াও আমি বেয়া দৃষ্টিৰে চাব নাপায়। চিকিৎসা বিজ্ঞানৰ মতে ই মানুহৰ বেমাৰ নহয়। জাৰ্মানীৰ মেক্স প্লেংক ইনষ্টিটিউট (Max Planck Institute) ত প্ৰকাশ পাইছে যে মানুহ বাওঁহতীয়া হয় জিনৰ বাবে। আমাৰ সমাজত বাওঁহতীয়া লোকসকলে বেছি কৃতিত্বৰ গৰাকী হয় বুলি বিশ্বাস আছে। উদাহৰণ স্বৰূপে ভাৰতৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলী,সুৰেশ ৰাইনা,শিখৰ ধৱন বাওঁহতীয়া। বহু কেইজন বৰেণ্য ব্যক্তি বাওঁহতীয়া নেপোলিয়ন বোনাপাৰ্ট, হেনৰি ফৰ্ড, এলবাৰ্ট আইনষ্টাইন, হেলেন কিলাৰ,লিওনাৰ্ডো দ্য ভিন্সি আদি। তথ্য অনুসৰি বিশ্বৰ ৯৬ শতাংশ মানুহেই সোঁহতীয়া ৪ শতাংশ লোক হে বাওঁহতীয়া। সেয়ে এই ৪ শতাংশ ব্যক্তিক হেয় জ্ঞান নকৰি তেওঁলোকৰ বাওঁ হাতেৰে কাম কৰিব পৰা বিশেষ গুণ টোক সন্মান হে জনোৱা উচিত।