‘অইল বসুন্ধৰা’ ৰ অধীনত দুলীয়াজানত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ

pc- Twitter

‘অইল বসুন্ধৰা’ ৰ অধীনত দুলীয়াজানত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ

অনলাইন বাৰ্ত্তাসেৱা- দুলীয়াজান মধুবনস্থিত ছেকেঞ্জৰী টেংক ফাৰ্ম (এছ টি এফ)ৰ চৌহদত এলানি বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ সেউজীকৰণৰ উদ্যোগত প্রজেক্ট ‘অইল বসুন্ধৰা’ৰ অধীনত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে মধুবনত আয়োজিত সেউজীকৰণৰ শুভাৰম্ভ কাৰ্যসূচীত অইল গ্রীন এম্বেছাদৰ পদ্মশ্ৰী ড০  যাদৱ পায়েঙে অংশগ্ৰহণ কৰে। তেওঁ মধুবন এছ টি এফত এটি নিম পুলি ৰোপণ কৰাৰ লগতে একেটা কাৰ্যসূচীতে অইলৰ মুখ্য আৱাসিক বিষয়া প্রশান্ত বৰকাকতিয়ে কৃষ্ণচূড়া পুলি ৰোপণ কৰে। অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া প্রশান্ত বৰকাকতিয়ে বৃক্ষৰোপণ কাৰ্যসূচীৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই। আদৰণি ভাষণত বৰকাকতিয়ে কয় যে  পৰিৱেশ সংৰক্ষণৰ গভীৰ দায়িত্ব আৰু সেউজীকৰণৰ লক্ষ্যৰে অইল ইণ্ডিয়াই ইতিমধ্যে অইল কৰ্মাঞ্চল, ইনষ্টলেচন এৰিয়া, বাট-পথসমূহত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণৰ ,সংকল্প লৈছে। এইক্ষেত্ৰত কেৱল বিশ্ব পৰিৱেশ দিৱস উদযাপিত হওক বুলি তেওঁ মন্তব্য কৰে।