ৰাজ্যৰ বানপানীৰ সমস্যা আৰু ৰাইজ-চৰকাৰৰ দ্বায়বদ্ধতা- মানসী মিশ্ৰ

Pc The Hindu

ৰাজ্যৰ বানপানীৰ সমস্যা আৰু ৰাইজ-চৰকাৰৰ দ্বায়বদ্ধতা

মানসী মিশ্ৰ

সভ্যতা সংস্কৃতি বহুদূৰ বাট আগুৱাই গৈছে। তথ্য প্ৰযুক্তিৰে সমৃদ্ধ আমি সকলোৰে , কিন্তু কোনোবা খিনিত আমি আজিও অসহায় হওঁ । প্ৰকৃতিৰ ওচৰত পৰাভূত হওঁ আমি । হয় , তথ্য প্ৰযুক্তিৰ বিকাশেও অৱশেষত গৈ প্ৰকৃতিক ৰুধিব নোৱাৰে । ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিয়ে সেই কথাৰেই প্ৰমাণ দাঙি ধৰিছে । ৰাজ্যখনৰ চৌপাশে পষেকজুৰি হাঁহাকাৰ অৱস্থা নেৰানেপেৰা বৰষুণৰ পিছত ৰাজ্যৰ মাত্ৰ কেইখন মান জিলাক বাদ দি বেছিভাগ অঞ্চলতে বানপানীৰ সংহাৰী ৰূপ, এক প্ৰকাৰ বানপানীৰ তাণ্ডৱ বুলি কলেও হয়তো বঢ়াই কোৱা নহব । নেৰানেপেৰা বৰষুণে প্ৰথমেই বুৰাই পেলাইছিল ৰাজধানী মহানগৰী গুৱাহাটীক । মহানগৰীৰ প্ৰায়বোৰ মূখ্য এলেকাৰ পথ উপপথবোৰ পানীৰ তলত আছিল । মহানগৰীৰ কেইবাটাও অঞ্চলত তিনি চাৰিদিনৰ বাবে বিদ্যুত সংযোগ ব্যাহত কৰি ৰাখিব লগীয়া হৈছিল । বানপানীৰ লগতে ভূমিস্খলন । নেৰা়নেপেৰা বৰষুণত পাহাৰৰ মাটি খহি শোৱা পাটীতে পাঁচজন লোকে অকাল মৃত্যুক সাৱটি লবলগীয়া হৈছিল । মহানগৰীৰ বুকুত বাস কৰিয়েই বহুলোকৰ শিবিৰলৈ যাব লগীয়া অৱস্থা হৈছিল , তিনি চাৰিদিনলৈ গৃহ বন্দী হৈ থাকিব লগীয়া পৰিস্থিতি হল । ইয়াৰ পিছতেই সমগ্ৰ ৰাজ্যতে বানপানীৰ তাণ্ডৱ আৰম্ভ হল । জীৱকুল এক ভয়াবহ পৰিস্থিতিৰ মুখামুখি হবলগীয়া হল । কেইবাজনো লোককবানপানীয়ে উটুৱাই লৈ যোৱাৰ অকাল মৃত্যুক সাৱটি লবলগীয়া হ’ল ।পশুধনৰ কিমান হানি বিঘিনি হল তাৰ কোনো লেখজোখ নাই । সকলো ফালে পানীয়েই পানী । ৰাষ্টাত ঘৰৰ ভিতৰত একঁকাল , এবুকুলৈকে পানী কিন্তু ইয়াৰ মাজতে খাবলৈ খোৱা পানী টুপিৰ অভাৱ । সৰহভাগ লোকেই আশ্ৰয় শিবিৰলৈ যাবলগীয়া হৈছে । পথাৰখনত হব ধৰা ফচলখিনিও জহি খহি গ’ল । এইদৰে আমি প্ৰতিটো বাৰিষাৰ বতৰলৈ যদি মনত পেলাই চাওঁ তেন্তে মনলৈ উভতি আহিব যে প্ৰতিটো বৰ্ষতে বানপানীৰ তাণ্ডৱে আমাৰ ৰাজ্যবাসীক জুৰুলা কৰিছে । হয়তো কোনোবাটো বৰ্ষ এই বানপানীৰ প্ৰকোপ তুলনামূলক ভাৱে কম আৰু কোনোবাটো বছৰ ইয়াৰ প্ৰকোপ ভয়াৱহ ধৰণে অধিক । প্ৰতিটো বৰ্ষতে বহুসংখ্যক পশুধনৰ উপৰিও কেইবাগৰাকী ব্যক্তিয়ে অকাল মৃত্যু সাৱটিবলগীয়া হব । দীৰ্ঘদিনলৈ আশ্ৰয় শিবিৰত অতি কষ্টকৰ জীৱন পাৰ কৰি বানপানীয়ে বিধ্বস্ত কৰি পেলোৱা নিজৰ ঘৰখনলৈ যেতিয়া উভতি আহে তেতিয়া শূণ্যতাৰ বাহিৰে আন একোকে দেখা নাপায় । বহু পৰিয়ালত ঘৰুৱা আচবাব পত্ৰ, ফাৰ্ণিচাৰ,বাচন বৰ্তন কাপোৰ কানিকে ধৰি আৱশ্যকীয় সামগ্ৰী বানপানীয়ে উটুৱাই লৈ যায় । আনকি জীৱন আটাইতকৈ মূল্যৱান বুলি বিবেচনা কৰি অহা বিভিন্ন পৰীক্ষাৰ মাৰ্কশ্বীট,চাৰ্টিফিকেট সমূহো পানীত উৱলি নষ্ট হৈ যায় । এই বানপানীৰ তাণ্ডৱে আমি নভৱাকৈ আমাৰ সামাজিক ,আৰ্থিক ,শৈক্ষিক ,বৌদ্ধিক জীৱনৰ সীমাহীন ক্ষতি কৰি আহিছে । সাধাৰণতে অসমৰ প্ৰায়বোৰ জিলাতে আশ্ৰয় শিবিৰ সমূহ বিদ্যালয় ,মহাবিদ্যালয় আদিত অনুষ্ঠিত কৰিবলগীয়া হয় আৰু ঈয়াৰ বাবেই ষৈক্ষিক অনুষ্ঠান সমূহ বহুদিনলৈ বন্ধ কৰি ৰাখিব লগীয়া হয় । যি সমূহৰ পৰিয়ালত বৃদ্ধলোক, বিশেষভাৱে সক্ষম ব্যক্তিৰ লগতে শিশু আৰু গৰ্ভপতী মহিলা আছে তেওঁলোকেও এই সময়ছোৱাত যথেষ্ট আলৈ আহুকালৰ সমুখীন হবলগীয়া হয় । হস্পিতালত চিকিৎসা সেৱাৰ সুবিধা থাকিলেই নহব সেই সুবিধাখিনি গ্ৰহণ কৰিব পৰাকৈ যোগাযোগ ব্যৱস্থা সূচল হৈ থাকিব লাগিব । যত যোগাযোগ , যাতায়ত ব্যৱস্থাই বন্ধ হৈ থাকে ,সেই অঞ্চলত সুবিধা থাকিও মানুহে সুবিধাখিনি গ্ৰহণ কৰিবলৈ সমৰ্থ নহয় । ছাত্ৰ –ছাত্ৰীসকলৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো যথেষ্ট ক্ষতিৰ সমুখীন হয়। একঁকাল, এবুকু পানীৰ মাজত অভিভাৱকে কোনমতেৰে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াব। এইদৰে বছৰটোত তিনি চাৰিবাৰকৈ অহা বানপানীয়ে মানুহৰ জনজীৱনৰ বিস্তৰ ক্ষতি সাধন কৰে। মানুহ ব্যক্তিগত ভাবে ক্ষতি গ্ৰহ হোৱাৰ লগে লগে মানুহৰ সামাজিক জীৱনৰো ক্ষতি হয়। এইদৰে প্ৰতিবছৰে বানপানীয়ে আমাৰ ৰাজ্যখনক জুৰুলা কৰিব বিচাৰিলে ৰাজ্যখন উন্নয়নৰ বাটত বহুদূৰ বাট পিছুৱাই হে যাব। বানপানীৰ যি দূৰ্যোগ, দূৰ্ভাৱনা ৰাইজে ভোগ কৰিব লগীয়া হয় সেয়া সম্পূৰ্ণৰূপে প্ৰাকৃতিক দুৰ্যোগ। ৰাজ্যখনৰ কোনোবাখন জিলাত বান আগতীয়াকৈ আহে, কোনোবাখনত পিছত আহে। কোনোবাখন জিলাত ভীষণ ক্ষয় ক্ষতি হয়, কোনোবাখন জিলাত সেই তুলনাত ক্ষয় ক্ষতি কিছু কম পৰিমাণে হয়। ঠিক একেদৰে বৰষুণৰ ফলত ৰাজধানী মহানগৰী গুৱাহাটীকে ধৰি অন্যান্য নগৰ চহৰ সমূহতো যি এক যন্ত্ৰণাদায়ক পৰিবেশ পৰিস্থিতিৰ উদ্ভৱ হয় সেয়া ভুক্ত ভোগীয়েহে উপলব্ধি কৰিব পাৰে। গতিকে আমি বানপানীৰ সময়ত আমি ইজনে আনজনক অথবা এখন জিলাই অন্য এখন জিলাক উপহাস, ইতিকিং কৰাতকৈ আমি পৰস্পৰে পৰস্পৰক সহায় সহযোগিতা আগবঢ়াবলৈ আগবাঢ়ি আহিব লাগে। এইয়া আমাৰ সকলোৰে সমূহীয়া সমস্যা বুলি ভাবিব লাগে। সকলো ৰাইজে যাতে এই সম্ভাব্য বিপদৰ পৰা হাত সাৰিব পাৰে তাৰ বাবে চিন্তা কৰিব লাগিব। নগৰ অঞ্চলত বৰষুণৰ পানীৰ জৰিয়তে হোৱা বানে যিদৰে আমাৰ ৰাইজক জুৰুলা কৰিছে সেই সমস্যাটোৰ পৰা বহু পৰিমানে পৰিত্ৰাণ পাবলৈ জনসাধাৰণ নিজেও সজাগ হোৱাটো খুৱেই প্ৰয়োজন। প্ৰতিখন নগৰ চহৰ এলেকাৰ নলা নদৰ্মাসমূহৰ পৰা পানী ওলাই যাব পৰাৰ সুব্যৱস্থা নোহোৱাৰ বাবেই এজাক ডাঙৰ বৰষুণ অহাৰ লগে লগে একো একোটা বৃহৎ এলেকা জলমগ্ন হৈ পৰে আৰু ৰাইজে জিয়াতু ভুগিব লগীয়া হয়। আমি চহৰ নগৰ এলেকাত বাস কৰা প্ৰতি গৰাকী নাগৰিকে যদি নিজৰ ঘৰ খনত জমা হোৱা জাবৰৰ টোপোলাটো এলাহতে ঘৰৰ সমূখৰ নৰ্দমাটোত পেলাই দিয়াৰ পৰিবৰ্তে কিছু দূৰ গৈ হ’লেও ডাষ্টবিনত পেলোৱাটো নিশ্চিত কৰোঁ, আমি নিশ্চয় বৰষুণৰ ফলত হোৱা সাগৰ সদৃশ পৰিবেশৰ পৰা নিজৰ নগৰ চহৰখনক বচাই ৰাখিব পাৰিম বহু পৰিমাণে। একৈশ শতিকাত বাস কৰা নাগৰিক সকলে এইটো চিন্তা কৰিব পাৰিব লাগে যে জাৱৰৰ পেকেট টো ডাষ্টবিনত পেলোৱা পৰিৱৰ্তে নিজৰ পদূলিৰ সমুখৰ ৰাষ্টাটোৰ থকা নৰ্দমা টোত পেলাবলৈ গলে যে নিজৰেই ভীষণ ক্ষতি হয়। নিজে বাস কৰি থকা এলেকাটোক পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব প্ৰতিগৰাকী নাগৰিকৰে থাকে ৰাইজে এই প্ৰক্ৰিয়াটোৰ লগত সহযোগিতা আগবঢ়োৱাৰ পৰিবৰ্ত্তে কেৱল মাত্ৰ চৰকাৰখনক সমালোচনা কৰি থাকিলে সমস্যাটোৰ সমাধান কৰিব নোৱাৰি।ঠিক একেধৰণে প্ৰতিটো বছৰতে ৰাজ্যৰ বানপৰিস্থিতিৰ দূৰ্দশা গ্ৰস্ততাৰ জনসাধাৰণক বচাই ৰাখিবলৈ চৰকাৰখনেও যথেষ্ট সজাগ সচেতন হব লাগিব। কিয়নো প্ৰতিটো বর্ষতে দুখজনকভাৱে বহু মানুহ আৰু পশুধনৰ মৃত্যু হৈ আহিছে। খেতিবাতি, ভেটিমাটি সকলো উচন হৈ যায়। বানপানীৰ এই তাণ্ডৱৰ সময়ছোৱাত আটাইতকৈ জটিল পৰিস্থিতিৰ সন্মুখীন হয় যি সমূহ পৰিয়ালত বৃদ্ধলোক, ৰুগীয়া লোক, শিশু আৰু গৰ্ভৱতী মহিলা আছে। গতিকে বানপৰিস্থিতিয়ে ভয়াবহ ৰূপ লোৱাৰ আগতেই বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা এইসকললোকক উপযুক্ত নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাটো খুৱেই প্ৰয়োজন। ইয়াৰ লগতে স্বাস্থ্য বিভাগৰ যোগেদি এম্বুলেঞ্চ সেৱা, প্ৰয়োজনীয় ঔষধ পাতি মজুত ৰাখিব লাগে। চৰকাৰী ভাবে আমাৰ বানপানী অধ্যুষিত এলেকাসমূহত পৰিবহন ব্যৱস্থাটো অৰ্থাৎ নাও, মেচিন নাও আদি পৰ্য্যাপ্ত পৰিমাণে ৰখাৰ ব্যৱস্থা কৰিব লাগে । যি সমূহ শিবিৰত ৰখা হয় , সেই সমূহত অত্যাৱশ্যকীয় খাদ্য সমাগ্ৰী আৰু বিশুদ্ধ খোৱা পানী টুপিৰ পৰা যাতে ৰাইজ বঞ্চিত নহয় তাৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন । শিবিৰসমূহত যিহেতুকে বৃদ্ধ , শিশু, ৰুগীয়া ব্যক্তি , গৰ্ভৱতী মহিলা নৱজাতকৰ মাতৃ থাকেই গতিকে তেওঁলোকক তাৎক্ষণিক ভৱে চিকিৎসা সেৱাৰ প্ৰয়োজন হ’ব পাৰে , সেইবাবে চিকিৎসক , নাৰ্চ ,চিকিৎসা কৰ্মীৰ দ্বাৰা গঠিত যাতে শিবিৰসমূহত স্বাস্থ্য সোৱা প্ৰদান কৰাটো চৰকাৰৰ স্বাস্থ্য বিভাগে নিশ্চিত কৰিব লাগে ।
আমি সকলোৱে জ্ঞাত বাৰিষা কালত বানপানী এক প্ৰাকৃতিক দূৰ্যোগ । প্ৰাকৃতিক দূৰ্যোগৰ ওপৰত মানুহৰ কোনো হাত নাথাকে আমি যিমানেই বিজ্ঞান প্ৰযুক্তিৰ দিশেৰে আগ নাবাঢ়ো কিয় । বৰষুণ , ধুমুহা, গাজনি আদিক কোনেও ৰোধ কৰিব নোৱাৰে । কিন্তু বানপানীৰ সময়ত হব পৰা সম্ভাব্য ক্ষয় ক্ষতি আমি বহলাংশে লাঘৱ কৰিব পাৰোঁ যদিহে আমি বৰ্ষাকালীনসময় আৰু বানপানীৰ আগে পাছে সচেতন হব পাৰোঁ । বানপানী হৈ যোৱাৰ পাছতো মানুহৰ জীৱন শৈলিক পুনৰ স্বাভাৱিক অৱস্থালৈ ওভোতাই আনিবলৈ আমাৰ যথেষ্ট কৰণীয় আছে । এইক্ষেত্ৰত আমাৰ নিজৰ লগতে সমাজখনক ৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাইজ আৰু চৰকাৰ উভয়ৰে সামাজিক দ্বায়বদ্ধতা আছে ।