অহা ২৪ অক্টোবৰৰ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব ব্যক্ত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

pc Financial Express

অহা ২৪ অক্টোবৰৰ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব ব্যক্ত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ অক্টোবৰৰ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব ‘মন কি বাত’ অনুষ্ঠানৰ ৮২ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে জনসাধাৰণক মন কী বাতৰ এই মাহৰ খণ্ডৰ বাবে নিজৰ মতামত ব্যক্ত কৰিবলৈ আহ্বান জনাইছে। জনসাধাৰণে তেওঁলোকৰ মতামত নমো এপ বা mygov মুকলি মঞ্চৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিব। তেওঁলোকে ১৮০০-১১-৭৮০০ এই টল ফ্রী নম্বৰত ফোন কৰিব পাৰিব অথবা ইংৰাজী নাইবা হিন্দী ভাষাত তেওঁলোকৰ বাৰ্তা বাণীবদ্ধ কৰিব পাৰিব। অহা ২২ অক্টোবৰলৈ ফোন লাইনসমূহ খোলা থাকিব। জনসাধাৰণে ১৯২২ নম্বৰত মিছড কল দিব পাৰিব আৰু এছ এম এছৰ জৰিয়তে লাভ কৰা লিংকৰ দ্বাৰা পোনপটীয়াভাৱে তেওঁলোকৰ পৰামৰ্শ প্রধানমন্ত্ৰীৰ আগত দাঙি ধৰিব পাৰিব।