ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাক

ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাক

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক মৰ্যাদাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ বিদায় জনোৱা হ’ল সংগীতশিল্পী সুদক্ষিণা শৰ্মাক।চৰকাৰৰ হৈ অন্তিম বিদায়ত কণ্ঠশিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনায় সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। সন্ধিয়াৰ ভাগত আনুষ্ঠানিকভাৱে  জি এম চি এইছত কৰ্তৃপক্ষই চমজি লয় সুদক্ষিণা শৰ্মাৰ নশ্বৰদেহ। ৮৯ বছৰ বয়সত মৃত্যুক সাৱটি লোৱা বিশিষ্ট কণ্ঠশিল্পীগৰাকীক শেষ বিদায় দিয়াৰ সময়ত উপস্থিত আছিল আত্মীয়, পৰিয়াল তথা শুভাকাংক্ষীসকল। শিল্পীগৰাকীৰ স্মৃতি ধৰি ৰাখিবলৈ ৰাখি থোৱা হয় তেওঁৰ পদচিহ্ন। মন্ত্ৰী বিমল বৰাই উল্লেখ কৰে যে তেওঁৰ সংগীত আৰু সৃষ্টিৰাজি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ চিন্তা কৰিব চৰকাৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এনাটমী বিভাগক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ। ওৰেটো জীৱন সমাজ আৰু সংস্কৃতিৰ কথা চিন্তা কৰা শিল্পীগৰাকীয়ে মৃত্যুৰ পিছতো মৰণোত্তৰ দেহদানে দেখুৱাই যোৱা আদৰ্শৰ শলাগ লয় সকলোৱে।