অসম চৰকাৰৰ জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ উদযাপন

অসম চৰকাৰৰ জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ উদযাপন

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰ, অসমৰ উদ্যোগত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ উদযাপনৰ লগতে এটা নৱনিৰ্মিত ছাত্ৰাৱাস, কম্পিউটাৰ কক্ষ আৰু সভাকক্ষও মুকলি কৰে৷ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে শুভ উদ্বোধন কৰি কয় যে- এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ, কিয়নো আজিৰ এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ আধুনিকীকৰণৰ ব্যৱস্থাই আমাৰ বিষয়া আৰু ক্ষেত্ৰ বিষয়াসকলৰ আধুনিক ৰাজহ আৰু ভূমি ব্যৱস্থাপনা তথা সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিবত্তৰ্ন অনাত নিশ্বয়কৈ সহায় কৰিব৷ এই শুভ উদ্বোধন কৰা হোষ্টেলটোত সকলো পৰ্যায়ৰ প্ৰশিক্ষাৰ্থীৰ বাবে থকা-খোৱাৰ উন্নতমানৰ ব্যৱস্থা হাতত লোৱা হৈছে৷ সেইদৰে প্ৰযুক্তিগত ভাৱে উন্নত কম্পিউটাৰ কক্ষটোত একেলগে পঞ্চাশগৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লাভ কৰিব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে ভাষণত দোহাৰে৷ সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব ভাস্কৰ পেগু, অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সঞ্চালক পি এল এন ৰাজু, অৱসৰপ্ৰাপ্ত আয়ুক্ত নজৰুল ইছলাম, অসমৰ জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্ত্তী প্ৰমুখ্যে কেন্দ্ৰটোৰ বহু সংখ্যক প্ৰশিক্ষক-প্ৰশিক্ষাৰ্থী উপস্থিত থাকে