অসমৰ ৰাজনীতিৰ স্বঘোষিত সৎ মানুহজন অখিল গগৈ– ফখৰুদ্দিন আহমেদ

অসমৰ ৰাজনীতিৰ স্বঘোষিত সৎ মানুহজন অখিল গগৈ
~~~~~~~~

ফখৰুদ্দিন আহমেদ

নিজৰ ভাল গুন নিজে প্ৰকাশ কৰা মানুহবোৰ হয় মুৰ্খ নহ’লে অহংকাৰী। এয়া অসমীয়া সমাজ জীৱনৰ প্ৰচলিত প্ৰবচন স্বৰূপ। ৰামায়ন , মহাভাৰত , বেদ, উপনিষদ , পুৰান , ভাগৱত , গীতা , কোৰান , হাদিছ , বাইবেল , গুৰু গ্ৰন্থ চাহিব আৰু ত্ৰিপিটক আদি কোনো ধৰ্ম গ্ৰন্থত নিজৰ ভাল গুন নিজে প্ৰকাশ কৰাৰ সম্পৰ্কত কোনো নিৰ্দেশ নাই। হিতোপদেশাৱলীটো এনে ধৰনৰ কোনো ঘটনা বা আদৰ্শৰ কথা পোৱা নাযায়। উল্লেখিত গ্ৰন্থ সমূহত এনে ধৰনে নিজে নিজৰ ভাল গুন প্ৰকাশ কৰি নিজকে সৎ বুলি প্ৰতিপন্ন কৰিবলৈ আহোপুৰোষাৰ্থ কৰা লোক সকল সময়ত গৈ অহংকাৰী ৰূপত প্ৰকাশ হৈছে আৰু শেষত বেয়া ধৰনে পতন হৈছে। উদাহৰন স্বৰূপে ভাৰতীয় পৰম্পৰাৰ প্ৰচলিত কাহিনী ভক্ত প্ৰহ্লাদ আৰু পিতৃ হিৰন্যক শিপুৰ কথাকে উল্লেখ কৰিব পাৰি।
অখিল গগৈ অসমৰ সমাজ জীৱনৰ প্ৰতিটো ইতিবাচক দিশৰ লগত জৰিত হৈ জনসাধাৰনৰ প্ৰাপ্যৰ বাবে আন্দোলনত নেতৃত্ব দিয়া সাম্প্ৰতিক সময়ৰ এগৰাকী ব্যক্তি আছিল।কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰন সম্পাদক পদৰ পৰা আৰম্ভ কৰি কৃষক মুক্তি সংগ্ৰাম পৰিষদ , অসমৰ সভাপতি তথা উপদেষ্টা পদলৈ লগতে অসমৰ ৰাজনীতিত সক্ৰিয় ভাবে জৰিত হৈ জাতীয়তাবাদী আদৰ্শৰে গঠিত ৰাইজৰ দলৰ সভাপতি হৈ উক্ত দলটিৰ প্ৰাৰ্থী ৰূপে জেলৰ পৰা শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা বিগত অসম বিধান সভাৰ নিৰ্বাচনত বিধায়ক হিচাপে জিকি অহালৈকে অসমৰ ৰাইজৰ সপোনবোৰৰ সৈতে জৰিত হৈ আছিল। বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত ভবিষ্যতে অসমৰ ৰাজনীতিত কেনেকৈ টিকি থাকিব পাৰি সেই বিষয়ত সম্প্ৰতি সচেতন হোৱা বাৰুকৈয়ে দৃষ্টিগোচৰ হৈছে। অৱশ্যে অসমৰ বি জে পি চৰকাৰৰ বৰ্তমানৰ আমোলত ” নিয়া” ৰ গোচৰত অভিযুক্ত হৈ প্ৰায় ডেৰ বছৰ কাল কাৰাগাৰত কটাবলগা হৈছিল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমত গঢ়ি তোলা আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবেই অখিল গগৈক মাও সন্ত্ৰাসবাদীৰ লগত জৰিত থকা আৰু বহুতো গোচৰত অভিযুক্ত কৰি কাৰাৰূদ্ধ কৰা হৈছিল।
সাম্প্ৰতিক সময়ত অখিল গগৈ অসমৰ এজন দায়বদ্ধ জন প্ৰতিনিধি।অসমৰ জনসাধাৰন আৰু শিৱসাগৰৰ জনসাধাৰনে অখিল গগৈক পূৰ্বৰ অখিল গগৈ জন হৈ থকাটো অন্তকৰনেৰে বিচাৰে। অখিল গগৈক অসমৰ জাতি ,ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষ সাম্প্ৰদায়িক সম্প্ৰীতিৰ সমন্বয়ক হৈ থকাটোও বিচাৰে। ” কা আন্দোলন” ৰ নেতৃত্ব থকা সময়ত হোৱা আন্দোলনৰ কাৰ্যসূচীত অংশ গ্ৰহন কৰি শ্বহীদ হোৱা সকলৰ ত্যাগৰ বিনিময় যাতে তেখেত সকলৰ পৰিয়াল তথা অসমৰ জনসাধাৰনে লাভ কৰিব পাৰে সেই বিষয়টো অখিল গগৈৰ সাম্প্ৰতিক সময়ত সক্ৰিয় ভূমিকাৰ প্ৰদৰ্শন কৰাত বিলম্ব নকৰে তাকো অসমৰ জনসাধাৰনে বিচাৰে।
কা আন্দোলনৰ সময়ত আন্দোলনকাৰী বিশাল জনতাৰ লগত বাছ গাড়ীৰ ওপৰত উঠি নেতৃত্ব দিয়া অখিল গগৈ আৰু কাৰাৰূদ্ধ অবস্থাতেই কাৰাগাৰৰ পৰা নিৰ্বাচন খেলি বিধায়ক নিৰ্বাচিত আৰু কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি জনসাধাৰনৰ মাজলৈ অহা অখিল গগৈৰ মাজত কিছুমান প্ৰাৰ্থক্য ইতিমধ্যে পৰিলক্ষিত হৈছে। অৱশ্যে কূটিল ৰাজনীতিত পৰিপক্ক নহ’লে ৰাজনৈতিক পথাৰ খনত টিকি থকা টান।সেয়েই হয়তু এই পৰিবৰ্তন।
বিধায়ক অখিল গগৈৰ সাংবাদিক মেল এখন দেখিলো।য’ত বিধায়ক গৰাকীয়ে সাংবাদিক সকলক প্ৰশ্ন কৰিছে যে যদি অখিল গগৈক সাংবাদিকে প্ৰশ্ন কৰে এই সময়ৰ অসমৰ ৰাজনীতিৰ সৎ মানুহ জন কোন ? লগে লগে বিধায়ক গৰাকীয়ে নিজেই উত্তৰ দিছে যে সেই জন অখিল গগৈ বুলি ক’ব। প্ৰশ্ন আৰু উত্তৰ কিমান যুক্তি সংগত লগতে ঔচিত্যতা কিমান সেয়া বিচাৰ্যৰ বিষয়।
অসমত কিছু মাহৰ পিছত অনুষ্ঠিতব্য বিধান সভাৰ উপনিৰ্বাচনত বি জে পি বিৰোধী শিবিৰক শক্তিশালী কৰা আৰু উপনিৰ্বাচনত বি জে পিক পৰাজিত কৰিবলৈ কংগ্ৰেছৰ মহাজোঁট বন্ধনত নব গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ যোগদানৰ বাবে আহ্বান জনাইছিল।এই ক্ষেত্ৰত চ’চিয়েল মেডিয়া , নিউজ পৰ্টেল আৰু নিউজ চেনেল সমূহত মহাজোঁট বন্ধনত যোগদান প্ৰসংগত বিধায়ক অখিল গগৈয়ে যিবিলাক মন্তব্য আগবঢ়াই আছে সেই বিলাকৰ জৰিয়তে কেৱল অসমৰ ৰাজনীতিৰ পথাৰখনতেই বিভ্ৰান্তিৰ পয়োভৰ ঘটিব এনে নহয় অসমৰ সমাজ জীৱনৰ সাম্প্ৰদায়িক সম্প্ৰীতিটো কুঠাৰাঘাত হ’ব পাৰে। ৰাজনৈতিক ভাবে বিধায়ক গৰাকীয়ে ব্যক্ত কৰিছে যে বি জে পি আৰু এ আই ডি ইউ এফ দুয়োটাই সাম্প্ৰদায়িক ৰাজনৈতিক দল। বিগত বিধান সভাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত আসনৰ বুজাবুজি হৈছিল। কিন্তু সময়ত গৈ বিভিন্ন বিধান সভা সমষ্টিত দুয়োটা দলেই প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। এনে ধৰনৰ ৰাজনীতিৰ দ্বাৰা কোন দলৰ লাভবান হৈছিল অসমৰ ৰাইজৰ নখ দৰ্পনত আছে। মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলক কি কাৰনে বিধায়ক অখিল গগৈয়ে সাম্প্ৰদায়িক দল বুলি আখ্যা দিলে তাৰ উচিত ব্যাখ্যা তেখেতৰ ওচৰত আছে নে ? নে কেৱল মৌলানা বদৰুদ্দিন আজমল নেতৃত্বত আছে কাৰনেই এ আই ইউ ডি এফ দল বিধায়ক অখিল গগৈৰ দৃষ্টিত সাম্প্ৰদায়িক দল? কিন্তু সাম্প্ৰতিক সময়লৈ শিল্পী শিখাকে ভিতৰ কৰি যি সকল জটিল ৰোগত আক্ৰান্ত অসমৰ নাগৰিকক মৌলানা বদৰুদ্দিন আজমলে লাখ লাখ কৌটী কৌটী টকা খৰছ কৰি চিকিৎসা সেৱা আগবঢ়াই নতুন জীৱন প্ৰদান কৰিলে সেই সকল কেৱল ইছলাম ধৰ্মাৱলম্বীয়েই নে? নহয় , অসমত বসবাস কৰা প্ৰতিটো ধৰ্মৰ , প্ৰতিটো জনগোষ্ঠীৰ লোক সেই তালিকাত অন্তৰ্ভুক্ত হৈ আছে। এই কথাৰ ভূ বিধায়ক অখিল গগৈয়ে নিশ্চয় নজনা নহয়। অসমৰ জনমানসত মৌলানা বদৰুদ্দিন আজমলক হেয় প্ৰতিপন্ন কৰিবলৈ অপচেষ্টা অব্যাহত ৰাখিলে অনাগত দিনবোৰত বিধায়ক অখিল গগৈ হাঁহিয়তৰ পাত্ৰ যে হ’ব সেয়া নিৰ্ঘাট সত্য।বিধায়ক অখিল গগৈয়ে আপত্তি কৰা আন এটা দিশ হ’ল মৌলানা বদৰুদ্দিন আজমলে ” আল্লাহু আকবাৰ ” শব্দৰ উচ্চাৰন কৰে। কেৱল মৌলানা বদৰুদ্দিন আজমলেই নহয় বিশ্বৰ প্ৰতিজন মুছলমানে কিছুমান বিশেষ কামত যেনে নমাজ আৰম্ভ কৰোতে , নমাজৰ বাবে আজান দিওতে , কোনো বিশেষ ব্যক্তিক আদৰনি জনাওতে , সভা-সমিতি আদিৰ বিশেষ ক্ষনত ” আল্লাহু আকবাৰ ” উচ্চ স্বৰে উচ্চাৰন কৰে। পাকে প্ৰকাৰে ইচ্ছাকৃত ভাবে ইছলাম ধৰ্মাৱলম্বী সকলৰ ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ এয়া বিধায়ক গৰাকীৰ অনুশীলন নহয় নে? তেখেতে কাৰাগাৰৰ পৰা মুক্ত হৈ সংবাদসেৱী সকলক সম্বোধন কৰি মন্তব্য কৰিছিল যে তেখেতক কাৰাগাৰত থকা অৱস্থাত বি জে পিত যোগদান আৰু মন্ত্ৰীত্বৰ টোপ দিছিল ।তেতিয়া এইটো অভিযোগ আছিল আৰু সম্প্ৰতি তেখেতে হয়তু অনুধাবন কৰিছে যে অসমৰ ৰাজনীতিত টিকি থাকিবলৈ হ’লে মৌলানা বদৰুদ্দিন আজমলৰ বিৰিধীতা আৰু পাকে প্ৰকাৰে মুছলমান সকলৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিবই লাগিব।
ইতিমধ্যেই মহাজোঁট বন্ধনত চামিল হৈ থকা এ আই ডি ইউ এফক সাম্প্ৰদায়িক দল বুলি আখ্যায়িত কৰি মহাজোঁট বন্ধনৰ পৰা আতৰাবলৈ কৰা যত্নৰ ফলস্বৰূপে কংগ্ৰেছ দলে এ আই ইউ ডি এফক কোনো কাৰনতে উলিয়াই নিদিয়ে বুলি কৰা ঘোষনাই বিধায়ক অখিল গগৈৰ দাবীক নস্যাৎ কৰিলে। পশ্চিমবংগৰ তৃনমূল কংগ্ৰেছৰ নেতৃ মমতা বেনাৰ্জীৰ লগত বৈঠক কৰি বিধায়ক গৰাকীৰ আদৰ্শত অসমৰ জাতীয়তাবাদৰ স্থান সম্পৰ্কত অসমবাসীক কথাই কামে বুজাই দিলে।
নবগঠিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কথাই কামে অসমক প্ৰগতিৰ পথত আগবঢ়াই নিবৰ বাবে বদ্ধ পৰিকৰ হৈ সেই মতে ব্যবস্থা গ্ৰহন কৰিছে। গনতন্ত্ৰত বিৰোধী দলৰ ভূমিকা অপৰিসীম। বিৰোধী দল মানে যিকোনো কথাতে বিৰোধীতা কৰাটোৱেই নহয়। কিছু কিছু ক্ষেত্ৰত বিৰোধীতাও কৰিব লাগিব ।কিন্তু নীতি নিয়মৰ মাজেৰে ইতিবাচক মনোভাবেৰে। অসম বিধান সভাৰ মজিয়াত এই দুয়োটা দিশৰ অভাব বাৰুকৈয়ে পৰিলক্ষিত হৈছে।হকে বিহকে যেতিয়াই তেতিয়াই চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকাৰ নাম উন্নয়ন নহয়।ৰাজ্য খনৰ উন্নয়নৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰা অনিবাৰ্য কৰ্তব্য।
অসমৰ ৰাজনীতিৰ সৎ মানুহ কোন এয়া এক বিৰাট জটিল প্ৰশ্ন । উত্তৰৰ বাবে মোকাবিলা কৰিবলৈ উৎসও আছে। একে আষাৰে এই সম্পৰ্কত বিবেচনাৰ তুলাচনীত উঠিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ প্ৰয়াত শৰৎ চন্দ্ৰ সিংহ। তাৰ পিছত অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী শ্ৰদ্ধাৰ থানেশ্বৰ বৰো লগতে অসম গন পৰিষদৰ আমোলৰ মৰিয়নিৰ বিধায়ক শ্ৰদ্ধাৰ প্ৰয়াত নৰেন তাঁতী । তালিকাখন আৰু দীঘলীয়া হোৱাৰ থল আছে।
অসমৰ ৰাজনীতিৰ সৎ মানুহৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পথত মাত্ৰ ভৰিহে দিছে বিধায়ক অখিল গগৈয়ে। তেখেতৰ মন্তব্য ফলৱতী হওক। কিন্তু তাৰ বাবে সস্তীয়া ৰাজনীতি ত্যাগ কৰি মূল্যবোধৰ ৰাজনীতি কৰাৰ মানসিকতাক বুকুত আৰু নিজৰ আদৰ্শত আকোৱালি ল’ব লাগিব।

মোবাইল নং-৮৬৩৮৩১২৭০৭