ৰাণীৰ জৰাশালত দুষ্কৃতিকাৰীয়ে কাটিলে মূল্যবান শাল চেগুন গছ
ৰাইজৰ মাজত প্ৰতিক্ৰিয়া/বনবিভাগৰ কাণসাৰ নাই
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ চেচা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত জৰাশালত দুস্কৃতিকাৰীয়ে কাটিলে মূল্যবান শাল, চেগুন। এনে মূল্যবান শাল চেগুনৰ গছ গছনি কটাক লৈ অঞ্চলটোত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো এই ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জৰাশালৰ আশে পাশে আছে নালাপাৰা, জয়পুৰ,চেচা আৰু শুকুৰবেৰীয়া এই চাৰিটাকৈ খণ্ড বন কাৰ্যালয়। চাৰিটাকৈ খণ্ড বন কাৰ্যালয়ৰ মাজতে থকা এই জৰাশালত কেনেকৈ দুষ্কৃতিকাৰীয়ে এই মূল্যবান গছ গছনি কাটিবলৈ সুযোগ আৰু সুবিধা পালে তাক লৈ অঞ্চলটোৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। দুস্কৃতিকাৰীৰ ইমানেই প্ৰতাপ যে এই শাল চেগুনৰ গছ গছনি কাটি চিন মোকাম নোহোৱা কৰিবৰ বাবে গছ গছনিৰ মূৰটোত জুই লগাই দিয়ে। আনকি এই চেচা,নালাপাৰা,জয়পুৰ আৰু শুকুৰবেৰীয়া অঞ্চলটোৰ ওপৰেৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ বুলি অহা বিমান অৱতৰণৰ সময়তে চোৰাং কাঠৰ কাৰবাৰীয়ে এই গছ গছনিসমূহ কাটি বগৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। কিয়নো বিমান অৱতৰণৰ সময়ত এই গছ গছনি কাটি বগৰাই দিলে গছ কটা শব্দ দূৰলৈ নাযায়। এই সুবিধা গ্ৰহণ কৰিয়েই তথা বনাঞ্চলিক কাৰ্যালয়ৰ একাংশ পুৰণি বনকৰ্মীক মেনেজ কৰি এই গছ গছনি সমূহ কাটি অহাৰ অভিযোগ উত্থাপন হৈছে। নামত অঞ্চলটো বনকৰ্মীৰ ঘাটি হৈ পৰা স্বত্বেও দুষ্কৃতিকাৰীৰ কৱলৰ পৰা এই গছ গছনিসমূহ ৰক্ষা কৰিব পৰা নাই। আৰু অঞ্চলটোৰ এই গছ গছনি কাটি অসম মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ কাঠৰ মিললৈ সৰবৰাহ কৰে দুষ্কৃতিকাৰীয়ে। এনে ঘটনাত সচেতন ৰাইজে আক্ষেপ প্ৰকাশ কৰি কয়-অঞ্চলটোত বৰ্তমান ৰক্ষকেই ভক্ষক হৈ পৰিছে। একাংশ চোৰাংকাঠৰ কাৰবাৰীৰ সৈতে বনকৰ্মীৰ থকা মধুৰ সম্পৰ্কৰ বাবে বনকৰ্মীয়ে কোনো ব্যবস্থা গ্রহণ কৰিবলৈ সক্ষম নহয়। মুঠতে অঞ্চলটোত চলা এই বন ধ্বংসৰ বিষয়টো ৰাজ্যৰ বনবিভাগে কি হিচাপে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। এইক্ষেত্ৰত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া ৰোজী বৰ্মনে এই অঞ্চলটোৰ দুস্কাৰ্যবোৰৰ পিনে চকু দিবলৈ আহৰী পাবনে বুলি প্ৰশ্ন তোলে।