জীৱন নাটৰ লগৰী — গায়ত্ৰী পূজাৰী

pc-love in 90days

জীৱন নাটৰ লগৰী

হেৰা তোমাৰ গা বেয়া নেকিহে?
কিয় নহয়টো।
আজিকালি তোমাৰ মেচিনগানটো বৰকৈ নচলে যে সেয়ে সুধিলো বৰুৱাই ৰসিকতা কৰি ক’লে।
হ’ব আপোনাৰ মোক পেংলাই কৰোতেই যাব।ঘৈনীয়েকে মুখখন ওফণ্ডাই পাকঘৰ পালেগৈ।

ঘৈনীয়েকে একো নাই হোৱা বুলি ক’লেও বৰুৱাই কিন্তু ঘৈনীয়েকৰ পৰিৱৰ্তন বাৰুকৈয়ে অনুভৱ কৰিছে।আগৰ ৰাংঢালী মানুহজনী যেন কৰবাত হেঁৰাই গ’ল।আগতে বৰুৱাই জোকালে সমানে সমানে উত্তৰ দিছিল।আজিকালি মানুহজনী ভাবুক হৈ যায়।

নিবি,মাকো লগত নিব পাৰিলো হয়।মা বুঢ়ী মানুহ ক’ত আমাৰ লগত যাব।পুতেক বোৱাৰীয়েক কথাবৰ্তা শুনি মাকৰ মনটো মৰি গ’ল।ঘৰৰ কাম কৰিবলৈ হ’লে মই বুঢ়ী নহয়।ফুৰিবলে লগত নিয়া সময়তহে বুঢ়ী মই।বোৱাৰীলে খং এটা উঠি আহিল।পুতেকেও ঘৈনীয়েকৰ কথা শুনি আকৌ মাকক লগ নধৰিলে।

মানুহজনীৰ হলত চিনেমা চোৱাৰ বৰ হেঁপাহ আছিল আগৰে পৰাই।ইহঁতবোৰ সৰু থাকোতে জা,ননন্দৰ লগত হলত কম চিনেমা চালে নে ।ল’ৰা ছোৱালীলৈ বাছত যাবলে অসুবিধা বাবে গাড়ী এখন ভাৰা কৰি দিছিলো।শহুৰেকেও পুতেক বোৱাৰীয়েকৰ কথোপকথন খিনি শুনি কথাখিনি মনতে ভাবিলে।মানুহ জনীলৈ বেয়াও লাগিছিল। মুখ ফুটাই নকলেও তেওঁৰো যে চিনেমাখন চাব মন আছিল গিৰীয়েকে ভালকৈয়ে বুজিছিল।হ’লেও বোৱাৰীয়েকৰ কথাটোও মিছা নহয়।তাই নিজৰ জেগাত শুদ্ধ।তাইনো ঘৰখনলৈ অহা কিমান দিন হৈছে।তাইও গিৰীয়েকৰ লগত সময় কটাব বিচাৰে নিবিড়ভাবে।
বৰুৱাৰ চিন্তা হ’ল যদি এনেকৈ থাকে শাহু বোৱাৰীৰ মাজত এটা ব্যৱধান আহিব আৰু যিটোৱে তেওঁলোকৰ সমন্ধটোকে পঙ্গু কৰি পেলাব।ঘৰখনৰ সুখ শান্তিবোৰতও ব্যাঘাত জন্মাব। কিছুমান সৰু কথা সময়ত সৰ্তক নহ’লে ডাঙৰ ব্যাধিৰূপে দেখা দিয়ে।মানুহৰ সম্পৰ্কবোৰ বৰ ঠুনুকা সময় মতে যদি ইয়াক দৃঢ় কৰিব নোৱাৰি ক’বটো নোৱাৰি সময়ৰ কোবাল সোঁতত ই কোনফালে ঢাপলি মেলে।বৰুৱাই নিজৰ মাজতে কথাবোৰ পাগুলি থাকি ড্ৰয়িংৰুম পালেহি।হেৰি চাহ একাপ খাব নেকি?বৰুৱানীৰ মাতত তেওঁ সচকিত হৈ উত্তৰ দিলে খাব পাৰি।তুমি দিলেটো মই বিষও খাম।পৰিবেশটো পাতলাবলৈয়ে বৰুৱাই ক’লে।পুতেক বোৱাৰীয়েক চিনেমা চাবলৈ ওলাই যোৱাৰ পৰা মলিন হৈ থকা মুখখন বৰুৱাৰ কথাষাৰে পোহৰাই তুলিলে।কৃত্ৰিম খং এটাৰে বৰুৱানী পাকঘৰ পালেগৈ।

চাহৰ কাপত চুমুক দি বৰুৱা দম্পতী অতীতৰ মায়াময় সময়ত হেৰাই গ’ল।অতীত ৰোমন্থনৰো এটা নিজস্ব মাদকতা আছে।বৰুৱানীৰ মনটো প্ৰফুল্লিত হৈ পৰিল।প্ৰিয়জনৰ সান্নিধ্যই তেওঁক যেন সজীৱতা প্ৰদান কৰিলে।অলপ আগলৈকে থকা অহেতুক দুখৰ কলীয়া ডাৱৰ এতিয়া যেন তেওঁৰ পৰা বহুত দূৰত।

বৰুৱাই বজাৰৰ পৰা আহি বৰুৱানীক চিঞৰি থকাত ঘৰৰ সকলো আহি ড্ৰয়িং ৰুমত গোট খালে।বৰুৱাই বৰুৱানীলৈ পেকেট এটা আগবঢ়াই দি ক’লে যোৱা এইটো পিন্ধি সোনকালে ওলাই আহা।বহুত দিন হ’ল আমি ক’তো ফুৰিব যোৱা নাই।বোৱাৰী আমি ৰাতিৰ আহাৰ বাহিৰতে খাম।বোৱাৰীয়ে মিচিঁকিয়া হাঁহিৰে কৈ উঠিল থিক আছে দেউতা আহোতে কিন্তু মিঠাই আনিবলৈ নাপাহৰিব।বোৱাৰীয়েকৰ কথাত বৰুৱানীৰ মনটো ভাল লাগি গ’ল।বোৱাৰী দেখুন তেওঁ ভবাৰ দৰে নহয়।তেওঁ নিজৰ ভুলটো বুজি পালে।মিছাই তেওঁ বোৱাৰীক ভুল বুজি আছিল।বোৱাৰীয়ে তেওঁক কেতিয়াও অৱমাননা কৰা নাই।সকলোৱে নিজৰ ঘৰখন,নিজৰ পৰিয়ালটো নিজৰ মতে চলাব বিচাৰে।সেইটোতো কেতিয়াও ভুল হ’ব নোৱাৰে।আজিটো বোৱাৰীয়েকে তেওঁ ফুৰিব যাবলৈ ওলোৱাত মন বেয়া কৰা নাই।তেতিয়াহ’লে তেওঁ কিয় পুতেক বোৱাৰীয়েক ওলাই গ’লে মন বেয়া কৰে।শাহু বোৱাৰীৰ দৰে এটা ভাল সমন্ধ অলপ মান অসাৱধানতাৰ বাবেই কলুষিত হয়।নাই নাই তেওঁ এনেকুৱা হ’বলৈ কেতিয়াও নিদিয়ে।তেওঁ বোৱাৰীক বান্ধৱীৰ দৰে ব্যৱহাৰ কৰিব যাতে তাই মনৰ সকলো কথা তেওঁক খুলি ক’ব পাৰে।যিবোৰ নিজৰ জীৱনসংগীকো কেতিয়াবা ক’ব নোৱাৰি।জীয়েকক বিয়া দিয়াৰ পৰা এই অভাব তেওঁ বাৰুকৈয়ে অনুভৱ কৰিছিল।এতিয়া সেই অভাব বোৱাৰীয়েক নিবিয়ে পূৰা কৰিব।
মা,সোনকালে কৰক আকৌ নহ’লে দেৰি হ’ব নহয় আপোনালোকৰ।বোৱাৰী মাততহে বৰুৱানীৰ সম্বিত ঘূৰি আহিল।

নতুন মেখেলা চাদৰ যোৰে তোমাক কিন্তু বৰ ধুনীয়া লাগিছে দেই।বৰ মৰমত দিছে নহয় দেউতাই ধুনীয়াটো লাগিবই।পুতেকৰ কথাৰ ওপৰতে বোৱাৰীয়েকে মাত লগালে।উম হয় দেই, ধুনীয়াটো লাগিবই পচন্দ কাৰ।বৰুৱাইও পুতেক বোৱাৰীৰ কথাত সহযোগ কৰিলে।ঘৰখনৰ পৰিবেশটো নিমিষতে আনন্দমুখৰ হৈ পৰিল।বৰুৱানীয়ে দুচকু মুদি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিলে মোৰ সংসাৰখন এনেদৰেই ৰাখা প্ৰভু।আনন্দৰ অশ্ৰুৱে বৰুৱানীৰ মনৰ সকলো কলুষতা ধুই নিকা কৰি পেলালে।বৰুৱাই আঁৰ চকুৰে ঘৈনীয়েকৰ মুখৰ উজ্জ্বলতা দেখি স্বস্তিৰ নিস্বাস এৰিলে।মোৰ ঘৰখন আজি হে পূৰ্ণ হ’ল।বৰুৱাই নিজকে ক’লে, তোমাৰ সকলো সুখ,দুখেই মই অনুভৱ কৰিব পাৰো কিয় জানা কাৰণ আমি যে জীৱন নাটৰ লগৰী।

গায়ত্ৰী পূজাৰী
দেৰগাওঁ,গোলাঘাট