আই চি ইউ কক্ষত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১১জন ৰোগীৰ মৃত্যু 

Pc- The economic times

আই চি ইউ কক্ষত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১১জন ৰোগীৰ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলা হাস্পতালৰ আই চি ইউত চিকিৎসাধীন ১১জন ৰোগীৰ আই চি ইউ কক্ষত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কৰুণ মৃত্যু হয়।১৭জন ৰোগী চিকিৎসাধীন হৈ থকা আই চি ইউ কক্ষত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১১ জন ক’ভিড ৰোগী অগ্নিদগ্ধ হৈ ঘটনাস্থলীতে মৃত্যু হোৱাৰ  বিপৰীতে আন ৬জন ৰোগী গুৰুতৰভাৱে আহত হৈছে। জিলা উপায়ুক্ত ৰাজেন্দ্ৰ ভোছলেই অগ্নিকাণ্ড সন্দৰ্ভত প্ৰকাশ কৰে যে দিনৰ প্ৰায় ১১ বজাত জিলা হাস্পতালখনৰ আই চি ইউত জুই লাগে। জুয়ে ততালিকে সমগ্র আই চি ইউ কক্ষ বেৰি ধৰাত থিতাতে ১১জন ক’ভিড ৰোগী দগ্ধ হৈ মৃত্যুমুখত পৰে। আনপিনে এই ঘটনাত ৬জন ৰোগী গুৰুতৰভাৱে আহত হৈছে। হাস্পতালখনত জুই লগাৰ পাছতেই চাৰিখন অগ্নিনির্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও ইয়াৰ পূৰ্বেই এই জুয়ে আই চি ইউকে ধৰি বিভিন্ন কক্ষলৈ সম্প্ৰসাৰিত হয়। অগ্নিনির্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ অনাৰ পূর্বে আই চি ইউত চিকিৎসাধীন হৈ থকা ১১ ৰোগীৰ মৃত্যু ঘটে।মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃত্যু হোৱা ৰোগীৰ আত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰে। তদুপৰি এই ঘটনাৰ উচ্চস্তৰীয় তদন্তৰো নিৰ্দেশ দিয়ে।