আধুনিক শিক্ষা ব্যৱস্থা আৰু মানৱীয়তা* — উৎপল কলিতা মঙলদৈ, দৰং

আধুনিক শিক্ষা ব্যৱস্থা আৰু মানৱীয়তা*

শিক্ষাই যুগে যুগে মানৱীয়তা ৰক্ষাৰ বাবেই প্ৰচেষ্টা চলাই আহিছে । কিন্তু বৰ্তমান সময়ত শিক্ষা আৰু মানৱীয়তা এই দুয়োটাৰ মাজত যেন এক বুজাব নোৱাৰা প্ৰভেদ আহি পৰিছে । শিক্ষাৰ এই প্ৰচেষ্টা ক্ৰমান্বয়ে বিফল হৈ আহিছে । শিক্ষাৰ এই বিফলতাৰ কাৰণ কি বাৰু ??? সামগ্ৰিক দৃষ্টিভংগীৰে চাবলৈ গ’লে শিক্ষাৰ এই বিফলতাৰ কাৰণ হৈছে আধুনিক শিক্ষা ব্যৱস্থাৰ কিছুমান অলাগতিয়াল কথা বা নিয়ম। বৰ্তমান শিক্ষা ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে এজন ব্যক্তিক সমাজত প্ৰতিষ্ঠা কৰা আৰু বৰ্তমানৰ বৈজ্ঞানিক দিশটোত অৰিহণা যোগোৱা । বৰ্তমান নৈতিকতা বা মানৱীয়তা শিক্ষাৰ পৰা বহু দূৰত পৰি ৰ’ল । বৰ্তমান যুগত শিক্ষা আৰু মানৱীয়তাৰ মাজত কোনো যেন সম্বন্ধ নাই ।

আচলতে যি মহান উদ্দেশ্যৰে শিক্ষা ব্যৱস্থা কৰা হৈছে, সেয়া হ’ল জ্ঞান আহৰণৰ দ্বাৰা মানৱীয়তা অক্ষুণ্ণ ৰখা । কিন্তু বৰ্তমানৰ শিক্ষাৰ পৰা যি জ্ঞান আহৰণ কৰা হৈছে, সেই জ্ঞান ‘প্ৰযুক্তিবিদ্যা’, ‘চিকিৎসাশাস্ত্ৰ’, ‘বাণিজ্যিক’ নাইবা ‘কলা’ ৰ  বাবেহে । অৰ্থাৎ বৰ্তমানৰ জ্ঞানে মানুহক মানৱীয়তা বাদ দি আন সকলো ক্ষেত্ৰতে আগুৱাই নিছে ।

আজি যদি ‘মানৱীয়তা’ জীয়াই থাকিলেহেঁতেন তেনেহ’লে জাৱৰৰ দ’মত, পানীৰ জুৱলিত মৃতদেহ উদ্ধাৰ নহ’লহেঁতেন । নিৰীহ প্ৰাণী হত্যা কৰি তাৰ তেজেৰে ফাকু নেখেলিলেহেঁতেন ।

অৱশ্যে বৰ্তমানৰ উন্নত প্ৰযুক্তিৰ সহায়ত এনে কিছুমান বস্তু উদ্ভাৱন হৈছে যে মুহূৰ্ততে পৃথিৱীখন ধ্বংস কৰিব পৰা যাব । এনেকুৱা উদ্ভাৱনৰ ক্ষেত্ৰত বৰ্তমানৰ শিক্ষা ব্যৱস্থাই বিশেষভাৱে অৰিহণা যোগাইছে ।

প্ৰাচীনকালৰ শিক্ষা ব্যৱস্থা ঘাইকৈ আধ্যাত্মিকতাৰ ওপৰত নিৰ্ভৰ আছিল । সেয়ে তেতিয়াৰ শিক্ষাত মানৱীয়তা জীয়াই আছিল । মানৱীয়তা অবিহনে মানৱ প্ৰজাতি পশুতুল্য । বৰ্তমানৰ মানৱ প্ৰজাতি মানুহ নহয়, যেন কিছুমান আধুনিক জন্তুহে ।

বৰ্তমানেও শিক্ষাৰ দ্বাৰা মানৱীয়তা ঘূৰাই অনাৰ অৱকাশ আছে । যদিহে মানৱীয়তা আজিৰ দৰে দিনত সম্পূৰ্ণৰূপে হেৰাই যায়, তেন্তে কম দিনৰ ভিতৰতে পৃথিৱীৰ অধিকাংশ প্ৰজাতি হেৰাই যোৱাটো ধুৰুপ । গতিকে আধুনিক শিক্ষা ব্যৱস্থাত পুনৰ প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থাৰ দৰে শিক্ষা আৰু মানৱীয়তাৰ সম্পৰ্কটো টনকিয়ালৰূপে গঢ়ি তুলিব লাগিব । তেতিয়াহ’লেহে আধুনিক শিক্ষা ব্যৱস্থাই জ্ঞান আহৰণৰ দ্বাৰা মানৱীয়তা অক্ষুণ্ন ৰাখিবলৈ সক্ষম হ’ব ।

উৎপল কলিতা

মঙলদৈ, দৰং