অভিযন্তা শুক্লেশ্বৰ নাথক সন্মান

অভিযন্তা শুক্লেশ্বৰ নাথক সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ দীন দয়াল উপাধ্যায় মাৰ্গস্থিত ৰাজেন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা বাবু জগজীৱন ৰাম কলা-সংস্কৃতি আৰু সাহিত্য একাডেমিৰ বিজয় দিৱস উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত ডিগবৈ তেল শোধনাগাৰৰ শক্তি আৰু উপযোগিতা বিভাগৰ জ্যেষ্ঠ অভিযন্তা শুক্লেশ্বৰ নাথক মঙলবাৰে লোকসভাৰ প্ৰাক্তন অধ্যক্ষা মীৰা কুমাৰ  আৰু ৰাষ্ট্ৰীয় কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ আঞ্চল অভিজিতে ভাৰতীয় সংবিধান প্ৰণেতা ড° বি আৰ আম্বেডকাৰ ’ৰাষ্ট্ৰীয় সন্মান পদক’ ২০২১’ প্ৰদানৰ  লগতে সেই একেখন মঞ্চতে ১১ ডিচেম্বৰতো শ্ৰীনাথলৈ ২০২১ বৰ্ষৰ ড° বি.আৰ. আম্বেডকাৰ ফেল’শ্বিপ বঁ‌টাও প্ৰদান কৰে । শিশু সকলৰ সৰ্বাংগীণ বিকাশ সাধনৰ উদ্দেশ্যে গঠন কৰা তথা বৰ্তমান ছচিয়েল মিডিয়াত বহুল ভাবে প্ৰচাৰিত  অসমৰ একমাত্ৰ চেমনীয়াৰ অনুষ্ঠান ’সোণপৰুৱাৰ হাঁহি ,শীৰ্ষক চেমনীয়া চ’ৰা’ৰ সভাপতি শুক্লেশ্বৰ নাথ এগৰাকী নাট্যকাৰ , গীতিকাৰ , প্ৰৱন্ধকাৰ , গল্পকাৰ, কবি তথা ব্যংগ লেখক । বৰ্তমানলৈ তেওঁৰ ছয়খন বিভিন্ন বিষয়ৰ ওপৰত লিখা গ্ৰন্থও প্ৰকাশ হৈছে ।বস্তু