“সকলো বিষাদ মাথোঁ” – নিলোৎপল

pc Printerest

সকলো বিষাদ মাথোঁ

হঠাতে বিলীন হৈ সকলো সাপোন

হঠাতে হেৰাই যাই আকৌ সকলো

পাই হেৰুৱাতকৈ নাপাই হেৰুৱা শ্রেয়

মই তোমাৰ তুমি মোৰ

মাথোঁ মোৰ মনৰ কল্পনাত

সপোন জানো সচা হয় ?

প্রশ্ন কৰো মই নিজকে..

উত্তৰ আহে নহয়।

ম‍ই তাতে স্তব্ধ হৈ ৰও এটি পল।

আকৌ কানে কানে মোক কৈ

অশ্রু দিঠকতকৈ মিঠা স্বপ্ন শ্রেয়

আকৌ হেৰাই যাওঁ সাপোনৰ পৃথিৱীত।

আকৌ এবাৰ সচাঁ কৰাৰ পৰিকল্পনা

আকৌ তুমি মই হোৱা মিঠা স্বপ্ন

হেজাৰ বেদনা বুকুত বান্ধি ৰয়

সেই প্রতি পল অনুপল

মাথোঁ এটি মিঠা হাঁহিত,

বুকুৰ বেথা মিঠা হৈ

আবিৰ খনা চাৱনিত,

লাহে লাহে আকৌ প্রশ্ন কৰে কোন ?

কোন তুমি?

মই তোমাৰ সচা নোহোৱা মিঠা স্বপ্ন

বেজাৰত ভাঙিব খোজা হৃদয়ে কৈ

নেযাবি বৈ মৰম নৈত

লিপ্ত কৰাব তোক মৰম সাগৰত

আকৌ হেৰাই পেলাবি মৰম নৈ

বোৱতী নৈত ৰাখিবি বান্ধ মৰমৰ

নেহেৰাবি বোপা স্বপ্ন।

কিছু আবেগিক কিছু হুমুনিয়াহ

কিন্তু আকৌ মিঠা সেই স্বপ্ন

হেৰাই দিয়ে আকৌ সকলো।

মাথোঁ এটিয়ে প্রশ্নৰ উত্তৰ ৰৈ যায়

কিয় নোৱাৰো সপোন সচা কৰিব ??

.. নিলোৎপল