অনুৰাগীৰ কলমত লক্ষ্মীনন্দন বৰা – ড° ত্ৰিবেনী শৰ্মা বৰুৱা

অনুৰাগীৰ কলমত লক্ষ্মীনন্দন বৰা

কিদৰে আৰম্ভ কৰিম ভাবি পোৱা নাই,চৌখিন মনৰ মানুহজন গ’লগৈ। বিশ্বাসে হোৱা নাই যে লক্ষ্মীনন্দন বৰা ছাৰ আৰু আমাৰ মাজত নাই। দুখ লাগিছে বহুত,সৌ সিদিনাৰ কথা, মে’ মাহৰ ৩ তাৰিখ। ছাৰে ফোন কৰি খবৰটো দিলে মোক,বিজ্ঞানী দীনেশ চন্দ্ৰ গোস্বামীৰ বিজ্ঞানভিত্তিক উপন্যাস সম্পৰ্কে মই লেখা প্ৰৱন্ধটো মে’ মাহৰ সংখ্যাৰ ‘গৰীয়সী’ত প্ৰকাশ পাইছে। খবৰটো দিয়াৰ লগতে তেওঁ মোক অফিচলৈ মাতি পঠিয়ালে। ময়ো লগে লগে গ’লো আৰু একেলগে একাপ চাহ খাই ক’ৰোণাকে আদি কৰি নতুন চৰকাৰখনৰ বিষয়ে বিভিন্ন কথা – বতৰা পাতি তেওঁৰ দীঘলীয়া সাক্ষাৎকাৰ ল’লো এটা ৱেব পেজৰ বাবে। বহু কথাই কৈছিল তেওঁ সেইদিনা আমাক। ‘ভাওনা’ নামৰ লেখাটোৰে কলকতাত সাহিত্যিক জীৱন আৰম্ভ কৰা তেওঁৰ বৰ্ণিল জীৱনৰ কথা,সফলতা বোৰৰ কথা,বিদেশত কাম কৰাৰ কথা,ঈশ্বৰ আৰু প্ৰেমৰ ধাৰণা, লগতে তেওঁ ইমান বয়সতো কিদৰে সুস্থ আৰু সুন্দৰ হৈ আছে সেই বিষয়ে। ৪০ বছৰ ধৰি প্ৰাণায়াম কৰি অহা মানুহজনে প্ৰাণায়ামৰ গুৰুত্ব মানৱ জীৱনত কিমান প্ৰয়োজন সেই আটাইবোৰ কথাই সেইদিনা আমাক কৈছিল। কম আহাৰ গ্ৰহণ কৰা,নিচাযুক্ত বস্তুৰ পৰা দূৰত থকা,ইতিবাচক চিন্তাৰ গৰাকী আৰু সদায় হাঁহি থাকি ভালপোৱা ৰোমান্টিক মনৰ শ্ৰদ্ধাৰ বৰা ছাৰৰ লগত যে সেইদিনাই শেষ দেখা হ’ব কেতিয়াও ভবা নাছিলো। ছাৰে মোক সেইদিনা আৰু এটা দায়িত্ব দিছিল । সেয়া হৈছিল,’গৰীয়সী’ আলোচনীৰ বাবে কেইগৰাকীমান ব্যক্তিৰ মই সাক্ষাৎকাৰ ল’ব লাগে। কথামতেই মই অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কুল শইকীয়া ছাৰৰ সাক্ষাৎকাৰ লৈছিলোঁ কিন্তু বৰা ছাৰক আৰু দেখুৱাব নোৱাৰিলো সেই সাক্ষাৎকাৰ। বহু কথাই আমনি কৰিছে যদিও আজি যেন শব্দৰ অভাৱ। ছাৰ আপোনাৰ আত্মাই শান্তি পাওঁক,আমাক বহুত দি গ’ল আপুনি। কেৱল সাহিত্য বা শিক্ষাৰ জগততে নহয় স্বাস্থ্যৰ জগত খনতো আপুনি আদৰ্শ, নমস্য । আপুনি কোৱা সেই বাক্যশাৰী মোৰ খুব প্ৰিয় “যিজন মানুহৰ দেহ- মন সুস্থ অৰ্থাৎ নিৰোগী আৰু ব্যস্ততা তেওঁৰ প্ৰিয় লগতে ৰোমান্টিক মনৰ গৰাকী হয় তেওঁ এগৰাকী সুখী মানুহ”–যিটো আমি অাপোনাৰ ক্ষেত্রত দেখা পাইছিলোঁ।ওম শান্তি।
………………………..
ড° ত্ৰিবেনী শৰ্মা বৰুৱা