আজিৰে পৰা আৰম্ভ হ’ব ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা– আজিৰে পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ অধিৱেশন ৷ ইতিহাস সৃষ্টিৰে অভূতপূর্ব বিজয় সাব্যস্ত কৰি বিজেপি দলে চৰকাৰ গঠনৰ পিছত ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অৰ্থাৎ ষষ্ঠদশ অসম বিধানসভাৰ আজিৰে পৰা অনুষ্ঠিত হ’ব প্রথমখন বৈঠক। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই ষষ্ঠদশ অসম বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই নবনির্বাচিত বিধায়কসকলে শপত গ্রহণ কৰিব। পুৱা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগা বিধানসভাৰ অধিৱেশনত প্ৰ’টেম অধ্যক্ষ চন্দ্রমোহন পাটোৱাৰীয়ে নবনির্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰাব। ইয়াৰ পিছত ষষ্ঠদশ অসম বিধানসভাৰ বাবে স্থায়ী অধ্যক্ষ নির্বাচন কৰা হ’ব। ইতিমধ্যে ষষ্ঠদশ অসম বিধানসভাৰ অধ্যক্ষ পদৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা চমুকে এন ডি এব নেতৃবর্গই বুধবাৰে জ্যেষ্ঠ বিধায়ক, প্রাত্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হৈ মনোনয়ন পত্র দাখিল কৰে। অসম বিধানসভাৰ সচিব দুলাল পেণ্ডৰ হাতত এন ডি এৰ নেতৃবর্গই মনোনয়ন-পত্র দাখিল কৰে। কাইলে বৃহস্পতিবাৰে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আৰম্ভণিৰ দিনা সদস্যসকলে শপত গ্ৰহণ কৰাৰ পিছত অধ্যক্ষ নির্বাচন হ’ব। উল্লেখ্য যে, ষষ্ঠদশ অসম বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা পুৱা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অভিভাষণ পাঠ কৰিব। আনহাতে অধিৱেশনৰ চতুৰ্থ অর্থাৎ অন্তিম দিনা ৰাজ্য চৰকাৰে সদনত ইউ চি চি উত্থাপন কৰিব।
