▪︎নিৰ্বাণ▪︎ – শ্বাহিনশ্বাহ ইকবাল, লক্ষীপুৰ

pc-the conversation

▪︎নিৰ্বাণ▪︎

ৰুক্ষ পিঞ্জৰাৰ সিপাৰে অভীপ্সিত নিৰ্বাণ,
ৰক্তাক্ত পদাঙ্কৰ অস্থিৰতা,
বালিচাহীৰ তেজ ভক্ষণ অন্ত হোৱাত
পিঞ্জৰাৰ দুৱাৰত
টুকুৰ টুকুৰ…

আমৰলিক গচকি হ’লেও
ভগৱানলৈ সিকি দান,
আৰু তাৰ পাছতেই নিৰ্বাণ ।
নাই, মই শিকিছিলোঁ –
নিস্তেজ দেহৰ সিৰসিৰনি
উপেক্ষা কৰি
নিৰ্লিপ্ততা সাৱটি
এজোপা শেৱালিৰ তলত
অথবা কঁহুৱাৰ মাজেৰে
সন্ধিয়াৰ ৰক্তাভ নদীৰ দৃশ্য
প্ৰত্যক্ষ কৰোঁতে
মৃত্যুক আদৰিব পৰাটোৱে নিৰ্বাণ..!


✍🏻 শ্বাহিনশ্বাহ ইকবাল, লক্ষীপুৰ