অবুজ ভাষাৰ বুজনি – মঞ্জুষা শৰ্মা

Pc-hopetherapy

অবুজ ভাষাৰ বুজনি

লীনাহঁতৰ ঘৰ টাউনতে যদিও পৰিবেশটো কিন্তু গাঁৱৰ দৰে | আহল – বহল পথাৰেৰে সুন্দৰ পৰিবেশ | প্ৰত্যেক মানুহৰ ঘৰতেই হাঁহ – পাৰ – কুকুৰা – গৰু- ছাগলী আছেই | দিনটো এই গৰু – ছাগলীবোৰ কাষৰ পথাৰত চৰে আৰু সন্ধ্যাৰ আগে আগে গৃহস্থই বিচাৰি আনি বান্ধি থয় | পথাৰখন পাৰহৈয়ে যদি টাউনৰ ৰাস্তালৈ যায় তেন্তে টাউনৰ দোকানৰ পৰা আলু – পিয়াঁজ খাবলৈ পাই ৰাস্তাতে শুই থাকে | দুই / এদিন এনেদৰে থাকিবলৈ পালে সিহঁতক ঘৰলৈ অনাতো বৰ কষ্টকৰ হৈ পৰে | সেয়ে প্ৰত্যেকেই গৰু – ছাগলীবোৰ চকুৰ আগত ৰাখিব বিচাৰে | এই ক্ষেত্ৰত ইঘৰে সিঘৰক সহায়ো কৰে | কিন্তু এই ক্ষেত্ৰত লীনাহঁত অলপ বেলেগ | কাৰণ লীনাহঁতৰ গৰু এজনীয়েই | তাকো তাইৰ এবছৰ নহওঁতেই মাকজনী ঢুকাল | সেয়ে তাই সিহঁতৰ বৰ মৰমৰ তথা আদৰৰ | আদৰ যত্নত তাই সৰু – সুৰা এটা গজৰাজৰ দৰেই | তাতে বগা আৰু নিপোটল বাবে সকলোৰে চকু তাইৰ ওপৰত | তাইক কোনো ধৰণৰ খুটিত বান্ধি ৰাখিব নোৱাৰি বাবে গছতহে তাইক বন্ধা হয় | ক’ৰবাত দুখ পাব বুলি লীনাহঁতৰ কোনেও তাইক গেটৰ বাহিৰ হ’বলৈ নিদিয়ে | লীনাই মৰমতে তাইক পটে বুলি মাতে | আচলতে তাইৰ নাম পটেশ্বৰীহে | লীনাই তাইক যিমা ন মৰম কৰে তাইয়ো লীনাক সিমান বুজি পায় | তাইৰ গাত যি জোৰ মানুহ চোচোৰাই নিয়ে | কিন্তু লীনাই ৰছী ধৰি যদি কয় আ…হ দুখ পাইছো ৰৈ দে তাই ৰৈ দিয়ে | লীনা নাথাকিলে তাই চিঞৰি কাকো দিগদাৰি নিদিয়ে মাত্ৰ লীনাৰ মাতটো শুনিলেহে এবাৰ চিঞৰে | লীনাই ৰহ গৈ আছো বুলি ক’লে শান্ত হৈ ৰয় | ওচৰ চুবুৰীয়াও আচৰিত হয় – ইমান বুজে বাবে | ওচৰৰ সকলোৰে কথামতে লীনাই তাইক গেটৰ বাহিৰলৈ উলিয়াবলৈ ললে | এদিনৰ কথা সেইদিনা আছিল দুৰ্গাপূজাৰ অষ্টমী তিথি | পুৱা ভাগত লীনাহঁতে ওচৰৰ পূজাত থাকি আবেলিলৈ ভনীয়েকৰ ঘৰলৈ যাবলৈ ওলাল | লীনাই পটেক বান্ধি ফুৰিবলৈ যে যাবলৈ ওলাইছে ক’লে আৰু ঘূৰি আহিম বুলি কওঁতে তাই বাৰে বাৰে মূৰ জোকাৰি লীনাৰ হাতখনত মুখখন লগাই দিলে | লীনাই মৰম কৰি মই আহিম গৈ তই থাক বুলি কোৱাত তাই পুনৰ মূৰ জোকাৰিলে | লীনাই তাইৰ কথাটোত গুৰুত্ব নিদি ফুৰিবলৈহে গ’ল | তাত গৈ সকলো মিলি পূজা চাবলৈ গ’ল |ফুৰি আহি যেতিয়া পৰিয়ালৰ সকলোৰে লগত চাহ খাবলৈ বহিলে তেতিয়া ভণ্টিৰ দ্বিতীয়জন বৰজনাকে গৰু – ছাগলীৰ কথা উলিয়ালে |সেই কথা শুনি লীনাৰ নিজৰ নিজৰ গৰুজনীলৈ মনত পৰিল আৰু আহিবৰ সময়ত তাই কৰা ব্যৱহাৰৰ কথা সকলোৰে আগত ক’লে | লগে লগে লীনাই ঘৰলৈ আহিবলৈ খৰধৰ কৰিলে | কাৰণ পটে পোৱালি দিয়াৰ সময় হৈছিল | লীনাই ভাবিলে তাই নিশ্চয় আজি পোৱালী দিব সেয়ে মোক আহিবলৈ মানা কৰিছিলে | লীনাই ক’লে বেয়া নাপাব আমি যাওঁ এতিয়া | লীনাৰ এনে ব্যৱহাৰত বাকী সকলোৱেই হঁহিবলৈ ধৰিলে আৰু ক’লে লীনাই এটা অৰ্থহীন কথাক লৈ খৰঘৰ কৰিছে | তাইতো এজনী গৰুহে | লীনাৰ পিছৰখিনি কথা শুনিবলৈ ধৈয্য নাথাকিল তাই আহি গাড়ীত উঠিল হি | মাক আৰু ভায়েকৰ সৈতে এঘণ্টাৰ পিছত তাহাঁতি আহি ঘৰ পালেহি | আহি পাই লীনা গৈ গোহালি পালেগৈ আৰু তাই আচৰিত হ’ল | এটা সৰু পোৱালি ইফালে পৰি আছে আৰু মাকজনী থিয়হৈ আছে | তাকে দেখি লীনাই মাক আৰু ভায়েকক মাতিলে আৰু ক’লে মই কোৱা কথাটো সত্য | তাই অথনি মোক যাবলৈ সঁচাকৈয়ে মানা কৰিছিলে | অকণো সময় নষ্ট নকৰি লীনাই ভনীয়েকলৈ ফোন কৰি জনালে যে সঁচাকৈয়ে গৰুৱে পোৱালি দিলে | তাই মোক ঠিকেই বুজাইছিলে , মইহে মাত্ৰ ফুৰিবলৈ যোৱাৰ আশাত কথাটোত গুৰুত্ব নিদিলো | মাতিব নোৱাৰে যদিও সিহঁতৰো আমাৰ দৰে দুখ – অনুভূতিবোৰ আছে | সেয়ে অলপ মন দিলে সিহঁতৰ ভাষাও বুজিব পৰা যায় | জীৱ – জন্তু বুলি আমি সিহঁতক কেতিয়াও অৱহেলা কৰিব নালাগে | …….

মঞ্জুষা শৰ্মা