অসম গৌৰৱ নয়নমণি শইকীয়ালৈ অৰ্জুন বঁটা

Pc- pratidintime

ৰঙিলী বাৰ্ত্তাসেৱা- কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অসম গৌৰৱ নয়নমণি শইকীয়াক আগন্তুক ৩০ নৱেম্বৰ ২০২২ তাৰিখে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে অৰ্জুন বঁটা প্ৰদান কৰিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে সোমবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২২ ঘোষণা কৰে। ক্ৰীড়াত উৎকৃষ্টত প্ৰদৰ্শন কৰা খেলুৱৈক স্বীকৃতি আৰু পুৰস্কৃত কৰিবলৈ প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। অৰ্জুন বঁটা আগৰ চাৰি বছৰৰ সময়ছোৱাত উৎকৃষ্ট প্ৰদৰ্শন আৰু নেতৃত্ব, খেলুৱৈ আৰু ক্ৰীড়াত অনুশাসনৰ অনুভূতি প্ৰদৰ্শন কৰাৰ বাবে প্ৰদান কৰা হয়। ইপিনে, বঁটা বিজয়ীসকলে ৩০ নৱেম্বৰত আবেলি ৪ বজাত ৰাষ্ট্ৰপতি ভৱনত এক বিশেষ অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা লাভ কৰিব।