অশোক শইকীয়াৰ গ্ৰেপ্তাৰ বি জে পি চৰকাৰৰ প্ৰতিশোধ পৰায়ণতাৰ নিকৃষ্ট উদাহৰণঃ ভূপেন কুমাৰ বৰা

pc- Time8

অশোক শইকীয়াৰ গ্ৰেপ্তাৰ বি জে পি চৰকাৰৰ প্ৰতিশোধ পৰায়ণতাৰ নিকৃষ্ট উদাহৰণঃ ভূপেন কুমাৰ বৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে ‘সাৰদা’ কেলেকাৰী, ‘লুই-বাৰ্জাৰ’ কেলেংকাৰী, ডিমা হাছাওৰ কেলেংকাৰীৰ তদন্ত কৰাওক আৰু সেইবোৰৰ লগত জড়িত অভিযুক্তসকলৰ ঘৰত তালাচী চলাই সেইসকলক গ্ৰেপ্তাৰ কৰিবলৈ চি বি আইৰ দল প্ৰেৰণ কৰক। তাৰ পৰিৱৰ্তে ৰাজনৈতিক আখেজ পূৰাবলৈ ভয়-ভাবুকিৰে বিৰোধী নেতাসকলক হেঁচা দি বি জে পিলৈ আমদানি কৰাৰ লেতেৰা, জঘণ্য ৰাজনৈতিক খেল শীঘ্ৰে বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি সতৰ্ক কৰি দিছে ভূপেন কুমাৰ বৰাই। বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ ভাতৃ অশোক শইকীয়াক দেওবাৰে ২০১৫ চনতে সুদে-মূলে ঋণৰ সমুদায় ধন আদায় দিয়াৰ পিছতো হঠাৎ চি বি আইৰ দল আহি সেই ঋণ পৰিশোধ নকৰা বুলি ঘৰত তালাচী চলোৱা আৰু তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি নিয়া ঘটনাই বি জে পিৰ শাসনত অসমত কেনে প্ৰতিশোধ পৰায়ণতাৰ প্ৰৱণতাই মুখ্যমন্ত্ৰীকে ধৰি বি জে পি চৰকাৰখনৰ নেতা-পালিনেতা সকলক গ্ৰাস কৰি আনিছে সেয়া পুনৰ উন্মোচিত কৰিলে। কেৱল ক্ষমতাৰ বাবে আৰু নিজৰ ৰাজনৈতিক অভিষ্ট সিদ্ধিৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে চি বি আইৰ দৰে এটা দেশৰ শীৰ্ষ পৰ্যায়ৰ তদন্তকাৰী সংস্থাকো ব্যৱহাৰ কৰি কিমান নিম্ন স্তৰৰ ৰাজনীতি কৰিব পাৰে, কালিৰ ঘটনাই তাকে পুনৰ প্ৰমাণ কৰি দেখুৱালে। এক প্ৰেছ বিবৃতিত এই তীৰ্যক মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই। বিবৃতিটোত বৰাই আৰু কয় যে আৰু কাৰো বুজিবলৈ বাকী নাই যে বিৰোধী দলপতি তথা কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াক বিগত দিনত বি জে পিৰ তৰফৰ পৰা বিভিন্ন প্ৰলোভন, ৰাজনৈতিক হেঁচা, ভাবুকি দি শাসক পক্ষৰ লগ লাগিবলৈ প্ৰচুৰ হেঁচা দি থকাৰ পিছত শইকীয়াই পোনে পোনে তেনে হেঁচা, ভয়-ভাবুকিয়ে তেওঁক নীতি-আদৰ্শৰ পৰা তিলমানো বিচ্যুত কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়াৰ পিছতে কালি অতি ষড়যন্ত্ৰমূলকভাৱে শইকীয়াৰ ভাতৃগৰাকীৰ ওপৰত এই আক্ৰমণ নমাই অনা হৈছে। ২০১৫ চনতে ঋণৰ সকলো লেন-দেন সমাপ্ত হোৱা আৰু সকলো লেন-দেন সমাপ্ত হোৱা বুলি সংশ্লিষ্ট বেংক কৰ্তৃপক্ষই প্ৰমাণ পত্ৰ দিয়াৰ পিছত চি বি আইৰ দৰে দেশৰ এটা বিশ্বস্ত তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি এগৰাকী নিৰপৰাধী ব্যক্তিক কেৱল ৰাজনৈতিক প্ৰতিশোধ চৰিতাৰ্থ কৰিবলৈকে এইদৰে মনে সজা গোচৰত আটক কৰি অনা ঘটনা গণতন্ত্ৰৰ বাবে এক অশুভ ইংগিত। বিবৃতিটোত বৰাই কয়- ‘আমি নিশ্চিত হৈছোঁ যে দেশত এতিয়া আৰু গণতন্ত্ৰৰ চিন-মোকাম নাই। সৰ্বত্ৰ এতিয়া উৰিছে স্বৈৰতন্ত্ৰৰ মলিয়ন পতাকা’। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছ দলৰ ত্যাগৰ ইতিহাস, আত্ম-বলিদানৰ ইতিহাস নজনা সকলে ভয়-ভাবুকি আৰু প্ৰলোভনেৰে কংগ্ৰেছৰ সকলো নেতা-কৰ্মীক বশ কৰিব পাৰিব বুলি ভবাটো অৱশ্যে অস্বাভাৱিক নহয়। কংগ্ৰেছৰ নীতি-আদৰ্শ বুজি নোপোৱা আৰু কেৱল ধন আৰু ক্ষমতাৰ বাবে উদ্বাউল কেইজনমানৰ ৰাজনৈতিক চৰিত্ৰৰ সৈতে সমগ্ৰ কংগ্ৰেছ দলটোৰ নেতা-কৰ্মীৰ তুলনা কৰাটো একপ্ৰকাৰ মুৰ্খামি। অপৰাধ কৰি হাতে-লোটে ধৰা পৰাৰ পিছত সকলো ‘মেনেজ’ কৰি নিজকে সত্যবাদী আৰু নিকা সজোৱা সকলে অৱশ্যেই এই গুঢ়াৰ্থ বুজি নাপাবক্ক ‘আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ- আমাৰ নেতা-কৰ্মীৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক কাম-কাজত চি বি আই, আৰক্ষীক ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আপুনি নিজেই ঘোষণা কৰা আপোনাৰ ‘মন্ত্ৰীয়ে পইছা খায়’ বোলা অধ্যায়টোৰ তদন্ত কৰাই ‘পইছা খোৱা’ মন্ত্ৰীসকলক গ্ৰেপ্তাৰ কৰাই দেখুৱাওক। মাটিৰ দালালৰ বিৰুদ্ধে এদিনীয়া অভিযান চলাই বাঃ বাঃ ল’বলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে শেহতীয়াকৈ আপোনাৰ দলৰে বিধায়ক হোৱা ৰাজ্যৰ ১ নম্বৰ মাটিৰ দালালজনক গ্ৰেপ্তাৰ কৰি নজীৰ দেখুৱাওক। তেতিয়াহে আপোনাক এজন ৰাজনৈতিকভাৱে সাহসী আৰু বিচক্ষণ মুখ্যমন্ত্ৰী বুলি ভাবিব পাৰিম। ৰাজনৈতিক আখেজ পূৰণৰ বাবে মিছা গোচৰত নিৰপৰাধী ব্যক্তিক অপৰাধী সজোৱাৰ সস্তীয়া আৰু ঘৃণনীয় পাশাখেল শীঘ্ৰে বন্ধ কৰ’-ভূপেন কুমাৰ বৰাই কয়।