ৰাজ্যৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ মৃত্যু

Pc Northeast Now

ৰাজ্যৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ ৫২ বছৰ বয়সত মৃত্যু। প্ৰশাসনিক বিষয়াজনৰ মালিগাঁওস্থিত স্বাগত ছুপাৰস্পেচিয়েলিটী হাস্পতালত দিনৰ ২ বাজি ৩০ মিনিটত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে হাস্পতাল কৰ্তৃপক্ষই। উল্লেখ্য, কেইবাটাও ৰোগত আক্ৰান্ত হৈ বিগত ২২ জুলাইৰ পৰা চিকিৎসাধীন হৈ আছিল বিষয়াজন। বিষয়াজনৰ অকাল মৃত্যুত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গভীৰ শোক প্ৰকাশ কৰে।