‘ৰাম বুটান’ এতিয়া অসমতো উপলব্ধ
অনলাইন বাৰ্ত্তাসেৱা- গোৱালপাৰা জিলাৰ দুধনৈৰ নিকটৱৰ্তী বাকাইটাৰী গাঁৱৰ যুৱ তথা উদ্যমী কৃষক ‘কুঁহিপাত নাৰ্ছাৰী’ৰ স্বতাধিকাৰী কংকণ শৰ্মা এবিধ সুস্বাদু তথা ঔষধি গুণসম্পন্ন ফলৰ খেতিৰ পৰীক্ষামূলক আৰম্ভণিৰে কৃষি খণ্ডলৈ এক নতুন সম্ভাৱনা কঢ়িয়াই আনি চৰ্চালৈ আহিছে।‘ৰাম বুটান’নামৰ এই ফলবিধৰ বৈজ্ঞানিক নাম হʼল(Nephelium Lappaceum)। মূলতঃ ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত উৎপত্তি হোৱা এইবিধ ফলৰ খেতি দক্ষিণ এছীয় দেশ ম্যানমাৰ, থাইলেণ্ড, শ্রীলংকা, ফিলিপাইনন্স, ছিংগাপুৰ আদি দেশসমূহৰ লগতে ভাৰতবৰ্ষৰ কেৰালাত প্ৰচুৰ পৰিমাণে কৰা হয়। অসমত সম্ভৱতঃ কংকণ শৰ্মাই ‘ৰাম বুটান’ ফলৰ খেতি আৰম্ভ কৰা প্ৰথমগৰাকী খেতিয়ক। অসমৰ জলবায়ুৰ লগত খাপ খাই পৰা তথা অসমৰ ৰাইজৰ বাবে অপৰিচিত এইবিধ ফলৰ খেতি প্রতিবিঘা ভূমিত প্রায় এশ জোপাকৈ ৰব পাৰি। কংকণ শৰ্মাই এইবিধ ফলৰ পুলি ২০১৭ চনত কেৰালাৰ পৰা আনি ৰুইছিল। বছৰটোৰ নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহৰ ভিতৰত ৰোপণ কৰা পুলিবোৰত প্ৰায় তিনিবছৰ পাছতেই ফল লাগিবলৈ আৰম্ভ কৰে আৰু আগষ্ট মাহৰ পৰা পকিবলৈ আৰম্ভ কৰে।
(RT)