ৰাষ্ট্ৰীয় জীৱিকা সেৱা কেন্দ্ৰৰ নিয়োগ মেলা
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ দিব্যাংগসকলৰ ৰাষ্ট্ৰীয় জীৱিকা সেৱা কেন্দ্ৰ,গুৱাহাটী আৰু অনুসূচীত জাতি জনজাতিৰ ৰাষ্ট্ৰীয় জীৱিকা সেৱা কেন্দ্ৰ,গুৱাহাটীয়ে যুটীয়াভাৱে দিব্যাংগসকলৰ ৰাষ্ট্ৰীয় জীৱিকা সেৱা কেন্দ্ৰৰ চৌহদত এখন নিয়োগ মেলা অনুষ্ঠিত হয়৷দিব্যাংগসকলৰ ৰাষ্ট্ৰীয় জীৱিকা সেৱা কেন্দ্ৰৰ অসম,নাগালেন্দ আৰু মেঘালয়ৰ প্ৰধান ৰাম কিশোৰ শৰ্মাই পৌৰোহিত্য কৰা অনুষ্ঠানত মুখ্য অতিথিৰূপে গুৱাহাটীৰ তেল শোধনাগাৰৰ জেনেৰেল মেনেজাৰ,এইছ আৰ চি এছ আৰ নৱজ্যোতি বৰাই অংশগ্ৰহণ কৰে৷অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে বিত্ত বিভাগৰ উপ মহাপ্ৰৱন্ধক ভাস্কৰ মুখাৰ্জী,সহকাৰী প্ৰৱন্ধক জিয়ায়ুৰ ৰহমান আৰু গুৱাহাটী তেল শোধনাগাৰৰ ইঞ্জিনীয়াৰিং চাৰ্ভিছৰ জ্যেষ্ঠ প্ৰৱন্ধক দেৱদূত সেনে৷অনুষ্ঠানত ৰাষ্ট্ৰীয় জীৱিকা সেৱা কেন্দ্ৰৰ আঞ্চলিক নিয়োগ বিষয়া ৰঞ্জন চাংকাকতি,দিব্যাংগসকলৰ ৰাষ্ট্ৰীয় জীৱিকা সেৱা কেন্দ্ৰৰ মনোবৈজ্ঞানিক ড° ভেংকটেশ কুৰাকুল,ফৰমেন কে কে বৈশ্য,কেৰিয়াৰ এক্সপাৰ্ট ৰুণু ডেকা,এনএইচএফডিচিৰ নৰোত্তম দলে আদি উপস্হিত থাকে৷উল্লেখ্য,বিভিন্ন বিভাগত প্ৰায় ২২৪টা পদৰ বাবে প্ৰাৰ্থী বিচাৰি নিয়োগ মেলাত অংশ লৈছিল৷বিভিন্ন পদৰ বাবে শিক্ষাগত অৰ্হতা আছিল দশমমানৰ পৰা স্নাতক,লগতে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ডিপ্লমা৷