অসমীয়া সংস্কৃতিৰ মহীৰূহ কলা গুৰু বিষ্ণুৰাভা –  যমুনা দুলু বৈশ্য

অসমীয়া সংস্কৃতিৰ মহীৰূহ কলা গুৰু বিষ্ণুৰাভা

 যমুনা দুলু বৈশ্য,শুৱালকুছি

বিশ্বৰ প্ৰান্তে প্ৰান্তে তুমি প্ৰবাহমান
অসমীয়া গাঁৱলীয়া দুখীয়াৰ
হালোৱাৰ হজুৱা,বনুৱাৰ প্ৰাণৰ বন্ধু
গীতৰ সুৰেৰে গঢ়িলা আলোড়ন
হে , কলাগুৰু বিষ্ণুৰাভা
ৰূপান্তৰে নিৰ্ভীক পৰিচয় দিলা
জনতাৰ প্ৰাণত ।

অসমীয়া সংস্কৃতিৰ মহীৰূহ, বিপ্লৱী চেতনাৰ প্ৰতীক, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি পৰিচয়ৰে যি গৰাকী মহান শিল্পীয়ে নিজৰ জীৱনক জনতাৰ বাবে উৎসৰ্গা কৰিছিল, যাৰ কলম আৰু কণ্ঠত অনুৰণিত হৈছিল শোষিত-বঞ্চিতৰ আৰ্তনাদ, সেই গৰাকী “সৈনিক শিল্পী”ৰ আদৰ্শ আমাৰ বাবে সদায় প্ৰেৰণাৰ উৎস। তেওঁ কেৱল এজন শিল্পীয়েই নাছিল, তেওঁ আছিল এজন সমাজ সংস্কাৰক আৰু এজন খাটি খোৱা মানুহৰ বন্ধু। তেওঁৰ কালজয়ী সৃষ্টিৰাজিয়ে আমাৰ জাতীয় জীৱনক সদায় সমৃদ্ধ কৰি ৰাখিব বিষ্ণুপ্ৰসাদ ৰাভাৰ আভা”কলাৰ দীঘল পন্থাৰ পৰা, আজি ওলায় এক নতুন ৰথ য’ত আছে ৰাভাদেৱৰ আভা!

চিন্তাৰ চোতালত বাজে ধ্বনি,জয় কলাগুৰু” দীপ্ত পথ। নাট-গীত-কবিতাৰ স্পৰ্শত,শ্ৰমিক,কৃষক,সকলৰ বাবে উদ্দেশ্যৰে লিখিছিল-

কাৰখানাৰ চিটিৰ হুমনিয়াহ
কলৰ ঘৰঘৰণি বুকু কপোঁৱা
পুৱাই লঘোন ভাত নাইকীয়া —া

নাটকত আছিল বিপ্লৱৰ ঢৌ!ৰাভা নামটো কেৱল নাম নহয়,সাহিত্য জগতত প্ৰেম-প্ৰীতি ,বিৰহ-মিলন,আত্মপ্ৰকাশৰ বিষয় বস্তু ।
এক আন্দোলন আৰু জাতিৰ প্ৰেৰণা অসমীয়াৰ বাবে লোকসংস্কৃতিৰ আধুনিক স্বৰূপ,তেওঁৰ সৃষ্টিত পালে নিৰ্মল ৰূপ!চৌদিশৰ নাট্য মঞ্চত আজি, উজলিছে ৰাভা-চেতনাৰ সূৰ্য্য তৰুণ। বিষ্ণুপ্ৰসাদৰ কবি আৰু গল্পকাৰ সাহিত্য জগতত তেওঁৰ আত্ম প্ৰকাশ কবি হিচাপে,গীতিকাৰ ৰূপটো তেওঁ উজ্জ্বল দিশ । জ্যোতি প্ৰসাদৰ মৃত্যুত ব্যথিত হৈ লিখা এই কবিতাটো বিষ্ণুপ্ৰসাদৰ কাব্য প্ৰতিভাৰ সৰ্বোৎকৃষ্ট নিদৰ্শন—

কাৰেঙৰ লিগিৰীৰ সুন্দৰ পোহৰ
ৰূপালীমৰ ৰূপকাৰ ৰূপৰ কোঁৱৰ
যাদুকৰী অফুৰন্ত লিখনিৰ পৰা
ধাৰাসাৰে বৈ থাকে অমৃত নিজৰা —-

কবিতাৰ দৰেই বিষ্ণুপ্ৰসাদৰ গল্প ‘সোণপাহি “একমাত্ৰ গল্প সংকলন ।শিশু উপযোগী গল্পবোৰ ৰাঙী-ৰংদৈ ,লখিমী কুঁৱৰী ,অজগৰ কুঁৱৰী অনন্য মিচিং কানেং”বিষ্ণুপ্ৰসাদৰ বাস্তৱসন্মত উপন্যাস ।

এগৰাকী বিপ্লৱী অভিনেতা সুবক্তা নাট্যকাৰ চিত্ৰশিল্পী গায়ক আদি বিভূষণৰে স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত আগবাঢ়ি আহিছিল আৰু অসমীয়া সংস্কৃতিক আন্তৰ্জাৰ্তিক দৃষ্টিভংগীৰে বিভিন্ন জনগোষ্ঠীৰ মাজলৈ গুৰুত্ব আৰোপ কৰিছিল ।

বিভিন্ন চিন্তাৰে অৰ্থ আৰু বৈচিত্ৰৰে গীতৰ সুৱাস ঢালিছিল ।সেই গীতবোৰ কিছু উল্লেখ কৰিলোঁ মন চুই যোৱা-সেই গীতবোৰ —

কৃষক শক্তি—

বল্‌ বল্‌ কৃষক শক্তি দল
অ’ সমনীয়া আগবাঢ়ি যাওঁ বল
জাগ্‌ জাগ্‌ জাগ্‌ জাগ্‌ মজদুৰ ন জোৱান
নিৰ্যাতিত নিপীড়িত কৃষক শক্তি শক্তিমান ।

কুৰুৱা বতাহে-

কুৰুৱা বতাহে অ ‘ জুৰকৈ বলিলে অ’
চিঞৰি মাতিলে অ’ঊষা
অ’ঊষা অ’ঊষা অ’

জীৱনৰ আকাশতে-

মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰ ধনু গঢ়িম
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম ।।

সুৰৰে দেউলৰে-

সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দিলি খুলি
পূজাৰী অ’ সুন্দৰ পুজাৰী ।

আজলী ছোৱালী-

আজলী ছোৱালী
নানা ফুলে তুলি
আনিলো আঁচল ভৰাই
সজাই ফুলেৰে অতি যতনেৰে
বৰালো বৰণ শৰাই ।।

জয় সাগৰৰ বুকুৰ মাজত-

জয় সাগৰৰ বুকুৰ মাজত
উঠে চকুলোৰে ধল
মলয়াই তোলে হিয়া ভঙা সুৰ
কৰুণ বিননি ৰোল
জয়া নাই ‘ জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই ।

বিলতে হালিছে-

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনি ফুলিছে ফুল
সেই ফুলে ,ফুলে পখিলাই চুমিছে
সানিছে ৰেণুৰে বোল ।।
শেষত লিখি থৈ গ’ল–এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিণী
কল্যাণ খৰমান ।

১৯৬৯ চনৰ ১৯ জুনৰ নিশা ২ বাজি ১৫ মিনিটত বিষ্ণু ৰাভাৰ বৰ্ণিল জীৱনৰ পৰিসমাপ্তি ঘটে ।