অল ইণ্ডিয়া ডি এছ অʼ ৰ প্ৰতিষ্ঠা দিৱস

অল ইণ্ডিয়া ডি এছ অʼ ৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষা, সংস্কৃতি আৰু মানৱতাৰ বিৰুদ্ধে নামি অহা আক্ৰমণ প্ৰতিহত কৰাৰ সংকল্প লৈ অল ইণ্ডিয়া ডি এছ অʼ ৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস গোটেই ৰাজ্যজুৰি পালন কৰা হয়।এই মহান দিনটোতেই ভাৰতবৰ্ষৰ একমাত্ৰ বিপ্লৱী ছাত্ৰ সংগঠন হিচাপে চৰকাৰৰ সকলো ধৰণৰ শিক্ষা বিৰোধী নীতিৰ বিৰুদ্ধে উন্নত নীতি- নৈতিকতা মূল্যবোধৰ ভিত্তিত ছাত্ৰ আন্দোলনক আগুৱাই লৈ যোৱাৰ বাবে সংকল্প গ্ৰহণ কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনৰ গুৱাহাটীৰ উলুবাৰীৰ ৰাজ্যিক কাৰ্যালয়ত পুৱা ৯ বজাত সংগঠনৰ পতাকা উত্তোলন কৰে সংগঠনৰ ৰাজ্যিক উপ-সভাপতি পল্লৱ পেগুয়ে ।  যোৰহাট জিলাৰ কাৰ্যালয়ত পতাকা উত্তোলন কৰে সংগঠনৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগুৱে।  তদুপৰি লখিমপুৰ,  শোণিতপুৰ, দৰং , নগাঁও, নলবাৰী, ধুবুৰী, গোৱালপাৰা, দক্ষিণ- শালমাৰা, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাৰ প্ৰতিখন কাৰ্যালয়ত ৰক্ত পতাকা উত্তোলন কৰাৰ লগতে আলোচনা সভাৰ আয়োজন কৰা হয়। দক্ষিণ শালমাৰা – মানকাচৰ জিলাৰ  টুমনী হাইস্কুলত আয়োজিত আলোচনা সভাত উপস্থিত থাকি অল ইণ্ডিয়া ডি এছ অʼৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি প্ৰজ্বোল দেবে কয় যে আজি এনে এটা সময়ত আমি এই দিৱসটো পালনত নিমগ্ন হৈছোঁ যেতিয়া দেশ তথা ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বহুমুখী আৰু সৰ্বাত্মক আক্ৰমণ নামি আহিছে।