আঁৰে আঁৰে- বনশ্রী শৰ্মা

Pc Pinterest

আঁৰে আঁৰে

ভৰিৰ তলৰ মাটি ডোখৰ কঁপিছে
মূৰৰ ওপৰৰ আকাশখন হেৰুৱাইছো,
লাহে লাহে
অতি সংগোপনে,
হয়তো কোনেও নজনাকে
আঁতৰাই আনিছো এই পৃথিৱীৰ পৰা মই নিজকে।
তথাপি পৰি ৰ’ল ক’ৰবাত
এখিলা শুকান সৰাপাত,
য’ত লিপিবদ্ধ মোৰ ধোঁৱাময় অতীত
হয়তো চেকালগা, দুৰ্গন্ধময় অতীত,
যাৰ ছায়াই মোক নিশাৰ পাছত নিশা উজাগৰে ৰাখে
দিনৰ পাছত দিন শান্তি নিদিয়ে।
মাউৰা সন্তানৰ কলংক মোৰ নামত
সপোন হেৰুওৱাৰ দুখ মোৰ বুকুত,
আইৰ বুকুৰ উমহীন মোৰ শৈশৱ
পিতাইৰ শাসনহীন মোৰ যৌৱন,
আৰু
নোকোৱাকৈয়ে ৰৈ যোৱা এক ক’লা অতীত।
স্বচ্ছতাৰ আঁৰৰ ধোঁৱাবোৰ দেখিছো
শীতলতাৰ আঁৰৰ উত্তাপ অনুভৱ কৰিছোঁ,
মুখাৰ আঁৰৰ মুখবোৰ চিনিছো
আৰু
এয়া, ভাঙি যোৱা মোৰ সপোনবোৰ দুহাতেৰে বুটলিব খুজিও
দুখোজ পিছুৱাই হাত সাৱটি বহিছো।

   বনশ্রী শৰ্মা
                                                          বি.বৰুৱা মহাবিদ্যালয়
                                স্নাতক দ্বিতীয় ষান্মাসিক, অসমীয়া বিভাগ