ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ।ৰাজ্য চৰকাৰে অহা জুলাই-আগষ্ট মাহৰ ভিতৰত পুনৰ ২৫ হাজাৰ পদৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব। বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে ক্ষমতালৈ আহিলেই এটা বছৰৰ ভিতৰতে এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ২০২১ চনৰ ১০ মে’ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ মুহূৰ্তৰ পৰাই সেই প্ৰতিশ্ৰুতি কাৰ্যকৰীকৰণৰ দিশত অগ্ৰসৰ হয়। প্ৰথম বছৰটোত এক লাখ নিযুক্তি সম্পূর্ণ কৰিব নোৱাৰিলে যদিও দ্বিতীয় বৰ্ষপূর্তিৰ মুহূৰ্তত চৰকাৰে একপ্ৰকাৰ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হয়। এই সম্পৰ্কত ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়ালৈ চৰকাৰে ৮৭ হাজাৰ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিবলৈ সক্ষম হৈছে। অহা জুলাই-আগষ্ট মাহত পুনৰ ২৫ হাজাৰ পদত নিযুক্তি দিয়াৰ বাবে চাকৰিৰ বিজ্ঞাপন প্রকাশ কৰিব। পুনৰ ২৫ হাজাৰ পদত নিযুক্তি হোৱাৰ লগে লগে চৰকাৰী পদত নিযুক্তিপ্রাপ্তৰ সংখ্যা এক লাখৰ সীমা অতিক্ৰম কৰি ১,১২,০০০ৰ সংখ্যা স্পৰ্শ কৰিব। ইয়াৰ উপৰি সময়ে সময়ে আৰক্ষী, কমাণ্ডো বেটেলিয়ন আদিত চাকৰি ওলাই থাকিব বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে। ইপিনে চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে ব্যৱসায়-বাণিজ্য, উদ্যোগ স্থাপনৰ জৰিয়তে নিবনুৱাসকলক সংস্থাপনৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্রহণ কৰিছে বৰ্তমানৰ চৰকাৰখনে। এই সম্পৰ্কত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে দুটা বছৰত চৰকাৰে মুঠ দুই লাখ নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে প্রত্যেককে দুই লাখ টকাকৈ প্ৰদান কৰিব। প্ৰথম বছৰত এক লাখ যুৱক-যুৱতীক দুই লাখ টকাকৈ প্ৰদান কৰিব। দ্বিতীয় বছৰত পুনৰ এক লাখ যুৱক- যুৱতীক দুই লাখ টকাকৈ প্ৰদান কৰি আত্মসংস্থাপনৰ ব্যৱস্থা কৰিব। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ এই ঘোষণাই নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত যে যথেষ্ট আশাৰ বাতৰি কঢ়িয়াই আনিছে, সেয়া নিশ্চিত।