আজি ৰাজ্যিক শোক দিৱস পালন গুজৰাটত

Pc Zee news

আজি ৰাজ্যিক শোক দিৱস পালন গুজৰাটত

ৰঙিলী বাৰ্ত্তাসেৱা- আজি গুজৰাট ৰাজ্যত পালন কৰা হৈছে ৰাজ্যিক শোক দিৱস। মৰ্মান্তিক মৰবি দুৰ্ঘটনাৰ পিছতেই চৰকাৰী ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। লগতে ৰাজ্যখনত আজি কোনো মনোৰঞ্জনমূলক কাৰ্যসূচী কৰা নহ’ব। উল্লেখ্য যে, দেওবাৰে সন্ধিয়া মৰবিৰ মাচু নদীৰ ওপৰত হোৱা ওলমা দলং ভাঙি পৰা দুৰ্ঘটনাত ১৩০ জনৰো অধিক লোক নিহত হয়। জানিব পৰা মতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মুঠ ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মৰবিত দলং দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পূৰ্বে তেওঁ দুৰ্ঘটনাটোৰ ওপৰত এক উচ্চ পৰ্যায়ৰ বৈঠকো অনুষ্ঠিত কৰে। ইয়াৰোপৰি তেওঁ চিকিৎসালয়লৈ গৈ আঘাতপ্ৰাপ্ত লোকসকলক সাক্ষাৎ কৰে।