অসম মীন উন্নয়ন নিগম লিমিটেডৰ অধীনত কৰ্মৰত ২২জনক অব্যাহতি

অসম মীন উন্নয়ন নিগম লিমিটেডৰ অধীনত কৰ্মৰত ২২জনক অব্যাহতি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম মীন উন্নয়ন নিগম লিমিটেডৰ অধীনত ২০১৭ চনৰ পৰা কৰ্মৰত ২৫ জনৰ ৩ জনক ৰাখি ২২ জনক অব্যাহতি দিয়ে৷উক্ত কৰ্মচাৰীয়ে এবছৰ ধৰি দৰমহা পোৱা নাই৷ দিছপুৰ প্ৰেছ ক্লাবত অসম মীন উন্নয়ন নিগম লিমিটেডৰ(২০১৭) অনুষ্ঠিত সংবাদ মেলত কৰ্মৰত হেমন্ত হাজৰিকা আৰু বালিন্দ্ৰ কুমাৰ হাজৰিকাই এই মন্তব্য কৰে৷সংবাদ মেলত পুনৰ তেওঁলোকে কয়-এই ৩ জনৰ ভিতৰত এজন শ্বহীদ কুশল কোঁৱৰৰ নাতি ৰাহুল কোঁৱৰ৷তেওঁ গোলাঘাটত কৰ্মৰত৷আন দুজনৰ ভিতৰত সুমিত্ৰা দাস গুৱাহাটীৰ মীন বিভাগত কৰ্মৰত আৰু মমতাজ বেগম বৰাক উপত্যকাত কৰ্মৰত৷এই লোকসকলে অসমৰ বিভিন্ন জিলাৰ বিলসমূহৰ স্হানীয় মাছমৰীয়া,অনুসূচিত জাতিৰ লোক,অতি দুখীয়া পৰিয়ালৰ নিবনুৱাৰ বাবে বিগত সময়ত নিগমৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত আছিল৷২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত এটা বিজ্ঞাপনৰ জৰিয়তে বিলৰ কাষৰ নিবনুৱাক বিলৰ উন্নয়নৰ বাবে নিগমে আবেদন বিচাৰিছিল৷পৰৱৰ্তী সময়ত বিভিন্ন প্ৰক্ৰিয়াৰে বাচনি কৰি ঠিকাভিত্তিক কৰ্মী হিচাপে যোগদান কৰা হয়৷সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আজিৰ মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,কামাখ্যা তাচা,মন্ত্ৰী অতুল বৰা আদিয়ে শ্বহীদ কুশৰ কোঁৱৰৰ নাতি ৰাহুল কোঁৱৰৰ ঘৰত গৈ প্ৰতিশ্ৰুতি দি নিযুক্তি দিছিল৷সেই সময়ৰ নিগমৰ পৰিচালন সঞ্চালক এছ কে দাস আৰু অধ্যক্ষ,মন্ত্ৰী পৰিমল শুক্লবৈদ্য আছিল৷পৰৱৰ্তী সময়ত পৰিচালন সঞ্চালক অনামিকা তিৱাৰীয়ে ২০১৮ চনৰ ১০ জুলাইত ঠিকাভিত্তিক ১১ মাহ সময়তকৈ বৃদ্ধি নকৰি অব্যাহতি দিয়ে৷পাছত ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপত উচ্চ ন্যায়ালয়ে কেছ নং WP(C)3317/2018/49.33/2018ৰ অনুসৰি পুনৰ সংস্হাপন কৰিবলৈ নিগমত আদেশ দিয়াত ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীত দৈনিক হাজিৰা ভিত্তিত যোগদান কৰি পৰৱৰ্তী সময়ত আকৌ ঠিকাভিত্তিক কৰ্মী হিচাপে নিযুক্তি দিয়ে৷পাছত ২০২০ চনত নিয়মীয়া কৰ্মী হিচাপে নিগমে নিযুক্তি দিয়াৰ সময়ত ২৭,৫০০ টকা দৰমহা পাইছিল৷তাৰোপৰি ২০১৭ চনত চিফৰি গুৱাহাটী,এনএফদিবি হায়দৰাবাদত আৰু ২০১৯ চনত আইচিএআৰ চিফৰি ভূৱনেশ্বৰ,উৰিষ্যা আদিত মীন বিষয়ত প্ৰশিক্ষণ দিয়া হয়৷২০১৭ চনৰ পৰা ২০২১ চনলৈ বিভিন্ন সময়ত পদোন্নতি আৰু বিভিন্ন কামত এলটমেন দিয়া হৈছিল৷নিগমৰ এম ডি প্ৰশান্ত বৰকাকতি,অধ্যক্ষ গুৰুজ্যোতি দাসে বিভিন্ন কেলিংকাৰিৰ বাবে ২০২১-২২ বৰ্ষৰ নিযুক্তি পোৱাসকলৰ লগত সাঙুৰি এবছৰে দৰমহা নিদিয়াৰ লগতে কামৰ পৰা অব্যাহতি দিয়ে৷অতিশীঘ্ৰে উক্ত ২২ জনক পুনৰ নিযুক্তি দিয়াৰ বাবে চৰকাৰক আহ্বান জনায়৷