ৰাজ্যৰ বিভিন্ন জিলাৰ উপায়ুক্তসকলৰ সৈতে এখন সন্মিলনত মিলিত হ’ব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ জিলাসমূহৰ প্ৰশাসনীয় বিভিন্ন দিশ আৰু উন্নয়নমূলক আঁচনি ৰূপায়ণ সম্পৰ্কে পৰ্য্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন জিলাৰ উপায়ুক্তসকলৰ সৈতে এখন সন্মিলনত মিলিত হ’ব। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এই সন্মিলনত প্রশাসনিক সংস্কাৰ বিষয়টো আলোচনা কৰা হ’ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কোৱিডৰ প্ৰাদুৰ্ভাৱৰ সময়ছোৱাতো জিলা উপায়ুক্তসকলৰ সৈতে ভি ডি অ কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈছিল। ড০ শৰ্মাই যোৱা বছৰৰ আগষ্টত ডিফুত অনুষ্ঠিত উপায়ুক্তসকলৰ সন্মিলনতো অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সমগ্ৰ প্ৰশাসনীয় ব্যৱস্থাটো জনমুখী কৰাৰ বাবে ই-প্ৰশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। জনসাধাৰণে যাতে নিজৰ অঞ্চলৰ সমস্যাসমূহৰ সমাধানৰ বাবে কাৰ্য্যালয়লৈ নহাকৈ অনলাইন ব্যৱস্থাৰে প্ৰচেষ্টা চলাব পাৰে সেই উদ্দেশ্য আগত ৰাখি প্ৰশাসনীয় ব্যৱস্থাটোৰ ৰূপান্তৰ সাধনৰ প্ৰয়াস কৰা হৈছে। ড০ শৰ্মাই আজি উপায়ুক্তসকলৰ সৈতে প্ৰশাসনৰ এনেবোৰ দিশ সম্পর্কে মত বিনিময় কৰাৰ সম্ভাৱনা আছে।