অসম সাহিত্য সভা উত্তৰ আমেৰিকা শাখাৰ “কবিতাৰ দলং” কবি সন্মিলন সম্পন্ন

pc the janambhumi

অসম সাহিত্য সভা উত্তৰ আমেৰিকা শাখাৰ “কবিতাৰ দলং” কবি সন্মিলন সম্পন্ন

ফখৰুদ্দিন আহমেদ,ৰঙিলী বাৰ্ত্তাসেৱা – শনিবাৰে ভাৰতীয় সময় সন্ধিয়া, অসম সাহিত্য সভা উত্তৰ আমেৰিকা শাখাৰ উদ্যোগত, বৰ্তমানৰ সভানেত্ৰী, চৈয়দা জেবীন‌ চাবীৰা শ্বাহৰ নেতৃত্ব আৰু সঞ্চালনাত ‘কবিতাৰ দলং’ (A Poetic Bridge) বুলি এখন ভাৰচুৱেল কবি সন্মিলন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয়। এইবছৰ উত্তৰ আমেৰিকাৰ অসমীয়া সমাজত মৃত্যুবৰণ কৰা জেষ্ঠ্য নাগৰিকসকলৰ বাবে, ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ দশম মৃত্যু বাৰ্ষিকী বাবে, আৰু কোভিড মহামাৰীত মৃত্যু হোৱা বিশ্বৰ লাখ-লাখ লোকৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰি চৈয়দা জেবীন‌ চাবীৰা শ্বাহে কবিতা আৰু আন সূক্ষ্ম কলাৰ মানৱ জীৱনত প্ৰয়োজনীয়তাৰ বিষয়ে কৈ সন্মানিত অতিথি অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়া দেৱক তেখেতৰ বক্তব্যৰে অনুষ্ঠানটি মুকলি কৰিবলৈ অনুৰোধ জনায়। ডঃ শইকীয়াই অসমৰ বিভিন্ন ভাষিক গোষ্ঠীৰ মাজত এনেদৰে কবিতাৰ দলং অনুষ্ঠিত কৰা বাবে গভীৰ সন্তোষ প্ৰকাশ কৰি, অসমীয়া ভাষাক আকৌ কেনেকৈ সংযোগী ভাষা কৰি গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে, আৰু অসমীয়া ভাষাৰ অভিধান অসমৰ বিভিন্ন জনজাতীয় ভাষাৰ শব্দ সংযোজন কৰি আৰু সমৃদ্ধিশালী কৰিবলৈ সভাৰ পৰিকল্পনা আছে বুলি উপস্থিত ৰাইজক জনায়, আৰু আগতে হৈ যোৱা আৰু বিশ্বৰ বিভিন্ন ঠাইৰ অসমমূলৰ লোকসকলৰ সৈতে হ’বলগীয়া এখন ৱেবিনাৰ কৰাৰ পৰিকল্পনা উত্তৰ আমেৰিকাৰ সাহিত্য সভা আৰু অসম এছ’ছিয়েশ্বনৰ লগত কৰি আছে বুলি কৈ ‘কবিতাৰ দলং’ অনুষ্ঠানটি মুকলি কৰে। সভানেত্ৰী চৈয়দা জেবীন‌ চাবীৰা শ্বাহে নগৰাকী কবিক পৰিচয় কৰাই দি কবিতাৰ দলঙত খোজ দিবলৈ অনুৰোধ জনায়। নলবাৰীৰ পৰা শ্ৰীমতী দীপালিমা দত্তই তেওঁৰ কাব্যগ্ৰন্থ, ‘শ্যামলী অনুৰাগৰ আদিধ্বনি’ৰ পৰা কেইটিমান চুটি আৰু ‘চিয়াঁহী বুলি এটি দীঘল কবিতা পাঠ কৰে। গোৱালপাৰাৰ পৰা কবি কালিদাস ৰাভা হাতোদেৱে অসমীয়া অনুবাদৰ সৈতে, তিব্বতীয়-মঙ্গোলীয় ৰাভা গোষ্ঠীৰ লোকসকল‌ কেনেকৈ চাৰিটা ভাগত ভাগহৈ নেপাল, ভূটান আৰু অসমলৈ আহে, এটি ৰাভা ভাষাৰ কবিতাৰ মাজেৰে প্ৰকাশ কৰে।‌ কবি, কাৰ্টুনিষ্ট, চিত্ৰশিল্পী মুবীন ৰাভাই ইংৰাজী অনুবাদৰ সৈতে ‘নিৰ্মাণ’ বুলি এটি কবিতা পাঠ কৰে। কেনেকৈ আজিৰ দিনত বিভিন্ন ধৰণৰ নিৰ্মাণৰ বাবে পৰস্পৰৰ মাজত দূৰত্ব হ্ৰাস পাইছে কবিতাৰে দাঙি ধৰে। যোৰহাটৰ কবি, শব্দ প্ৰকাশন ছপা প্ৰতিষ্ঠানৰ স্বত্ত্বাধিকাৰী আৰু জৈৱিক কৃষিজীৱি উজ্জ্বল পাওগামে প্ৰথমে মিছিং ভাষাত ‘ঐনিতম’ কেইশাৰীমান আওৰাই অসমীয়ালৈ অনুবাদ কৰি দিয়ে, আৰু তাৰপিছত ‘ভালপোৱা, ভালপোৱা, ভালপোৱা’ নামৰ এটি বৰ সুন্দৰ কবিতা পঢ়ি সকলোকে মুহিত কৰে। খৰগপুৰ আই আই টিৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভাগীয় অধ্যক্ষ ডঃ খনিন্দ্ৰ পাঠকে পাঠ কৰে তেওঁৰ তিনিটা গভীৰ কবিতা, ‘প্ৰেমৰ সতে অস্তিত্ব’, ‘ক’ৰপৰা ক’লৈ আৰু ক’লৈ’ আৰু ‘পথিক অনন্তৰ’। তিনিচুকীয়াৰ পৰা কবি, নক্ষত্ৰ বীক্ষণ স্কুলৰ অধ্যক্ষা কৌস্তুভমণি শইকীয়া দত্তই তেওঁৰ ‘নাহৰ’, আৰু ‘সোণ হালধীয়া পাত’ শিৰোনামৰ সুন্দৰ দুটি কবিতা পাঠ কৰে। সকলোৰে পৰিচিত কবি, গল্পকাৰ, চিনেমা-সমালোচক, সম্পাদক আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক অনুভৱ তুলসীদেৱে প্ৰথমে চুটি কেইটিমান কবিতা পাঠ কৰি ‘পানী সম্ভৱ’, ‘দিন-ৰাতি’ আৰু ‘অলপ বেছি’ কবিতা তিনিটাৰে উপস্থিত ৰাইজৰ মন মোহে। কেলিফ’ৰ্ণিয়াৰ ছান হোজে নিবাসী অৱসৰপ্ৰাপ্ত অভিযন্তা আৰু কবি, লিখক প্ৰণবেন্দ্ৰ শৰ্মা দেৱৰ ‘পৰিব্ৰাজক’ আৰু ‘উন্মুক্ত পথৰ বিমোহিত আকৰ্ষণ’ শিৰোনামৰ কবিতা দুটি আৰু ৰসাল বক্তব্যই সকলোৰে সমাদৰ লাভ কৰে। অসম এছ’ছিয়েশ্বন উত্তৰ আমেৰিকাৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা জোনালী বৰুৱাই সভানেত্ৰী, কবি, লিখিকা, অনুবাদক আৰু তিনিটা আমেৰিকান গ্ৰুপৰ প্ৰাক্তন হেড অৱ প্ৰডাকশ্বন, এণ্ড হেড অৱ কম্প্লায়েঞ্চ এণ্ড ক্ৱালিটি এশ্বিয়’ৰেন্স চৈয়দা জেবীন‌ চাবীৰা শ্বাহৰ বিষয়ে দুই এষাৰ কৈ তেওঁক নিজৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনায়। সভানেত্ৰী শ্বাহে তেওঁৰ ‘ৰণদুন্দুভি নবজাবা বন্ধু’ শীৰ্ষক যুদ্ধ বিৰোধী কবিতাটো আৰু ‘পৰ্বত, পাহাৰ আৰু অৰণ্য’ শিৰোনামৰ পৰিবেশগত অৱনতিক লৈ লিখা চুটি কবিতা এটি পাঠ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতেও অসমৰ সকলো জনগোষ্ঠীৰ মাজত ভালপোৱা, মৰম-চেনেহ অব্যাহত ৰাখিবলৈ কবিতাৰ দলং খোলা ৰাখিব বুলি জনায়।