ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ ৮২ বছৰ বয়সত মৃত্যু

pc- republicworld

ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ ৮২ বছৰ বয়সত মৃত্যু

অনলাইন বাৰ্ত্তাসেৱা-  ৰামায়ণত ৰাৱণৰ চৰিত্ৰৰ বাবে সৰ্বাধিক পৰিচিত অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ মঙলবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বুলি তেওঁৰ ভতিজা কৌস্তুভ ত্ৰিবেদীয়ে কয়। মৃত্যুৰ সময়ত  তেওঁৰ বয়স আছিল ৮২ বছৰ। ত্ৰিবেদীৰ ৰামায়ণৰ সহ-অভিনেতা সুনীল লাহৰীয়ে ইনষ্টাগ্ৰামত বাতৰিটো শ্বেয়াৰ কৰি লিখিছিল, “মই নিৰ্বাক,  মই পিতৃতুল্য , পথপ্ৰদৰ্শক, শুভাকাংক্ষী আৰু এজন ভদ্ৰলোকক হেৰুৱালোঁ।”