অনুষ্ঠানৰ সময়তে চনু নিগমক আক্ৰমণ

Pc jagran

অনুষ্ঠানৰ সময়তে চনু নিগমক আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা-  জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমক সোমবাৰে মুম্বাইৰ চেম্বুৰ অঞ্চলত অনুষ্ঠিত এক সংগীতানুষ্ঠানৰ সময়ত শিৱসেনাৰ এগৰাকী সদস্যই মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিগমে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে স্থানীয় শিৱসেনাৰ (ইউবিটি) বিধায়কৰ পুত্ৰই কণ্ঠশিল্পীগৰাকীৰ মেনেজাৰৰ সৈতে দুৰ্ব্যৱহাৰ কৰে ।  মাৰপিট কৰা শিৱসেনাৰ সদস্যগৰাকীয়ে শিল্পীগৰাকীৰ মেনেজাৰক মঞ্চৰ পৰা নামিবলৈ কোৱাৰ লগতে চনু আহি থকাৰ সময়তে ঠেলি দিয়ে । খবৰ অনুসৰি শিৱসেনাৰ সদস্যগৰাকীয়ে চনুৰ বন্ধুকো ঠেলি দিছিল । দুয়োজনেই বৰ্তমান আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে । ইয়াৰ পিছত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে য’ত এজন ব্যক্তিয়ে চনু আৰু তেওঁৰ বন্ধুক ঠেলি দিয়া দেখা গৈছে । ঘটনাৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে চনু নিগমে ।