ৱেব চিৰিজ আৰু আমাৰ জীৱনত ইয়াৰ প্ৰভাৱ – শতাব্দী শৰ্মা

ৱেব চিৰিজ আৰু আমাৰ জীৱনত ইয়াৰ প্ৰভাৱ
শতাব্দী শৰ্মা, নগাঁও
বিশ্বায়নৰ যুগত ব্যস্ততাৰ পৰিপন্থী সকলো ।প্ৰতিজন মানুহৰ বাবে সময় ইমানেই মূল্যৱান হৈ পৰিছে যে এক দুই মিনিট ইফাল সিফালেও ব্যাপক ক্ষতি কৰিব পাৰে। ব্যস্ত সময়ৰ মাজত কেতিয়াবা আহৰি পালেই মানুহবোৰে মোবাইল স্ক্ৰীনত আবদ্ধ কৰে নিজৰ মন আৰু চকু। অনলাইন প্লেটফৰ্মত সহজতে উপলদ্ধ হোৱা বিভিন্ন ধৰণৰ মনোৰঞ্জনদায়ক দৃশ্য চাই নিজৰ আজৰি সময় কটায় বহুজনে। কেতিয়াবা netflix, jio cinema, voot colors tv, youtube আদিত উপলদ্ধ বিভিন্ন ৱেবচিৰিজ চাই মনত নতুনকৈ কাম কৰাৰ শক্তি আনে। উইকেণ্ড কটায় ৱেব চিৰিজ চাই। এখন ভাল কিতাপ পঢ়া জৰুৰী কিন্তু সেইয়া বৰ্তমান বহুত কমি গৈছে। মানুহে হাতৰ টিপতে পোৱা যন্ত্ৰটোত আবদ্ধ হৈ থাকি আটাইতকৈ ভাল পায়। আচলতে প্ৰতিটো সামগ্ৰীৰ ভাল আৰু বেয়া দুয়োটা দিশ আছে, ভাল আৰু বেয়া বিচাৰ কৰিব জনাটো ব্যৱহাৰ কৰোঁতাজনৰ ওপৰত নিৰ্ভৰ কৰে। চিনেমাতকৈও বেছি সমাদৰ লভিছে আজিকালি ভিন্ন ধৰণৰ ৱেব চিৰিজে। ইউটিউবত মুক্তি দিয়াৰ উপৰিও অন্যান্য অনলাইন প্লেটফৰ্মত প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে ৱেব চিৰিজ আজিৰ প্ৰজন্মৰ বাবে এক মনোৰঞ্জনৰ আহিলা। ৱেব চিৰিজবোৰ আচলতে বাস্তৱৰ এক বৃহৎ প্ৰতিফলন। প্ৰতিজন মানুহেই ৱেব চিৰিজৰ মাজত নিজক বিচাৰি নাপাব পাৰে কিন্তু কোনোবাখিনিত তেওঁলোকৰ ৰুচিবোধ মিলি যায়। তেওঁলোকে নজনাকৈ কোনোবাটো দৃশ্যই মন মগজুক আকৰ্ষণ কৰে। বহুদিনলৈ এটা কাহিনী মনলৈ আহে , চৰিত্ৰবোৰৰ মাজত নিজক বিচাৰি ফুৰা যায়, মনত পৰিৱৰ্তন হয় , ব্যক্তিত্বত প্ৰভাৱ পৰে, সমগ্ৰ মানসিক সত্বাত প্ৰভাৱ পৰে। মানুহৰ প্ৰত্যাহ্বানমূলক জীৱন প্ৰণালীৰ কিছু ক্ষেত্ৰৰ সহজ অনুধাৱন নিমিত্তে এই ৱেব চিৰিজৰ প্ৰয়োজন আছে।ৱেব চিৰিজ এখনত সময়ৰ ক্ষতি খুব কম হয় আৰু এখন ছিৰিয়েলৰ দৰে খণ্ড হিচাপে মুক্তি পোৱাৰ বাবে নিজৰ পছন্দ অনুযায়ী সময়সূচী মিলাই চাব পাৰি। চিনেমাৰ দৰে ঘণ্টাৰ পিছত ঘণ্টা বহাৰ কোনো সকাম নাই আৰু দীঘলীয়া কাহিনীৰ প্ৰয়োজন নাই। ৱেব চিৰিজ এখনত খুব বেছি আঠটামান খণ্ড থাকে আৰু সেইখিনি নিৰ্দ্দিষ্ট সময় অনুযায়ী ডাউনলোড দিও চাব পাৰি। আটাইতকৈ জনপ্ৰিয়তাৰ শীৰ্ষত থকা দুখনমান ৱেব চিৰিজৰ বিষয়ে কওঁ বুলি ভাবিলে প্ৰথমেই মনলৈ আহে , “Kota Factory” , কোটা নামৰ ঠাইখিনি বিখ্যাত ইঞ্জিনিয়াৰিং শিক্ষাৰ বাবে। তাত পঢ়াৰ সপোন দেখা কিছু শিক্ষাৰ্থীৰ ওপৰত নিৰ্মাণ হৈছিল এই ৱেব চিৰিজখন। দুটা চিজন ওলাইছিল এই ৱেব চিৰিজখনৰ। তাৰ কিছুদিন পিছতেই সকলোৰে মুখে মুখে ওলাই জনপ্ৰিয় হৈছিল অন্য এখন ৱেব চিৰিজ ” Aspirants” , প্ৰতিযোগিতামূলক পৰীক্ষা দিয়া আৰু বিফল হোৱা কেইজনমান শিক্ষাৰ্থীক লৈ নিৰ্মাণ হৈছিল এই ৱেব চিৰিজখন। অৱশেষত অধ্যৱসায়ৰ ফলত যে সফল হোৱাটো সম্ভৱ , সেইয়াও দেখুৱাইছিল। বিৰাট অনুপ্ৰেৰণা যোগাইছিল কিবা এটা কৰিবলৈ। দেশৰ বাবে , নিজৰ বাবে ,ঘৰখনৰ বাবে ভাবিবলৈ বাধ্য কৰাইছিল এই ৱেব চিৰিজখনে। তৃতীয়খন ৱেব চিৰিজ বুলিলে নাম ল’ব লাগিব, ” Panchayat” , এই ৱেব চিৰিজখনৰ পটভূমি আছিল গাওঁ এখন আৰু তাত পঞ্চায়তৰ চাকৰি পোৱা এজন যুৱক, তেওঁৰ সংগ্ৰাম আৰু সুবিধা অসুবিধাৰ কাহিনীৰে নিৰ্মাণ হৈছিল। দুটা ছিজন ওলাইছিল এইখনৰো। তাৰপিছত এখন মন মগজু জোকাৰি দিব পৰা ৱেব চিৰিজ ” Asur” , দুটা চিজনৰ সফলতা মন কৰিবলগীয়া । অলপ দাৰ্শনিক চিন্তাৰ মাজেৰে শাস্ত্ৰ আৰু বাস্তৱৰ মেৰপেচৰ মাজত সুন্দৰ আৰু নীতিশিক্ষামূলক ৱেব চিৰিজ ” Asur”, যি বৰ্তমান সময়ত উপযোগী বিবেচিত হৈছে। শেহতীয়াকৈ এইখনেই জনপ্ৰিয়। প্ৰতিখন ৱেব চিৰিজ বাস্তৱ পৃথিৱীৰ জীৱন্ত নিদৰ্শন । যদিও সকলোবোৰ চোৱাৰ উপযোগী নহয় নাইবা মন পছন্দৰ নহয় , তথাপি বাচি বিচাৰি ভালবোৰ আদৰি লোৱাটো সঁচাই প্ৰয়োজনীয়। উৎকৃষ্ট কাহিনী , ধাৰণা আৰু পৰিচালনাৰ যোগেদি ৱেব চিৰিজবোৰ সফল। চিনেমাৰ কাহিনীয়ে আমুৱাই দিয়াৰ মূহুৰ্তত ৱেব চিৰিজ যেন আশীৰ্বাদস্বৰূপ। অৱসৰ বিনোদনৰ যথোপযুক্ত ব্যৱস্থাৰ এক আহিলা এই ৱেব চিৰিজ। ভাল ভাল কাম হৈ থাকক, সমাজত বাৰ্তা দি সমগ্ৰ বিশ্বত প্ৰসাৰতা লভিবলৈ সক্ষম হৈ উঠক প্ৰতিখন ৱেব চিৰিজে, তাকেই কামনা কৰিলোঁ।