ৰামধেনু- ৰাজলক্ষ্মী বৰঠাকুৰ

pc Unsplash

ৰামধেনু

সাতৰঙেৰে বোলোৱা ৰামধেনু
নীলিম আকাশত উজলি উঠা
ঘোৰ অমানিশা আঁতৰাই ,
চৌদিশ পোহৰেৰে উপচাই দিয়া
তুমি যেতিয়া নিঃ সংগতাক সাবটিবা
মই শব্দ হৈ পৰশিম … .
তোমাৰ উমাল বুকুত
নৱবর্ষৰ শুভ লগনত যাচিলোঁ তোমাক
হিয়াৰ একাঁজলি মৰমও শুভকামনা ।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট