অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিঙৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ ৰেগিঙৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই পোহৰলৈ আহিছে আন এক ৰেগিং কাণ্ড।এইবাৰ কনিষ্ঠ ছাত্ৰক ৰেগিং কৰি বহিষ্কাৰ হ’ল অসম চিকিৎসা মহাবিদ্যালয়ৰ দুজন ছাত্ৰ। যোৱা ২১ নৱেম্বৰৰ পৰা ৬ মাহৰ বাবে বহিষ্কৃত হৈ আছে অস্থি বিভাগৰ ছাত্ৰ ক্ৰমে ডাঃ চয়ন মূখাৰ্জী আৰু ডাঃ ছাকেট ছৰফ।হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছে ছাত্ৰ দুজনক। এজন নৱাগত ছাত্ৰৰ ককায়েকে ই–মেইলযোগে তেওঁৰ ভাতৃক ৰেগিং কৰা বুলি মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছিল। নিশা জ্যেষ্ঠ ছাত্ৰ দুজনে নৱাগত ছাত্ৰজনক মাজনিশালৈ ডিপাৰ্টমেণ্টত কামত লগাইছিল। এই অভিযোগৰ পিছতে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই দুই জ্যেষ্ঠ চিকিৎসক ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।