অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিৰ কৃষি মন্ত্রীলৈ এক স্মাৰক পত্ৰ প্ৰদান

pc wikipedia

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিৰ কৃষি মন্ত্রীলৈ এক স্মাৰক পত্ৰ প্ৰদান

ধাননি খেতি পথাৰত দেখা দিয়া অচিন ৰোগৰ নিৰ্মুলকৰণৰ ব্যৱস্থা গ্ৰহণৰ দাবীত বৰভাগ ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ স্মাৰক পত্ৰ।

অনলাইন বাৰ্ত্তাসেৱা – নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাওঁত ধাননি খেতি পথাৰত দেখা দিয়া অচিন ৰোগৰ নিৰ্মুলকৰণৰ ব্যৱস্থা তথা খেতিয়কক সকাহ প্ৰদান কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিয়ে অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্রীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে।বৃহত্তৰ বৰভাগ অঞ্চলৰ প্ৰায় সংখ্যক লোক কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল যদিও বিভিন্ন সময়ত কৃষক সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হব লগা হয়।কিন্তু কৃষকৰ এই সমস্যা সমূহৰ সমাধানৰ ক্ষেত্রত বিভাগীয় কৰ্তৃপক্ষই সময়োপযোগী ব্যৱস্হা গ্রহণ কৰা দেখা পোৱা নাযায়।যাৰ ফলত কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল লোক সকলে সমস্যাৰ সন্মুখীন হব লগা হয়।ঠিক তেনেদৰে বৰ্তমান বৃহত্তৰ বৰভাগ অঞ্চলৰ প্ৰায় সংখ্যক খেতি পথাৰৰ ধাননি খেতিত এক অচিন ৰোগে দেখা দিছে যাৰফলত ধাননি খেতি সমূহ নষ্ট হবলৈ ধৰিছে যিয়ে কৃষক সকলক চিন্তিত কৰিছে।এই সমস্যা সমূহ সমাধান কৰি কৃষক ৰাইজক সকাহ প্ৰদান কৰিবলৈ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি চিন্ময় পৰাশৰ আৰু সাধাৰণ সম্পাদক ময়ুৰ ৰহমান স্বাক্ষৰিত এখন স্মাৰক পত্ৰ বৰভাগ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰ কৃষি মন্ত্রীলৈ প্ৰেৰণ কৰে।স্মাৰকপত্র প্ৰদান কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতাই কয় যে- বৃহত্তৰ বৰভাগ অঞ্চলৰ প্ৰায় ভাগ খেতি পথাৰৰ ধাননি খেতি সমূহ এক অচিন ৰোগে দেখা দিছে কিন্তু দুৰ্ভাগ্য জনক কথাটো হল যে বিভাগীয় কৰ্তৃপক্ষৰ এই ধাননি খেতি সমূহ পৰিদৰ্শন কৰি এই ৰোগ বিধৰ পৰা কৃষক সকলক সকাহ প্ৰদান কৰাৰ বাবে তেখেত সকল সময়ৰ অভাৱ।সেয়েহে উক্ত বিষয়টো গুৰুত্ব সহকাৰে গ্রহণ কৰি কৃষক ৰাইজক সকাহ প্ৰদান কৰিবলৈ তেওঁ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই।স্মাৰকপত্র প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা,বৰভাগ আঞ্চলিক সমিতিৰ উপ-সভাপতি ৰাতুল আহমেদ, সাধাৰণ সম্পাদক ময়ুৰ ৰহমান,সদস্য অনুপ কলিতা আৰু পাৰ্থ ডেকা ।