ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ দ্বাৰা আয়োজিত স্বাস্থ্য সেৱা অভিযান- বিশেষ স্বাস্থ্য শিবিৰৰ শুভ উদ্বোধন

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ দ্বাৰা আয়োজিত স্বাস্থ্য সেবা অভিযান- বিশেষ স্বাস্থ্য শিবিৰৰ শুভ উদ্বোধন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   যোৱা ২৫ আগষ্ট, ২০২২ তাৰিখে অনুষ্ঠিত হোৱা বিশেষ স্বাস্থ্য শিবিৰে ৰাইজৰ পৰা প্ৰচুৰ সঁহাৰি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা পুনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালক ড° এম এছ লক্ষ্মী প্ৰিয়াৰ নেতৃত্বত রাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে আয়োজন কৰিছে। আজিৰ এই ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে অসমৰ মাননীয় স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্তদেৱে। এই সভাত উপস্থিত আছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালক, স্বাস্থ্য সেবা সঞ্চালক, কামৰূপ মহানগৰ জিলাৰ যুটীয়া জিলা স্বাস্থ্য সঞ্চালক, মেয়ৰ, বাৰ্ড কাউন্সিলাৰসকল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীসকল আৰু স্বাস্থ্যকর্মীসকল। রাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত অনুষ্ঠিত এই স্বাস্থ্য সেৱা অভিযান – বিশেষ স্বাস্থ্য শিবিৰ হৈছে সামগ্রিকভাৱে স্বাস্থ্য সেৱা বিশেষকৈ মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সকলো জিলাতে ৰাষ্ট্ৰীয় অন্ধত্ব নিয়ন্ত্রণ কাৰ্যসূচী, ৰাষ্ট্ৰীয় মুখগহ্বৰ ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী, ৰাষ্ট্ৰীয় কুষ্ঠরোগ নিয়ণ কার্যসূচী, ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূল কাৰ্যসূচীকে ধৰি আয়ুষ সেৱাৰ অধীনত প্ৰদান কৰা। ৰাজ্যৰ আন আন জিলাসমূহত মাননীয় বিধায়ক, জিলা উপায়ুক্ত, অতিরিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য যুটীয়া সঞ্চালকৰ দ্বাৰা শিবিৰসমূহ উদ্বোধন কৰা হয়। স্বাস্থ্য শিবিৰলৈ অহা লোকসকলক মধুমেহ উচ্চ ৰক্তচাপ, সাধাৰণ কৰ্কট ৰোগ (মুখ আৰু স্তনৰ পৰীক্ষা কৰা হয়। লগতে হেপাটাইটিছ, এইচ আই ভি, প্রস্রাবজনিত রোগ নির্ণয় পৰীক্ষাৰ সুবিধাও প্রদান কৰা হৈছিল আৰু মানসিক স্বাস্থ্য পৰীক্ষা, যক্ষ্মা পৰীক্ষা, কুষ্ঠ রোগ পৰীক্ষা আদিও কৰা হয়। তথ্য অনুসৰি এই স্বাস্থ্য শিবিৰত ৫ বজালৈকে ১৫ হাজাৰ ৰোগীতকৈ অধিক ৰোগীক স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। এই শিবিৰতে প্ৰসূতি আৰু স্ত্ৰীৰোগ, মেডিচিন আৰু শিশু বিভাগৰ বিশেষজ্ঞসকলে জটিল বিপদাশংকাৰ লক্ষণ থকা গৰ্ভৱতী মহিলা আৰু শিশুক পৰীক্ষা কৰাৰ লগতে কোনো লক্ষণ ধৰা পৰা ৰোগীক উন্নত চিকিৎসাৰ বাবে তৎকালীনভাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। এই শিৰিত স্বাস্থ্য পৰীক্ষা আৰু ডায়েগনোষ্টিক সেৱাৰ উপৰিও নিয়মীয়া টিকাকরণ, কভিড টিকাকৰণ, আভা আইডি কার্ড বনোৱা, স্বাস্থ্য সজাগতাৰ দৰে সেৱাসমূহো আগবঢ়োৱা হয়। উল্লেখযোগ্য যে আগন্তুক মাহত সকলো জিলাৰ দণ্ড পৰ্যায়ত এই স্বাস্থ্য সেরা অভিযান বিশেষ স্বাস্থ্য শিবিৰ আয়োজনৰ পৰিকল্পনা কৰা হৈছে। পূৰ্বৰ শিবিৰত স্বাস্থ্য পৰীক্ষা কৰা মুঠ ১৩৮৪ গৰাকী ৰোগীৰ ভিতৰত ১২৭৯ (১৪%) গৰাকী গৰ্ভৱতী মহিলা, ৬৪৫ (৭%) (০+৫ বছৰীয়া) শিশু আৰু ৭৪৬০ (৭৯%) গৰাকী সাধাৰণ ৰোগী। স্বাস্থ্য পৰীক্ষা কৰা মুঠ গৰ্ভৱতী মহিলাৰ ভিতৰত ১৬৩ গৰাকী মহিলাক জটিল গৰ্ভাৱস্থা বুলি চিনাক্ত কৰা হয়। পৰৱৰ্তী পৰ্যায়ত জিলা স্বাস্থ্যকর্মী দলে জটিল গৰ্ভাৱস্থাৰ গৰ্ভৱতী মহিলাসকলক প্রয়োজন সাপেক্ষে স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে পুনঃনিৰীক্ষণ কৰিব। যক্ষ্মা ৰোগৰ পৰীক্ষা কৰা ১৮২ গৰাকী লোকৰ ভিতৰত দুগৰাকী যক্ষ্মা ৰোগত আক্ৰান্ত বুলি চিনাক্ত কৰা হয়। চকু পৰীক্ষা কৰা ৫৮৩ গৰাকী লোকৰ ভিতৰত ২০৬ গৰাকীৰ বিভিন্ন চকুৰ ৰোগৰ সমস্যা থকা বুলি চিনাক্ত কৰা হয়। ইয়াৰে ৬৫ গৰাকী ৰোগী চকুত ছানি পৰা, ৯৭ গৰাকী ৰোগীৰ দৃষ্টিশক্তি কম/অস্পষ্ট দৃষ্টিশক্তি আৰু ৭৫ গৰাকী ৰোগী অন্যান্য চকুৰ সমস্যাত ভুগি আছে। যোৱা আগষ্ট মাহৰ ২০ তাৰিখে অনুষ্ঠিত হোৱা বিশেষ স্বাস্থ্য শিক্ষিত দহখন জিলাৰ ৩১ গৰাকী লোকক মুখগহ্বৰৰ কৰ্কট ৰোগত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছিল।