অসম মেঘালয় সীমান্তৰ পাঁচখন প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২৫ লক্ষাধিক টকাৰ  অনুদান, আধাৰশিলা স্থাপন 

অসম মেঘালয় সীমান্তৰ পাঁচখন প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২৫ লক্ষাধিক টকাৰ  অনুদান, আধাৰশিলা স্থাপন 

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ অসম – মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে ৰাণী শিক্ষা খণ্ডৰ অধীনৰ তথা দক্ষিণ ভোলাগাওঁ গাঁও পঞ্চায়তৰ অন্তৰ্গত মেঘালয় সীমান্তৰ পাঁচখন প্ৰাথমিক বিদ্যালয় ক্ৰমে মানিকপুৰ প্ৰাথমিক বিদ্যালয় , পুৰাণ শুকুৰবেৰীয়া প্ৰাথমিক বিদ্যালয় , বিৰিগাঁও প্ৰাথমিক বিদ্যালয় , নতুন বাতাবাৰী প্ৰাথমিক বিদ্যালয় আৰু কুমাৰবৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিখনৰে আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰা হয় । প্ৰতিখন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫ লাখ ৮ হাজাৰ ২০০ টকাৰ অনুদান আগবঢ়োৱা হৈছে । আনহাতে আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে ৰাণী খণ্ড শিক্ষা বিষয়া লাচিত বসুমতাৰীয়ে আঁত ধৰা অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আন্তঃগাঁথনি উন্নয়নৰ বাবে দিয়া প্ৰতিটো টকাৰে যাতে সদব্যৱহাৰ হয় তাৰ কামনা কৰে । অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা , পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , কামৰূপ জিলা কমিটীৰ সাধাৰণ সম্পাদক পৰেশ বৰুৱা ,  ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনকে ধৰি কেবাজনো বিশিষ্ট লোক , কনিষ্ঠ অভিযন্তা অৰ্পনা বৰাকে ধৰি ৰাণী প্ৰাথমিক শিক্ষা খণ্ডৰ কেবাজনো কৰ্মচাৰী উপস্থিত থাকে । আনহাতে বিধায়ক কলিতাই অসম দৰ্পন আঁচনিৰ অধীনত অঞ্চলটোৰ মানিকপুৰ বংশীগোপাল নামঘৰ আৰু ফুটুকীবাৰী দেৱালয় নামঘৰৰ  ( মানিকপুৰ ) আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন  কৰে । ইফালে বিধায়ক কলিতাই  কংগ্ৰেছ দলকে ধৰি এটা ন্যস্তস্বাৰ্থ জড়িত মহলে বিগত কিছুদিন ধৰি অপপ্ৰচাৰ কৰাৰ দৰে পশ্চিম গুৱাহাটীৰ কোনো অঞ্চল মেঘালয়ত চামিল কিম্বা হস্তান্তৰ কৰা হোৱা নাই বুলি সদৰি কৰে ।