ৰামানুজনৰ টোকা বহী
কুৰি শতিকাৰ গণিতৰ ইতিহাসৰ এটি অবিস্মৰণীয় নাম শ্ৰী নিবাস ৰামানুজন। মাত্ৰ একুৰি তেৰ বছৰীয়া জীৱনকালতে এই জনা ভাৰতীয় গণিতজ্ঞই গণিত জগতত আলোড়নৰ সৃষ্টি কৰি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গণিতজ্ঞ হিচাপে স্বীকৃতি লাভ কৰে।
১৮৮৭ চনত জন্ম লাভ কৰা ৰামানুজনে ১৯০৪ চনত গৱৰ্ণমেণ্ট কলেজত পঢ়িবলৈ বৃত্তি লাভ কৰিছিল যদিও গণিতৰ বাদে আন বিষয়বোৰ আওকাণ কৰি কেৱল গণিত বিষয়তে মন প্ৰাণ ঢালি দিয়া বাবে তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল। তথাপিও তেওঁ গণিতৰ অনুসন্ধান কাৰ্য চলাই গৈছিল। ব্ৰিটিছ গণিতজ্ঞ অধ্যাপক গডফ্ৰে হেৰল্ড হাৰ্ডিৰ আমন্ত্ৰণ আৰু পৰামৰ্শত ১৯১৪ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত মাদ্ৰাজৰ পৰা তেওঁ কেমব্ৰিজলৈ যাত্ৰা কৰে । ইংলণ্ডত প্ৰায় পাঁচ বছৰ থকাৰ পিছতে তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাত স্বদেশলৈ ঘূৰি আহে আৰু ১৯২০ খ্ৰীষ্টাব্দৰ ২০ এপ্ৰিল তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
কেমব্ৰিজত থকা কালছোৱাত ৰামানুজনে ২৭ খন অতি উচ্চ খাপৰ গৱেষণা পত্ৰ প্ৰকাশ কৰে।
অতি দাৰিদ্ৰ্য আৰু চৰম দুৰ্দশাৰ মাজত থকা ৰামানুজনৰ অংক কৰিবলৈ প্ৰয়োজন হোৱা কাগজৰো অভাৱ হৈছিল। তেওঁক দৈনিক প্ৰায় সত্তৰ খিলা ডাঙৰ কাগজত অংক বোৰ কৰিছিল। সেই সময়ত তেওঁ পেলনীয়া কাগজৰ টুকুৰাও বাদ দিয়া নাছিল ।
তেওঁৰ গণিত সৃষ্টিৰ অধিকাংশ কেইখনমান টোকা বহী ত এৰি থৈ গৈছে। তেওঁ এই টোকা বহী হাইস্কুলৰ ছাত্ৰ হৈ থকা অৱস্থাৰ পৰাই ব্যৱহাৰ কৰিছিল। বৰ্তমানলৈকে ৰামানুজনৰ মুঠ চাৰিখন টোকা বহীৰ বিষয়ে জানিবলৈ পোৱা গৈছে। প্ৰথম খন টোকা বহী তেওঁ বিশেষ ধৰণৰ সেউজীয়া চিয়াঁহীৰে লিখিছিল। ৩৫২ পৃষ্ঠাৰ দ্বিতীয় খন টোকা বহীত গাণিতিক সূত্ৰ কিছুমানৰ সংক্ষিপ্ত প্ৰমাণ দি গৈছে। মাত্ৰ ৩৩ পৃষ্ঠাৰ তৃতীয় খন টোকা বহীত ৰামানুজনৰ সংখ্যা তত্ত্ব সম্বন্ধীয় বহু মনোৰম আৰু মূল্যৱান আৱিষ্কাৰ আছে। ইয়াত কেৱল ২,৩,৫ আৰু ৭ মৌলিক উৎপাদক হিচাপে থকা ১২,০০৫ টা স্বাভাৱিক সংখ্যাৰ উল্লেখ আছে। তেওঁৰ এই কাৰ্যই সকলোকে অভিভূত কৰি তুলিছিল। তেওঁৰ টোকা বহীত সন্নিবিষ্ট বৃহৎ সংখ্যক অভেদ, সূত্ৰ আৰু উপপাদ্য ৰ সত্যাপন হ’বলৈ এতিয়াও বাকী আছে। কিছুমানৰ বিশ্লেষণাত্মক অধ্যয়নৰ ফলত আধুনিক গণিতৰ নতুন মনোৰম উপ শাখাৰ সৃষ্টি হৈছে।
ৰামানুজনে কৈছিল যে তেওঁ গণিতৰ সূত্ৰ বোৰৰ সপোন দেখিছিল; সাৰ পাই সেইবোৰ লিখি পেলাইছিল আৰু তাৰ পাছত প্ৰমাণ কৰিছিল। কোনো কোনোৰ মতে তেওঁ দৈৱিক চিন্তা শক্তিৰ অধিকাৰী অসাধাৰণ প্ৰতিভাসম্পন্ন গণিতজ্ঞ। এনে এজন উচ্চখাপৰ সৃজনী শক্তি সম্পন্ন গণিতজ্ঞ ৰামানুজন সদায়েই স্মৰণীয় হৈ ৰʼব।
বন্দিতা শৰ্মা কন্দলি